জাপানী কবিতা
| জাপানী কবিতা | |
|---|---|
| লেখক | নীলমণি ফুকন |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| প্ৰকাৰ | কবিতা সংকলন |
| মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
জাপানী কবিতা নীলমণি ফুকনৰ দ্বাৰা অনুদিত জাপানী কবিতাৰ এখন সংকলন৷ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৭০ চনত৷[1] গ্ৰন্থখনৰ ভূমিকা লিখিছে ড° হীৰেন গোহাঁয়ে৷ জাপানৰ প্ৰতিনিধিত্বমূলক কেইজনমান কবিৰ চুটি চুটি কবিতা এইখন গ্ৰন্থত সংকলিত হৈছে৷
অনুবাদকৰ পৰিচয়
[সম্পাদনা কৰক]২০২০ চনত জ্ঞানপীঠ বঁটা বিজয়ী কবি সাহিত্যিক নীলমণি ফুকন এজন কবি, সাহিত্যিক, কলা-সমালোচক আৰু অধ্যাপক। তেওঁ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। নীলমণি ফুকনৰ উল্লেখযোগ্য কৰ্ম হ’ল ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’ আৰু ‘গোলাপী জামুৰ লগ্ন’, নৃত্যৰতা পৃথিৱী আদি।
গ্ৰন্থখনৰ বিষয়ে সবিশেষ
[সম্পাদনা কৰক]জাপানী কবিতা গ্ৰন্থখনত অনুবাদক নীলমণি ফুকনে মুঠ ২৯ জন জাপানী কবিৰ ১০৭ টা জাপানী কবিতাৰ অনুবাদ কৰি গ্ৰন্থখন প্ৰকাশ কৰিছে। তাৰ ভিতৰত কাৰিনোমোটো নো হিচোমাৰোৰ ৫ টা, পুৰোহিত মানচেই ৰ এটা, য়ামাবে আকাহিচোৰ দুটা আদি।
জাপানী কবিতা বুলিলে বিদেশী পাঠকে সাধাৰণতে ''হাইকু'' (বহুবচন ''হাইকাই'') বুজে - যদিও জাপানী কবিতাৰ আৰু কেতবোৰ বিভাগ আছে । হাইকু পিচলৈ যিয়েই নহওক আৰম্ভণিতে সাধাৰণ মানুহৰ কবিতা আছিল - অভিজাত মহলৰ ৱাকা নামৰ কঠিন আৰু শৃংখলিত কবিতাৰ তুলিনাত সহজ আৰু সহৃদয় আছিল তাৰ প্ৰকাশভংগী। পোনতে মুকলিমূৰিয়া, দিহিঙে - দিপাঙে ফুৰা ''অসংস্কৃত'' সাউদ-মুদৈ প্ৰভৃতিৰ মাজতে তাৰ প্ৰচলন হয়। পিচলৈ আৱশ্যে অভিজাত কবিতাৰ শৃংখলা, সংযম আৰু ৰুচিবোধ হাইকুৰ ৰক্তধাৰালৈকো নামি আহে। তথআপি মনত ৰাখিব লাগে যে বাচোনৰ দৰে গহীন, সমাহিত প্ৰকৃতিৰ কবিও ছামুৰাই অৰ্থাত্ অভিজাত যোদ্ধা শ্ৰেণীৰ মানুহ আছিল আৰু স্বেচ্ছাই অস্ত্ৰবিসৰ্জন দি প্ৰায় বৌদ্ধ ভিক্ষুৰ দৰে অনাই বনাই ফুৰিছিল।[2]
মুলতঃ হাইকুৰ অনুবাদ যদিও ইয়াত দীঘল কবিতাও আছে।
যেনে কবি নোগুশ্বিৰ এটা কবিতা ''মোৰ সৰু চৰাই''
মোৰ সৰু চৰাই,
মোৰ আইৰ চকুলোত জন্ম হোৱা মোৰ সৰু চৰাই,
ডৌকা দুখন মেলি তাই উৰি যায়,
আৰু ডৌকা দুখনৰ তলৰ পৰা পেলাই থৈ যায়
মোৰ আইৰ বাণী;
ঘৰলৈ আহা, সোণ!
মোৰ আইৰ বুকুৰপৰা প্ৰৱাহিত হৈ,
ঘৰলৈ আহা, সোণ!
মোৰ সৰু নৈ,
হঠাতে তাই বন্ধ কৰিছিল তাইৰ গান;
আৰু ওপৰৰ বেলিলৈ চাই
তাই তাইৰ ঢৌবোৰত হঠাতে উজলাই তুলিছিল মোৰ আইৰ বাণী;
..........
অতি চুটি ভাৱগধুৰ হাইকুও পুথিখনত আছে। [3]
ৰিগশয্যাৰপৰাই
বাৰে বাৰে মই সোধোঁ
'বৰফ কিমান ডাঠ হৈ পৰিছে' ?
প্ৰায়বোৰ হাইকুৱেই বিষাদৰ বা কঢ়িয়াই আনে।[4]
শীতৰ গঙা-চিলনী --
জীৱনত নাই এটা ঘৰ,
মৃত্যুত নাই এটা কবৰ !
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ নীলমণি ফুকন (২০০৫). জাপানী কবিতা. প্ৰকাশক গোলাঘাট: ষ্টুডেন্টচ্ ষ্ট’ৰচ্.
- ↑ ড০ হীৰেণ গোহাঁই ভুমিকা, জাপানী কবিতা, পৃষ্ঠা (১৫)
- ↑ জাপানী কবিতা, নীলমণি ফুকন, পৃষ্ঠা ৭৯
- ↑ জাপানী কবিতা, নীলমণি ফুকন, পৃষ্ঠা ১০৫