অসম গণ পৰিষদ
অসম গণ পৰিষদ | |
---|---|
নেতা | প্ৰফুল্ল কুমাৰ মহন্ত |
সভাপতি | অতুল বৰা |
সংসদীয় সভাপতি | |
লোকসভাত নেতা | |
ৰাজ্যসভাত নেতা | |
প্ৰতিষ্ঠা | ১৯৮৫ |
মূখ্য কাৰ্যালয় | গোপীনাথ বৰদলৈ পথ, আমবাৰী, গুৱাহাটী-৭৮১০০১ |
ৰাজনৈতিক মতাদৰ্শ | আঞ্চলিকতাবাদ |
ৱেবছাইট | অসম গণ পৰিষধৰ ৱেবচাইট |
অসম গণ পৰিষদ (ইংৰাজী: Asom Gana Parishad) হ'ল অসমৰ এক ৰাজনৈতিক দল। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা অসম আন্দোলনৰ পৰিণতিত অসম গণ পৰিষদ গঠিত হৈছিল। বৰ্তমানলৈকে (২০১২ চন) অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদে দুবাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তিৰ পাছত প্ৰফুল্ল কুমাৰ মহন্ত দেশৰ কনিষ্ঠতম মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয় আৰু অগপ প্ৰতিষ্ঠিত হয়। ১৯৮৫-১৯৮৯ আৰু ১৯৯৬-২০০১ কালছোৱাত দুবাৰ অগপই অসমত চৰকাৰ গঠন কৰে। কিন্তু ২০০৫ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত দল বিৰোধী কাৰ্য্যত লিপ্ত হোৱাৰ বাবে দলৰ পৰা বৰ্খাস্ত হ'ব লগীয়া হয়। ২০০৬ চনত তেওঁ নিজ সমৰ্থকসকলৰ সৈতে মিলিত হয় আৰু অসম গণ পৰিষদ (প্ৰগতিশীল) নামৰ এক নতুন দল গঠন কৰে। কিন্তু এই দলটোৱে ৰাইজৰ সমৰ্থন লাভ কৰাত ব্যৰ্থ হয়। ২০০৮ চনৰ ১৪ অক্টোবৰত গোলাঘাটত অনুষ্ঠিত অগপৰ প্ৰতিষ্ঠা দিৱসত দুই দলৰ মিলন ঘটে আৰু অসম গণ পৰিষদ (প্ৰগতিশীল) ভংগ হয়।
২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দলটোৱে ১২৬খন আসনৰ ভিতৰত ১৪খন আসনত এক ঐতিহাসিক জয়লাভ কৰি ভাৰতীয় জনতা পাৰ্টি আৰু বড়োলেণ্ড পিপলছ ফ্ৰন্টৰ লগত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে। ২০১৬ চনৰ নৱেম্বৰত অতুল বৰা দ্বিতীয় বাৰৰ বাবে সভাপতি নিৰ্বাচিত হয়।[1]
মুখ্যমন্ত্ৰী সকলৰ তালিকা
[সম্পাদনা কৰক]- প্ৰফুল্ল কুমাৰ মহন্ত
- প্ৰথম কাল (২৪ ডিচেম্বৰ ১৯৮৫ – ২৮ নৱেম্বৰ ১৯৯০),
- দ্বিতীয় কাল ( ১৫ মে'১৯৯৬ – ১৭ মে' ২০০১)।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Atul Bora AGP president for second term". Archived from the original on 2017-09-26. https://web.archive.org/web/20170926191021/http://www.assamtribune.com/scripts/detailsnew.asp?id=nov2816/at052। আহৰণ কৰা হৈছে: 2017-10-15.