ছাউপড়ী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
নেপালত ছাউপড়ী প্ৰথা সলনি বা আঁতৰ কৰাৰ বাবে যুৱতীসকলৰ মাজত শিক্ষাৰ জৰিয়তে সজাগতা বৃদ্ধি কৰা হৈছে।

ছাউপড়ী (ইংৰাজী: Chhaupadi) নেপালৰ এক প্ৰকাৰৰ ঋতুস্ৰাৱৰ লগত জড়িত প্ৰথা বা আচাৰ। এই প্ৰথা অনুসৰি মহিলা আৰু কিশোৰীসকলৰ ঋতুস্ৰাৱৰ সময়ত স্বাভাৱিক পাৰিবাৰিক কাৰ্যকলাপত অংশগ্ৰহণ কৰাত বাধা দিয়া হয়। কিয়নো ঋতুমতী মহিলাক "অশুদ্ধ" বুলি গণ্য কৰা হয়। ছাউপড়ী মুখ্যতঃ নেপালৰ পশ্চিম অংশত প্ৰচলিত। এই সময়ত মহিলাসকলক ঘৰত বাস কৰাৰ পৰা নিষিদ্ধ কৰা হয় আৰু তেওঁলোকৰ ঋতুস্ৰাৱৰ ম্যাদৰ সময়ত গোহালি (মুখ্যতঃ নেপালৰ পশ্চিম অঞ্চলত প্ৰচলিত) বা ঋতুস্ৰাৱৰ জুপুৰী বুলি জনাজাত অস্থায়ী বাসস্থানত বাস কৰিবলৈ বাধ্য কৰোৱা হয়। নেপালত সন্তান জন্মৰ ফলতো একে ধৰণৰ আচাৰ মানি চলা হয়। ঋতুস্ৰাৱৰ সময়ত মহিলা আৰু ছোৱালীসকলক দৈনন্দিন জীৱনৰ ঘটনাত অংশগ্ৰহণ কৰা আৰু তেওঁলোকৰ সম্প্ৰদায়ৰ সৈতে বাৰ্তালাপ কৰাত বাধা আৰোপ কৰা হয়।[1]

উৎপত্তি[সম্পাদনা কৰক]

ছাউপড়ী প্ৰথা এক অন্ধবিশ্বাসৰ পৰা উদ্ভৱ হৈছে। এই অন্ধবিশ্বাস অনুসৰি ঋতুস্ৰাৱৰ ফলত মহিলাসকল অস্থায়ীভাৱে অশুদ্ধ হৈ পৰে বুলি বিশ্বাস কৰা হয়। এই অন্ধবিশ্বাস এটা পৌৰাণিক কাহিনীৰ পৰা উদ্ভৱ হৈছিল। এই কাহিনী মতে দেৱৰাজ ইন্দ্ৰয়ে নিজৰ ওপৰত থকা অভিশাপ বিতৰণ কৰাৰ উপায় হিচাপে মহিলাৰ ঋতুস্ৰাৱ সৃষ্টি কৰিছিল।[2][3] ইয়াৰ লগতে জনবিশ্বাস মতে এইটো ধাৰণা কৰা হয় যে যদি ঋতুস্ৰাৱ হোৱা মহিলায়ে গছ স্পৰ্শ কৰে, তেন্তে ই পুনৰ কেতিয়াও ফল প্ৰদান নকৰে; যদি তেওঁ গাখীৰ খায়, সেই গৰুৱে আৰু গাখীৰ নিদিয়ে; যদি তেওঁ কিতাপ এখন পঢ়ে, তেন্তে শিক্ষাৰ দেৱী সৰস্বতীৰ খং উঠিব; যদি তেওঁ এজন পুৰুষক স্পৰ্শ কৰে, পুৰুষজন অসুস্থ হ'য় ইত্যাদি।

প্ৰাথমিকভাৱে পশ্চিম নেপালৰ গ্ৰাম্য অঞ্চলত এই প্ৰথা অব্যাহত আছে যদিও ইয়াক কিছু পৰিমাণে নগৰাঞ্চলতো দেখা যায়। ইয়াক দাদেলধুৰা, বৈতাদি আৰু দৰচুলাত 'চু' বা 'বাইৰুনু', আচ্ছামত 'ছাউপড়ী', আৰু বজাং জিলাৰ 'চৌকুল্লা' বা 'চৌকুড়ী' বুলিও কোৱা হয়।[4]

