জগদীশ ভূঞা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জগদীশ ভূঞা হৈছে অসম আন্দোলনৰ সৈতে জড়িত এজন ছাত্ৰ নেতা আৰু ৰাজনীতিবিদ ।  তিনিচুকীয়া জিলাৰ শদিয়া বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভাৰ বিধায়ক হিচাপে আৰু ১৯৯৮ চনৰ পৰা ২০০১ চনলৈ প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰত পৰ্যটন মন্ত্ৰী হিচাপে দুটা কাৰ্যকাল পালন কৰিছিল। মূলতঃ অসম গণ পৰিষদৰ এজন নেতা হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰা ভূঞাই জুন,২০১৫ ত ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ হেতু দুৰ্বল অগপ ত্যাগ কৰিছিল। তেওঁ ২০১৯ চনলৈকে অসম পেট্ৰো-কেমিকেলছৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

জগদীশ ভূঞা

ছাত্ৰ জীৱন[সম্পাদনা কৰক]

১৯৭৯ চনৰ পৰা জগদীশ ভূঞা সদৌ অসম ছাত্ৰ সন্থাৰ এজন সক্ৰিয় সদস্য আছিল আৰু অৱশেষত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যবাহী সদস্য আৰু পিছলৈ ৰাষ্ট্ৰীয় ছাত্ৰ সমন্বয় সমিতিৰ সদস্য হৈছিল।

ৰাজহুৱা জীৱন[সম্পাদনা কৰক]

১৯৯৫ চনত তেওঁ অগপত যোগদান কৰে, আৰু ১৯৯৬ চনত অসম বিধান সভা বিধানসভাৰ সেই অধিৱেশনৰ কনিষ্ঠতম বিধায়ক হিচাপে নিৰ্বাচিত হয়। ১৯৯৮ চনত তেওঁ অসমৰ পৰ্যটন মন্ত্ৰী হয় আৰু ২০০১ চনত পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ভূঞা অগপত সক্ৰিয় হৈ আছিল, কিন্তু ২০১৫ চনত তেওঁ আৰু তিনিচুকীয়া অঞ্চলৰ আন কেইবাজনো জ্যেষ্ঠ অগপ নেতাই দল ত্যাগ কৰাৰ কথা ঘোষণা কৰি কয়, "মই অগপৰ ওপৰত বিশ্বাস হেৰুৱাইছো যি দিশহীন হৈ পৰিছে।আনহাতে, বিজেপি হৈছে অসমৰ কাৰণে যুঁজ দিয়াৰ বাবে সঠিক দল।"[1]

২০১৫ চনত জগদীশ ভূঞাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল । বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব) গৃহীত কৰি ১২ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন (চিএএ) কৰাৰ পিছত ১৩ ডিচেম্বৰ, ২০১৯ত শ্ৰীযুত ভূঞাই বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। সেই মুহূৰ্তত তেওঁ কেবিনেট মন্ত্ৰী পদবীৰ সৈতে অসম পেট্ৰ'কেমিকেলছ লিমিটেডৰ অধ্যক্ষৰ পদত অধিষ্ঠিত আছিল।[[1]]

সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম জাতিয়তাবাদী যুব ছাত্ৰ পৰিষদএ নাগৰিকত্ব সংশোধনী আইন (চিএএ), ২০১৯ গৃহীত কৰাত ৰাজ্যখনত আলোড়ন সৃষ্টি কৰে আৰু অসমত খিলঞ্জীয়া সম্প্ৰদায়ৰ অধিকাৰৰ সুৰক্ষা ৰক্ষাৰ বাবে অসম জাতীয় পৰিষদ (অজাপ) নামৰ এটা নতুন ৰাজনৈতিক দল গঠন কৰে। জগদীশ ভূঞাক ১৪ ছেপ্টেম্বৰ, ২০২০ তাৰিখে অজাপৰ বসন্ত ডেকা ,কৃষ্ণ গোপাল ভট্টাচাৰ্য, আহ্বায়কসকলে সমন্বয়ক হিচাপে নিযুক্তি দিয়ে।

সাংস্কৃতিক জীৱন[সম্পাদনা কৰক]

