ছাৰ্লক হ'ম্‌ছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাৰ্লক হোম্‌ছ
ছাৰ্লক হোম্‌ছৰ চৰিত্ৰ

ছাৰ্লক হোম্‌ছৰ অংকিত ছবি, ১৯০৪ চন, শিল্পী: ছিড্‌নি পেজেট
প্ৰথম আৱিৰ্ভাৱ এ ষ্টাডি ইন স্কাৰলেট
স্ৰষ্টা আৰ্থাৰ কানন ডয়ল
তথ্য
লিঙ্গ পুৰুষ
পেচা পৰামৰ্শদাতা ডিটেক্টিভ
পৰিয়াল মাইক্ৰফ্‌ট হোম্‌ছ (ভাতৃ)
ৰাষ্ট্ৰীয়তা ইংৰাজ

ছাৰ্লক হোম্‌ছ (ইংৰাজী: Sherlock Holmes) এটা কাল্পনিক ডিটেকটিভ চৰিত্ৰ। স্ৰষ্টা আছিল স্কটদেশীয় সাহিত্যিক ছাৰ আৰ্থাৰ কোনান ডয়েল। লণ্ডন নিবাসী ছাৰ্লক হোম্‌ছ প্ৰখ্যাত যুক্তিবাদী বিশ্লেষণত, ছদ্মবেশ ধাৰণত আৰু বিধি-বিজ্ঞানৰ নিয়ম অনুসৰি তদন্ত কৰি জটিল ৰহস্য সমাধানত সিদ্ধহস্ত।

ছাৰ্লক হোম্‌ছৰ আৱিৰ্ভাৱ হৈছিল ১৮৮৭ চনত উপন্যাস 'এ ষ্টাডি ইন স্কাৰলেট'ৰ যোগেদি। ছাৰ্লক হোম্‌ছ চৰিত্ৰটো সৰ্বমুঠ ছাপন্নটা গল্প আৰু চাৰিখন উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ আছিল। প্ৰথম গল্পলানিৰ প্ৰকাশৰ পাছতেই 'ছাৰ্লক হোম্‌ছ' বিপুলভাৱে জনপ্ৰিয় হয়। গল্পলানি মূলত: প্ৰকাশ হৈছিল 'ষ্ট্ৰাণ্ড' আলোচনীত। ছাৰ্লক হোম্‌ছৰ প্ৰথম উপন্যাস প্ৰকাশ হৈছিল 'বীটনছ ক্ৰিষ্টমাছ এনুৱেল' আলোচনীত। গল্পৰ ঘটনাৱলীৰ সময় ১৮৮০ চনৰপৰা ১৯১৪ চনলৈ বিস্তৃত।

ছাৰ্লক হোম্‌ছ গল্প আৰু উপন্যাস সমূহৰ কঠকৰ চৰিত্ৰ আছিল ডা. ৱাটছন। ছাৰ্লক হোম্‌ছৰ অন্তৰংগ বন্ধু। প্ৰথম উপন্যাসৰ সময়তে দুয়োৰে প্ৰথম সাক্ষাৎ হৈছিল। অৱশ্যে দুটা গল্পত ছাৰ্লক হোম্‌ছে নিজেই কথকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। আনহাতে আন দুটা গল্প লিখা হৈছিল তৃতীয় পুৰুষত।

ছাৰ্লক হোম্‌ছৰ চৰিত্ৰৰ অনুপ্ৰেৰণা[সম্পাদনা কৰক]

ডয়েল চাহেবে কৈ যোৱা মতে ছাৰ্লক হোম্‌ছৰ বাবে তেখেতে অনুপ্ৰেৰণা হিচাপে লৈছিল তেখেতৰ এটা সময়ৰ শিক্ষক জোছেফ বেলক। জোছেফ বেলৰ সৰু সৰু চিহ্ন লক্ষ্য কৰি ডাঙৰ সিদ্ধান্তত উপনীত হোৱাৰ ক্ষমতা আছিল।[1] ছাৰ হেনৰি লিটলজনকো ছাৰ্লক হোম্‌ছৰ চৰিত্ৰৰ অনুপ্ৰেৰণা বুলি কোৱা হয়। এখেতে বিধি-বিজ্ঞান বিষয়ৰ অভিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চিকিৎসা বিষয়ক জ্ঞানৰদ্বাৰা অপৰাধ অনুসন্ধানত এখেতে আগভাগ লৈছিল।[2]

জীৱন বৃত্তান্ত[সম্পাদনা কৰক]

শাৰ্লক হোমসেৰ প্ৰথম আবিৰ্ভাব, ১৮৮৭

সম্পূৰ্ণ নাম উইলিয়াম ছাৰ্লক স্কট হোমছ। ছাৰ্লক হোমছৰ জন্ম ১৮৫৪ খ্ৰীষ্টাব্দৰ ৬ জানুৱাৰী্ত শুকুৰবাৰে আবেলি বেলাত। দেউতাক চাইগাৰ হোমছ আৰু মাক ভায়োলেট ছেৰিন ফোৰ্ড। দেউতাকৰ যদিও ইচ্ছা আছিল ছাৰ্লক ডাঙৰ হৈ ইঞ্জিনিয়াৰ হ’ব, কিন্তু ছাৰ্লক হ’লগৈ বিশ্বৰ একমাত্ৰ কনচাল্টিং ৰহস্যসন্ধানী। তেখেতৰ সঙ্গী, যোগ্য সহকাৰী বন্ধুবৰ লেখক ডাক্তৰ ওৱাটচনে ৰহস্য উদঘাটনৰ চেষ্টা কৰিছে কি কাৰণেনো তেওঁ এই পেশালৈ আহিল। কিন্তু বাৰে বাৰে ব্যৰ্থ হৈছে তেওঁ। পাছত অৱশ্যে এদিন ছাৰ্লকে নিজ মুখেৰেই কৈছে সেইকথা।[3]