বৰ্ণনা[সম্পাদনা কৰক]

এই পৰম্পৰা কিশোৰী এগৰাকীৰ প্ৰথম ঋতুস্ৰাৱৰ আৰম্ভণিৰ পৰা আৰম্ভ হয়। কিশোৰী এগৰাকীৰ প্ৰথম ঋতুস্ৰাৱৰ সময়ত তেওঁ চৈধ্য দিনলৈকে গোহালিত থাকে। তাৰ পিছত তেওঁৰ ৰজোনিবৃত্তিত উপনীত নোহোৱালৈকে প্ৰতিটো ঋতুচক্ৰৰ সময়ত গোহালি বা ঋতুস্ৰাৱৰ জুপুৰীত অতিবাহিত কৰিব লাগে। ইয়াৰ উপৰিও মহিলাসকলে সন্তান জন্ম দিয়াৰ পিছত তেওঁলোকে তেওঁলোকৰ সন্তানৰ সৈতে দুসপ্তাহলৈকে গোহালিটোত থাকিব লাগে।[5]

এই প্ৰথা মতে ঋতুস্ৰাৱ হোৱা মহিলা আৰু ছোৱালীসকল তেওঁলোকৰ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ থাকিব লাগে আৰু তেওঁলোকক ঘৰ, পাকঘৰ, বিদ্যালয় আৰু মন্দিৰত প্ৰৱেশ কৰিবলৈ নিষেধ কৰা হয়। এই সময়ছোৱাত সেইবোৰ প্ৰায়ে ঋতুস্ৰাৱৰ জুপুৰী বুলি কোৱা কাঠ বা শিলৰ পৰা তৈয়াৰ কৰা কিছুমান অস্থায়ী গৃহত তেওঁলোকক থাকিবলৈ দিয়া হয়। কিছুমান স্থানত মহিলাসকলে ঘৰৰ সৈতে সংলগ্ন এটা পৃথক কোঠাত তেওঁলোকৰ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ থাকিব পাৰে। বিশেষকৈ অব্যৱহৃত সঁজুলি ৰখা গুদাম ঘৰত তেওঁলোকক থাকিবলৈ দিয়া হয়। ইয়াত মহিলাসকলে প্ৰায়ে কেৱল এখন কম্বল লৈ মজিয়াত শোৱে।[6] তেওঁলোকে পৰিয়ালৰ সদস্যসকলক বিশেষকৈ পুৰুষ পৰিয়ালৰ সদস্যসকলক স্পৰ্শ কৰাত নিষেধ আৰু খাদ্য আৰু পানী তেওঁলোকলৈ এনেদৰে প্ৰেৰণ কৰা হয় যাতে সেয়া তেওঁলোকে স্পৰ্শ কৰিব নোৱাৰে। ঋতুস্ৰাৱ হোৱা মহিলাসকলক পৰিয়ালৰ, ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাত বাধা দিয়া হয়। ইয়াৰ লগতে মন্দিৰলৈ যোৱা বা বিয়ালৈ যোৱা, আৰু ছোৱালীসকলক বিদ্যালয়লৈ যোৱাত বাধা দিয়া হয়।[4]

ঋতুস্ৰাৱ হোৱা মহিলাসকলক গাখীৰ, দৈ, মাখন, মাংস আৰু অন্যান্য পুষ্টিকৰ খাদ্য খোৱাত বাধা দিয়া হয়। সাধাৰণতে তেওঁলোকৰ অশুদ্ধতাৰ ফলত গৰুবোৰ অসুস্থ হ'ব বুলি এইবোৰ খাদ্য তেওঁলোকক দিয়া নহয়। ঋতুস্ৰাৱৰ সময়ত সাধাৰণ আহাৰ হিচাপে শুকান খাদ্য, নিমখ আৰু চাউল দিয়া হয়। ঋতুস্ৰাৱহোৱা মহিলাসকলক সামূহিক পানীৰ উৎস ব্যৱহাৰ কৰা বা গা ধোৱা বা কাপোৰ ধোৱাৰ দৰে দৈনন্দিন কাৰ্য সম্পাদন কৰাত বাধা দিয়া হয়।[7]