জগদীশ ভূঞা ডাঙৰীয়াও সৰুৰে পৰা অভিনয়ৰ লগত জড়িত আছিল আৰু পিছলৈ বহু অসমীয়া ছবি আৰু ধাৰাবাহিকত সহ-অভিনেতা হিচাপে অভিনয় কৰিছিল। দাগ,কন্যাদান,সেউজী ধৰণী ধুনীয়া, বিধাতা,আমি অসমীয়া,ভোলাবৰাৰ দিনলিপি আদি ছবিত তেওঁ অভিনয় কৰিছিল।

ড° ভূপেন হাজৰিকা সেতু[সম্পাদনা কৰক]

শদিয়াৰ তদানীন্তন বিধায়ক জগদীশ ভূঞাই ধলাক শদিয়াৰ সৈতে সংযোগ কৰা এখন দলংৰ বাবে ২০০৩ চনত অটল বিহাৰী বাজপেয়ী চৰকাৰলৈ প্ৰথমখন চিঠি লিখিছিল। ভূঞাই এই দলঙৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে তিনি বছৰ ধৰি অবিৰতভাৱে কাম-কাজ চলাইছিল। অৱশেষত ১৪ বছৰত দলংখন নিৰ্মাণ কৰা হয় আৰু ২০১৭ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে। দলংখনৰ নাম ড০ ভূপেন হাজৰিকা সেতু হিচাপে নামাকৰণ কৰা হয়।[2]

ৰন্ধনৰ বাবে মিথানল[সম্পাদনা কৰক]

ৰন্ধন গেছৰ বিকল্প হিচাপে মিথানলৰ ব্যৱহাৰক লৈ ২০১৮ চনৰ ৫ অক্টোবৰত অসম পেট্ৰ’কেমিকেলছ লিমিটেডে(এ.পি.এল.) এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰিছিল। এই প্ৰকল্পটো আৰম্ভ কৰাত এ.পি.এল.ৰ অধ্যক্ষ জগদীশ ভূঞা আৰু নিটি আয়োগৰ ড০ ভি কে সৰস্বতে বিশেষ ভূমিকা পালন কৰে। জগদীশ ভূঞাই কৈছিল, "আমি ৫ অক্টোবৰত আমাৰ এ পি এল টাউনশ্বিপত পাইলট প্ৰজেক্ট আৰম্ভ কৰিম। যদি ই সফল হয় তেন্তে আমি ইয়াক ব্যৱসায়িকভাৱে আৰম্ভ কৰিম।"[3][4][5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Kashyap, Samudra Gupta. "Senior AGP leader Jagadish Bhuyan joins BJP" Bhuyan also took several senior members of the AGP from Tinsukia district to join the BJP. Bhuyan is the fourth former AGP minister to have joined the BJP in the past one year or more. Indian Express ২০২২-০৫-১২
  2. "Dhola-Sadiya bridge will trigger economic revolution in Assam, Northeast: PM Narendra Modi" (en-US ভাষাত). The Indian Express. 2017-05-26. http://indianexpress.com/article/india/dhola-sadiya-bridge-will-trigger-economic-revolution-in-assam-northeast-pm-narendra-modib-4674532/. 
  3. "Assam PSU to launch pilot project to use methanol for cooking" (en ভাষাত). ETEnergyworld.com. https://energy.economictimes.indiatimes.com/news/oil-and-gas/assam-psu-to-launch-pilot-project-to-use-methanol-for-cooking/65994712। আহৰণ কৰা হৈছে: ২০২২-০৫-১২. [সংযোগবিহীন উৎস]
  4. Karmakar, Rahul (2018-10-05). "India's first methanol cooking fuel debuts in Assam" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/indias-first-methanol-cooking-fuel-debuts-in-assam/article25137518.ece. 
  5. Kalita, Prabin (September 28, 2018). "Assam Petrochemicals Ltd: Assam Petrochemicals Ltd to roll out country's first methanol-based cooking fuel" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/guwahati/assam-petrochemicals-ltd-to-roll-out-countrys-first-methanol-based-cooking-fuel/articleshow/65998726.cms। আহৰণ কৰা হৈছে: ২০২২-০৫-১২.