জয়ন্তীয়া বুৰঞ্জী (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়ন্তীয়া বুৰঞ্জী  
লেখক সূৰ্যকুমাৰ ভূঞা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ বুৰঞ্জী
মিডিয়া প্ৰকাৰ মুদ্ৰণ

জয়ন্তীয়া বুৰঞ্জী গ্ৰন্থখনৰ প্ৰথম সম্পাদনা কৰিছিল সূৰ্যকুমাৰ ভূঞাই ১৯৩৭ চনত৷[1] গ্ৰন্থখনত আহোম ৰজা-মহাৰজা আৰু জয়ন্তীয়া ৰজাৰ মাজৰ সামাজিক যোগসূত্ৰ, লেন-দেন, চিঠি-পত্ৰৰ আদান-প্ৰদান তথা ৰাজনিতিক, কূটনৈতিক সম্পৰ্কৰ বিৱৰণ আছে৷ আহোম ৰজা প্ৰতাপ সিংহৰ সময়ৰপৰা শিৱ সিংহৰ সময়লৈকে ৰাজনৈতিক বুৰঞ্জী এইখন গ্ৰন্থত সন্নিৱিষ্ট হৈছে৷ সৰ্বমুঠ ১৩টা অধ্যায় আছে আৰু ওপৰঞ্চি অধ্যায়ত ৭টা লেখা সন্নিৱিষ্ট হৈছে৷ গ্ৰন্থখনত ৰজা-মহাৰজাসকলৰ বহুবোৰ চিঠি সংকলিত হোৱাৰ সমান্তৰালভাৱে বিভিন্ন সময়ত বিভিন্ন উপলক্ষত পঠোৱা চিঠি-পত্ৰবোৰৰ প্ৰসংগ আৰু ইয়াৰ চমু বিৱৰণ আছে৷ ‘জয়ন্তীয়া বুৰঞ্জী’খন এখন কটকী বুৰঞ্জী৷ অৰ্থাৎ কটকীয়ে চিঠি-পত্ৰ আদান-প্ৰদান কৰাৰ সবিশেষ এই বুৰঞ্জীত সন্নিৱিষ্ট হৈ আছে৷ [2]

ৱিৱৰণ[সম্পাদনা কৰক]

আহোম যুগত এজন ৰজাই আন এজন ৰজালৈ বিভিন্ন কাৰণত বহুবোৰ চিঠি প্ৰেৰণ কৰিবলগীয়া হৈছিল৷ এই বুৰঞ্জীখনত তেনে বহুবোৰ চিঠি একাদিক্ৰমে সংৰক্ষিত হৈ আছে৷ চিঠিসমূহৰ মাজত আহোম ৰাজত্বৰ বিভিন্ন ৰজা-মহাৰজা আৰু জয়ন্তীয়া ৰজাসকলৰ মাজত মাজৰ সম্পৰ্ক, যোগসূত্ৰ, আশে, পৰামৰ্শ, অভিযোগ আদি সম্পৰ্কে জানিব পাৰি৷ সেইদৰে সমসাময়িক সমাজখনৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক দৃষ্টিভংগী, মতবিৰোধ, মতান্তৰ, মনান্তৰ আদি সম্পৰ্কেও জানিব পাৰি৷[2] স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ দিনত (সমসাময়িক জয়ন্তা ৰজা যশমত্ত, সময়– ১৬৪৮-১৬৬৩ খৃষ্টাব্দ) যশমত্ৰ ৰজালৈ জয়ধ্বজ সিংহৰ পত্ৰ, নৰ্ত্তঙ্গীয়া ৰজা মাণিকসিংহলৈ স্বৰ্গদেৱৰ পত্ৰ, স্বৰ্গদেৱলৈ জয়ন্তা ৰজাৰ প্ৰীতি পত্ৰ, স্বৰ্গদেৱলৈ নত্তঙ্গীয়া ৰজাৰ পত্ৰ আদি সন্নিৱিষ্ট হৈছে৷[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 সূৰ্যকুমাৰ ভূঞা (২০১২). আগকথা. বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ. 
  2. 2.0 2.1 সূৰ্যকুমাৰ ভূঞা. "Jayantia Buranji". বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ. পৃষ্ঠাসমূহ: ২. https://archive.org/details/in.ernet.dli.2015.452406/page/n1/mode/2up। আহৰণ কৰা হৈছে: 21 November 2022. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

ইণ্টাৰনেট আৰ্কাইভত ‘জয়ন্তীয়া বুৰঞ্জী’