ছাউপড়ীৰ সময়ত সামাজিক বিচ্ছিন্নতা স্বত্বেও মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত প্ৰায়ে পথাৰত কাম কৰিব লাগে।[8]

স্বাস্থ্য আৰু সুৰক্ষাৰ বিপদাশংকা[সম্পাদনা কৰক]

এই প্ৰথাৰ অনুশীলন কৰোঁতে মহিলাসকল একাধিক স্বাস্থ্য আৰু সুৰক্ষাৰ বিপদাশংকাৰ সন্মুখীন হয়। জুপুৰীবোৰ প্ৰায়ে দুৰ্বলভাৱে নিৰ্মাণ কৰা হয় আৰু তাপ বা বায়ু চলাচলৰ উপযুক্ত ব্যৱস্থা নাথাকে। ইয়াৰ ফলত মহিলাসকল বছৰৰ বেছিভাগ সময়ত অত্যধিক উষ্ণতাত থাকিবলগীয়া হয়। ইয়াক অনুশীলন কৰোঁতে মহিলাৰ নিউমোনিয়া বা ডায়েৰিয়াৰ দৰে ৰোগ হোৱাৰ আশংকা থাকে আৰু লগতে সাপ আৰু অন্যান্য জন্তুৰ দ্বাৰা আক্ৰমণ হোৱাৰ সম্ভাৱনাও থাকে। যদি এগৰাকী মহিলাই শীতকালত গৰম ৰাখিবলৈ কুটিটোত জুই জ্বলায় তেন্তে তেওঁ শ্বাসৰুদ্ধ হোৱাৰ আশংকা অধিক। ছাউপড়ীৰ অনুশীলন কৰোঁতে মহিলাসকলকো ধৰ্ষণ কৰা হৈছিল।[9][10][11] ইয়াৰ উপৰিও ৰাণাভাতৰ এক অধ্যয়নত নেপালৰ বৰদিয়া আৰু কাইলালি প্ৰদেশত ১২-৪৯ বছৰ বয়সৰ মহিলাৰ এই প্ৰথাৰ সময়ছোৱাত ডিচুৰিয়া আৰু জননাংগৰ খজুৱতিৰ দৰে প্ৰজনন স্বাস্থ্যজনিত সমস্যা দেখা গৈছিল।[12]

প্ৰতি বছৰে এই প্ৰথা অনুসৰণ কৰোঁতে বহুতো মহিলা আৰু কিশোৰীৰৰ মৃত্যু হয়। বিশেষকৈ নেপালৰ মধ্য-পশ্চিম অঞ্চলত সংঘটিত বহুতো মহিলাৰ মৃত্যু এই জুপুৰীবোৰৰ ব্যৱহাৰৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত। ইয়াৰ মুখ্য কাৰণবোৰৰ ভিতৰত জন্তুৰ দ্বাৰা আক্ৰমণ, বৃশ্চিক বা সাপৰ দংশন আৰু সংচাৰী ৰোগ উল্লেখযোগ্য।[13] ছাউপড়ীৰ ফলত হোৱা মৃত্যুৰ উদাহৰণস্বৰূপে:

