ছন ক’নাৰী
| ছাৰ ছন ক’নাৰী | |
|---|---|
১৯৬৪ চনত ক’নাৰী | |
| জন্ম | থমাছ ছন ক’নাৰী ২৫ আগষ্ট, ১৯৩০ এডিনবাৰা, স্কটলেণ্ড |
| মৃত্যু | ৩১ অক্টোবৰ, ২০২০ (৯০ বছৰ) লাইফৰ্ড কে, বাহামাছ |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় |
|
| দাম্পত্যসঙ্গী |
|
| সন্তান | জেছন ক’নাৰী |
| আত্মীয়-স্বজন | নীল ক’নাৰী (ভাই) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | নাইট ব্যাচেলৰ (২০০০) |
| স্বাক্ষৰ | |
| ৱেবছাইট | |
| seanconnery | |
ছাৰ থমাছ ছন ক’নাৰী (২৫ আগষ্ট ১৯৩০ – ৩১ অক্টোবৰ ২০২০) এজন স্কটিছ অভিনেতা আছিল। তেওঁ কাল্পনিক ব্ৰিটিছ গুপ্তচৰ জেম্ছ বণ্ড চলচ্চিত্ৰৰ প্ৰথম অভিনেতা আছিল। তেওঁ ১৯৬২ ৰ পৰা ১৯৮৩ লৈকে সাতখনকৈ বণ্ড চলচ্চিত্ৰত জেম্ছ বণ্ডৰ চৰিত্ৰত অভিনয় কৰিছিল।[1][2][3] ক’নাৰীয়ে এই ভূমিকাখন প্ৰথমবাৰলৈ ১৯৬২ চনৰ ড. নো নামৰ চলচ্চিত্ৰত পালন কৰিছিল, আৰু তাৰ পাছত ফ্ৰ’ম ৰাছিয়া উইথ লভ (১৯৬৩), গ'ল্ডফিংগাৰ (১৯৬৪), থাণ্ডাৰবল (১৯৬৫), ইউ অনলি লাইভ টুইচ (১৯৬৭) আৰু ডায়মণ্ডছ আৰ ফৰ এভাৰ (১৯৭১) নামৰ ই’ন প্ৰডাকশ্বনছৰ চলচ্চিত্ৰসমূহত অভিনয় কৰিছিল। তেওঁ ১৯৮৩ চনৰ নেভাৰ চে নেভাৰ এগেইন (যি ই’ন প্ৰডাকশ্বনৰ নহয়) চলচ্চিত্ৰখনত জেম্ছ বণ্ড হিচাপে অন্তিমবাৰৰ বাবে অভিনয় কৰিছিল।
ক’নাৰী আলফ্ৰেড হিচকক, চিডনী লুমেট আৰু জন হাষ্টনৰৰ দৰে পৰিচালকৰ সৈতে কাম কৰাৰ বাবে জনাজাত। তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত আছে মাৰ্নি (১৯৬৪), দ্য হিল (১৯৬৫), দ্য অফেন্স (১৯৭৩), মাৰ্ডাৰ অন দ্য অৰিয়েণ্ট এক্সপ্ৰেছ (১৯৭৪), আৰু দ্য মেন হু উড বি কিং (১৯৭৫)। তেওঁ ৰবিন এণ্ড মেৰিয়ান (১৯৭৬), এ ব্ৰীজ টু ফাৰ (১৯৭৭), টাইম বেণ্ডিটছ (১৯৮১), হাইলেণ্ডাৰ (১৯৮৬), দ্য নেম অৱ দ্য ৰোজ (১৯৮৬), ইণ্ডিয়ানা জ’নছ এণ্ড দ্য লাষ্ট ক্ৰুছেড (১৯৮৯), দ্য হাণ্ট ফৰ ৰেড অক্টোবৰ (১৯৯০), ড্ৰেগনহাৰ্ট, দ্য ৰক (উভয়েই ১৯৯৬) আৰু ফাইণ্ডিং ফৰেষ্টাৰ (২০০০)। তেওঁৰ অন্তিম অন-স্ক্ৰীন ভূমিকাটো আছিল দ্য লীগ অৱ এক্সট্ৰাঅৰ্ডিনেৰী জেণ্টলমেন (২০০৩) চলচ্চিত্ৰখনত এলান কোৱাটাৰমেইন হিচাপে।
ক’নাৰীয়ে বহুতো সন্মান লাভ কৰিছিল। দ্য আনটাচেবলছ (১৯৮৭) চলচ্চিত্ৰত তেওঁৰ ভূমিকাৰ বাবে তেওঁ সৰ্বশ্ৰেষ্ঠ সহ-অভিনেতাৰ একাডেমি বঁটা লাভ কৰে, যাৰ ফলত তেওঁ প্ৰথমজন স্কটিছ অভিনেতা হিচাপে এই বঁটা লাভ কৰিছিল।[4] তদুপৰি তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বাবে গোল্ডেন গ্ল'ব বঁটা – চলচ্চিত্ৰ ছবি লাভ কৰে, আৰু দ্য নেম অৱ দ্য ৰোজ (১৯৮৬) চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বাফটা বঁটা লাভ কৰিছিল। তেওঁ ১৯৮৭ চনত চেচিল বি ডিমিল বঁটা, ১৯৯৮ চনত বাফটা ফেল’শ্বিপ[5] আৰু ১৯৯৯ চনত কেনেডি চেণ্টাৰ অনাৰ্ছ-ও লাভ কৰিছিল। ক’নাৰী ফ্ৰান্সৰ অৰ্ডাৰ অৱ আৰ্টছ এণ্ড লেটাৰ্ছৰ কমাণ্ডাৰ হিচাপে নিৰ্বাচিত হৈছিল আৰু কুইন এলিজাবেথ দ্বিতীয়ৰ দ্বাৰা ২০০০ চনৰ নিউ ইয়াৰ অনাৰ্ছত নাট্যক্ষেত্ৰত অৱদানৰ বাবে নাইটৰ উপাধিৰে বিভূষিত হৈছিল।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Harmetz, Aljean (31 October 2020). "Sean Connery, Who Embodied James Bond and More, Dies at 90". The New York Times. https://www.nytimes.com/2020/10/31/movies/sean-connery-dead.html.
- ↑ Shapiro, T. Rees (31 October 2020). "Sean Connery, first James Bond of film, dies at 90". The Washington Post. https://www.washingtonpost.com/local/obituaries/sean-connery-first-james-bond-of-film-dies-at-90/2020/10/31/6cbff0a6-1b75-11eb-82db-60b15c874105_story.html.
- ↑ "Profile: Sean Connery". BBC News. 12 March 2006. http://news.bbc.co.uk/1/hi/entertainment/4799550.stm.
- ↑ Hepburn, David (8 March 2023). "Scottish Oscar Nominees: Here are 16 Scots who have won or been nominated for an Academy Award – from Sean Connery to Peter Capaldi". The Scotsman. https://www.scotsman.com/whats-on/scottish-oscar-nominees-here-are-16-scots-who-have-won-or-been-nominated-for-an-academy-award-from-sean-connery-to-peter-capaldi-4056099। আহৰণ কৰা হৈছে: 17 October 2023.
- ↑ "100 BAFTA Moments – Sean Connery's Emotional Reaction to Receiving the BAFTA Fellowship". bafta.org. 23 January 2015. http://www.bafta.org/heritage/features/100-bafta-moments-16-days-to-go। আহৰণ কৰা হৈছে: 31 October 2020.
- ↑ "Sir Sean's pride at knighthood". BBC. http://news.bbc.co.uk/1/hi/scotland/819490.stm.