ল’ৰালিকালৰ পৰাই ছাৰ্লকে শিকি গৈ আছিল কি দৰে দুচকুৰ ক্ষমতাৰেই চকুৰে দেখা বস্তুসমূহৰ খুঁটিনাটি ধৰা পেলাব পাৰি। ১৮ বছৰ বয়সত যেতিয়া তেওঁ অক্সফোৰ্ড কলেজৰ আণ্ডাৰ গ্ৰেজুয়েটৰ ছাত্ৰ, তেতিয়া তেওঁ বন্ধুবান্ধবহীন। চেহেৰা সিমান সুন্দৰ নহ'লেও তেখেতৰ ফালে নোচোৱাকৈ থাকিব নোৱাৰি; এক অসাধাৰণ আকৰ্ষণীয় ক্ষমতা আছিল তেখেতৰ। তথাপি দ্বিতীয় বছৰত ভিক্টৰ ট্ৰেভৰ নামৰ বন্ধু এজন পালে তেখেতে। ভিক্টৰো ছাৰ্লকৰ দৰে নিঃসঙ্গ।[3]

১৮৭৪ খ্ৰীষ্টাব্দৰ ১২ জুলাইত বন্ধু ভিক্টৰে তেখেতৰ দেউতাকৰ সৈতে ছাৰ্লকক পৰিচয় কৰাই দি ছাৰ্লকৰ বিশ্লেষণী ক্ষমতাৰ কথা কয়। এইখিনিতে বৃদ্ধ ভিক্টৰে ছাৰ্লকক পৰীক্ষা কৰিব খুজি তেখেতৰ সম্বন্ধে ক'বলৈ কয়, ছাৰ্লকে যি ক’লে, সেইকথা শুনি বৃদ্ধৰ হাঁহি হাঁহি চেহেৰা ম্লান হৈ গ’ল। তাৰ পাছৰ পৰাই চখ হিচাপে কৰা এই কামকে ছাৰ্লকে পেশা হিচাপে বাচি লয়।[3]

ছাৰ্লক হোমছ অবিবাহিত। লণ্ডনৰ যিটো ভাড়া ঘৰত তেওঁ থাকিছিল তাৰ ঠিকনা: ২২১/বি বেকাৰ ষ্ট্ৰীট, লণ্ডন।[3] ঘৰৰ মালিকনী মিচেচ হাডচন। হোমছে কেতিয়াবাহে ককায়েক মাইক্ৰফট হোমছৰ লগত যোগাযোগ কৰিছিল।

তথ্য উৎস[সম্পাদনা কৰক]

  1. Lycett, Andrew (2007). The Man Who Created Sherlock Holmes: The Life and Times of Sir Arthur Conan Doyle. Free Press. পৃষ্ঠা. 53–54, 190. ISBN 978-0-7432-7523-1. 
  2. Doyle, A. Conan (1961). The Boys' Sherlock Holmes, New & Enlarged Edition. Harper & Row. পৃষ্ঠা. 88. 
  3. 3.0 3.1 3.2 3.3 আনওয়াৰুল কবীৰ বুলু (বঙালী ভাষাত) (প্ৰিণ্ট). ছাৰ্লক হোম্‌ছ ৰচনাসমগ্ৰ. ছাৰ্লক হোম্‌ছ (ফেব্ৰুৱাৰী ২০০২ সম্পাদনা). প্ৰকাশক ঢাকা: মনন প্ৰকাশ. পৃষ্ঠা. 656. ISBN 984-8332-00-6. 

অধিক পঢ়ক[সম্পাদনা কৰক]

  • Accardo, Pasquale J. (1987). Diagnosis and Detection: Medical Iconography of Sherlock Holmes. প্ৰকাশক Madison, NJ: Fairleigh Dickinson University Press. ISBN 0-517-50291-7. 
  • Baring-Gould, William (1967). The Annotated Sherlock Holmes. প্ৰকাশক New York: Clarkson N. Potter. ISBN 0-517-50291-7. 
  • Baring-Gould, William (1962). Sherlock Holmes of Baker Street: The Life of the World's First Consulting Detective. প্ৰকাশক New York: Clarkson N. Potter. OCLC 63103488. 
  • Blakeney, T.S. (1994). Sherlock Holmes: Fact or Fiction?. প্ৰকাশক London: Prentice Hall & IBD. ISBN 1-883402-10-7. 
  • Bradley, Alan (2004). Ms Holmes of Baker Street: The Truth About Sherlock. প্ৰকাশক Alberta: University of Alberta Press. ISBN 0-88864-415-9. 
  • Campbell, Mark (2007). Sherlock Holmes. প্ৰকাশক London: Pocket Essentials. ISBN 978-0-470-12823-7. 
  • Dakin, David (1972). A Sherlock Holmes Commentary. প্ৰকাশক Newton Abbot: David & Charles. ISBN 0-7153-5493-0. 
  • Duncan, Alistair (2008). Eliminate the Impossible: An Examination of the World of Sherlock Holmes on Page and Screen. প্ৰকাশক London: MX Publishing. ISBN 978-1-904312-31-4. 
  • Duncan, Alistair (2009). Close to Holmes: A Look at the Connections Between Historical London, Sherlock Holmes and Sir Arthur Conan Doyle. প্ৰকাশক London: MX Publishing. ISBN 978-1-904312-50-5. 
  • Duncan, Alistair (2010). The Norwood Author: Arthur Conan Doyle and the Norwood Years (1891–1894). প্ৰকাশক London: MX Publishing. ISBN 978-1904312697. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]