  • ২০১০ চনৰ জানুৱাৰী মাহত ঋতুস্ৰাৱৰ জুপুৰীত ৰখাৰ বাবে ডায়েৰিয়া আৰু ডিহাইড্ৰেচনৰ ফলত এগৰাকী ১১ বছৰীয়া কিশোৰীৰ মৃত্যু হয়। তাইৰ পৰিয়াল আৰু চুবুৰীয়াসকলে তাইক চিকিৎসালয়লৈ নিবলৈ অস্বীকাৰ কৰিছিল কাৰণ তেওঁলোকে বিশ্বাস কৰিছিল যে তেওঁলোকে তাইক স্পৰ্শ কৰিলে তেওঁলোক অশুদ্ধ হৈ পৰিব।[13]
  • ২০১৬ চনৰ শেষৰ ফালে দুগৰাকী যুৱতী উশাহত ধোঁৱা গ্ৰহণ কৰাৰ বাবে কাৰ্বন মনোক্সাইডৰ বিষক্ৰিয়াৰ ফলত মৃত্যু বৰণ কৰিছিল।[14][15][16]
  • ২০১৭ চনৰ মে' মাহত ঋতুস্ৰাৱৰ জুপুৰীত বাস কৰাৰ ফলত এক গুৰুতৰ চৰ্দি সম্পৰ্কীয় ৰোগৰ ফলত লালচাৰা বিকা নামৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ মৃত্যু হৈছিল।
  • ২০১৭ চনৰ জুলাই মাহত ১৯ বছৰীয়া তুলসী শ্বাহীক ঋতুস্ৰাৱৰ জুপুৰী হিচাপে ব্যৱহাৰ কৰা গৰুৰ গোহালিত বাস কৰাৰ সময়ত "দুবাৰ, মূৰ আৰু ভৰিত" সাপে দংশন ফলত মৃত্যু হৈছিল।
  • ২০১৯ চনৰ জানুৱাৰী মাহত অম্বা বহোৰা নামৰ এগৰাকী ৩৫ বছৰীয়া নেপালী মাতৃ আৰু তেওঁৰ ৯ আৰু ১২ বছৰ বয়সৰ পুত্ৰ দুজন ঋতুস্ৰাৱৰ জুপুৰীত বাস কৰাৰ সময়ত উশাহত ধোঁৱা গ্ৰহণ কৰাৰ ফলত মৃত্যু হৈছিল।[17][18][19]
  • ২০১৯ চনৰ ফেব্ৰুৱাৰীৰ আৰম্ভণিতে ২১ বছৰীয়া পাৰৱতী বগাটি জুপুৰী ভিতৰত জুই জ্বলোৱাৰ পিছত শ্বাসৰুদ্ধ হৈ আৰু উশাহত ধোঁৱা গ্ৰহণ কৰি মৃত্যু বৰণ কৰিছিল।[20]

ছাউপড়ী বিৰুদ্ধে ৰাজহুৱা পদক্ষেপ[সম্পাদনা কৰক]

এই প্ৰথাৰ সৈতে যুঁজিবলৈ সম্প্ৰদায় আৰু সাংগঠনিক পৰ্যায়ৰ কাৰ্য বিদ্যমান।[21] ২০১৯ চনৰ জানুৱাৰী মাহত স্থানীয় কৰ্তৃপক্ষই বাজুৰাত ঋতুস্ৰাৱৰ জুপৰি ধ্বংস কৰাৰ দাবী জনাইছিল। বাজুৰা পৌৰসভাত অন্তৰ্গত এগৰাকী মহিলা আৰু তেওঁৰ দুই সৰু পুত্ৰৰ এটা এনে জুপুৰীত মৃত্যু হোৱাৰ ফলত তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ ফলত ৬০টা এনে জুপুৰী আঁতৰোৱা হয় আৰু অধিক অপসাৰণৰ বাবে টহল দিবলৈ আইন প্ৰৱৰ্তনকাৰীসকলক মোতায়েন কৰা হয়।[22]

আইন[সম্পাদনা কৰক]

২০০৫ চনত নেপালৰ উচ্চতম ন্যায়ালয়ে ছাউপড়ীক অবৈধ ঘোষণা কৰিছিল। কিন্তু নেপালৰ বহু অঞ্চলত এই পৰম্পৰা বৰ্তমানেও বৰ্তি আছে।[23] ২০১৭ চনত নেপালে ঋতুস্ৰাৱৰ সময়ত মহিলাসকলক নিৰ্বাসিত কৰিবলৈ বাধ্য কৰা লোকসকলক তিনি মাহলৈকে কাৰাবাস বা ৩,০০০ নেপালী টকাৰ জৰিমনা বিহিবলৈ শাস্তি প্ৰদান কৰি এখন আইন গৃহীত কৰিছিল। অৱশ্যে নতুন আইন কাৰ্যকৰী হোৱাৰ পাঁচ মাহলৈ অৰ্থাৎ ২০১৮ চনৰ আগষ্ট মাহলৈ ইয়াক মানি চলা সকলৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা হোৱা নাই।[24][25][26] ২০১৮ চনৰ শেষৰ ফালে দেশৰ পশ্চিম প্ৰান্তৰ জিলা চৰকাৰসমূহে এতিয়াও এই প্ৰথা মানি চলা নাগৰিকসকলক ৰাষ্ট্ৰ সমৰ্থিত সেৱা কৰ্তন কৰিবলৈ আৰম্ভ কৰি ইয়াক ৰোধ কৰিবলৈ চেষ্টা কৰিছিল।[27]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Ghimire, Laxmi (May 2005). "Unclean & Unseen". Student BMJ খণ্ড 330: 0505206. doi:10.1136/sbmj.0505206. http://student.bmj.com/search/pdf/05/05/sbmj206.pdf। আহৰণ কৰা হৈছে: December 3, 2008. [সংযোগবিহীন উৎস]
  2. Jaishankar, K. (2013). Second International Conference of the South Asian Society of Criminology and Victimology (SASCV). প্ৰকাশক Kanyakumari, Tamil Nadu, India: South Asian Society of Criminology and Victimology. পৃষ্ঠা. 142. ISBN 9788190668750. 
  3. Gupta, Gargi (Dec 6, 2015). "Menstruation and the religious taboos for women". dna. http://www.dnaindia.com/lifestyle/report-menstruation-and-the-religious-taboos-for-women-2152434। আহৰণ কৰা হৈছে: July 31, 2018. 
  4. 4.0 4.1 United Nations Resident and Humanitarian Coordinator’s Office (April 1, 2011). "FIELD BULLETIN: Chaupadi In The Far-West". United Nations Office of Human Rights. https://www.ohchr.org/Documents/Issues/Water/ContributionsStigma/others/field_bulletin_-_issue1_april_2011_-_chaupadi_in_far-west.pdf। আহৰণ কৰা হৈছে: July 31, 2018. 
  5. "Assessment Study on Chhaupadi in Nepal: Towards a Harm Reduction Strategy". Nepal Health Sector Programme. http://nhsp.org.np/wp-content/uploads/formidable/7/Chhaupadi-FINAL.pdf। আহৰণ কৰা হৈছে: August 1, 2018. 
  6. "Teen girl dies in menstruation hut in Achham district in Nepal". www.news.com.au. 2016-12-23. https://www.news.com.au/lifestyle/real-life/teen-girl-dies-in-menstruation-hut-in-achham-district-in-nepal/news-story/9be0b382f479880fa6c246fc860f67f3। আহৰণ কৰা হৈছে: 2018-12-21. 
  7. Aldama, Zigor (February 23, 2018). "Period shaming in Nepal: new law may finally end practice of banishing menstruating women". South China Morning Post. https://www.scmp.com/magazines/post-magazine/long-reads/article/2134278/period-shaming-nepal-new-law-may-finally-end. 
  8. "Where a Taboo Is Leading to the Deaths of Young Girls" (en ভাষাত). https://www.nytimes.com/2018/06/19/world/asia/nepal-women-menstruation-period.html. 
  9. Shelley, Allison (2013-06-12). "In Nepal, Exiled Each Month". The New York Times. https://www.nytimes.com/video/world/asia/100000002256498/in-nepal-exiled-each-month-.html. 
  10. Shanti Kadariya, Arja R Aro (June 2015). "Chhaupadi practice in Nepal – analysis of ethical aspects". Medicolegal and Bioethics খণ্ড 53: 53–58. doi:10.2147/MB.S83825. https://www.researchgate.net/publication/282447220। আহৰণ কৰা হৈছে: 2018-08-01. 
  11. "The Risky Lives of Women Sent Into Exile—For Menstruating" Archived 2017-07-11 at the Wayback Machine, National Geographic Society, March 10, 2017.
  12. Ranabhat, Chhabi; Kim, Chun-Bae; Choi, Eun Hee; Aryal, Anu; Park, Myung Bae; Doh, Young Ah (2015-08-27). "Chhaupadi Culture and Reproductive Health of Women in Nepal". Asia-Pacific Journal of Public Health খণ্ড 27 (7): 785–795. doi:10.1177/1010539515602743. ISSN 1010-5395. PMID 26316503. 
  13. 13.0 13.1 "Archived copy". http://www.ohchr.org/Documents/Issues/Water/ContributionsStigma/others/field_bulletin_-_issue1_april_2011_-_chaupadi_in_far-west.pdf। আহৰণ কৰা হৈছে: 2019-02-01. 
  14. McNamara, Brittney. "A 15-Year-Old Girl Died When She Was Banished to a Hut for Menstruating". Teen Vogue. http://www.teenvogue.com/story/a-nepali-teen-on-her-period-died-after-being-banished-to-a-hut. 
  15. Evelyn Nieves, "In Nepal, Monthly Exile for Women" Archived 2017-01-06 at the Wayback Machine, The New York Times "Lens", Jan. 5, 2017.
  16. "15-Year-Old Girl Found Dead In A Menstrual Hut In Nepal" Archived 2018-02-08 at the Wayback Machine, NPR, Dec. 20, 2016.
  17. Gupta, Swati. "Banished from home for menstruating, mother and two children die in Nepali hut - CNN". Edition.cnn.com. https://edition.cnn.com/2019/01/10/health/menstrual-hut-death-nepal-intl/index.html। আহৰণ কৰা হৈছে: 2019-01-11. 
  18. "Nepali woman, two children, die in outlawed 'menstruation hut'". 10 January 2019. https://economictimes.indiatimes.com/news/international/world-news/nepali-woman-two-children-die-in-outlawed-menstruation-hut/articleshow/67469127.cms। আহৰণ কৰা হৈছে: 11 January 2019. 
  19. "Mother and sons die in 'menstruation hut'" (en-GB ভাষাত). BBC News. 2019-01-10. https://www.bbc.com/news/world-asia-46823289. 
  20. "Woman suffocates in 'menstruation hut'" (en-GB ভাষাত). 2019-02-04. https://www.bbc.com/news/world-asia-47112769. 
  21. Gaestel, Allyn; Shelley, Allison (2013-03-02). "Out of The Sheds: Women Fight Segregation in Rural Nepal". The Christian Science Monitor. https://www.csmonitor.com/World/Asia-South-Central/2013/0302/Out-of-the-sheds-Women-fight-segregation-in-rural-Nepal. 
  22. "Locals tear down Chhaupadi huts amid wide concern over deaths in sheds" (en-US ভাষাত). The Himalayan Times. 2019-01-17. https://thehimalayantimes.com/nepal/locals-tear-down-chhaupadi-huts-amid-wide-concern-over-deaths-in-sheds/। আহৰণ কৰা হৈছে: 2019-02-04. 
  23. "Nepal: Emerging from menstrual quarantine". Integrated Regional Information Networks. 3 August 2011. http://www.refworld.org/cgi-bin/texis/vtx/rwmain?page=publisher&publisher=IRIN&type=&coi=NPL&docid=4e3f7ae82&skip=0। আহৰণ কৰা হৈছে: 13 June 2013. 
  24. Preiss, Danielle (2019-05-19). "Why It's Hard To Ban The Menstrual Shed". NPR. https://www.npr.org/sections/goatsandsoda/2019/05/13/721450261/why-its-so-hard-to-stop-women-from-sleeping-in-a-menstrual-shed. 
  25. roshan sedhai, associated press (2012-09-20). "Nepal strengthens laws against dowry, menstrual exile - ABC News". Abcnews.go.com. https://abcnews.go.com/Health/wireStory/nepal-strengthens-laws-dowry-menstrual-exile-49129803। আহৰণ কৰা হৈছে: 2017-08-10. 
  26. "Criminal Code 'ineffective' to end Chhaupadi practice" (en ভাষাত). kathmandupost.ekantipur.com. http://kathmandupost.ekantipur.com/news/2019-01-05/criminal-code-ineffective-to-end-chhaupadi-practice.html। আহৰণ কৰা হৈছে: 2019-01-26. 
  27. Adhikari, Rojita (2019-01-14). "Destroy 'period huts' or forget state support: Nepal moves to end practice" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/global-development/2019/jan/14/destroy-period-huts-or-forget-state-support-nepal-moves-to-end-practice-chhaupadi.