জাষ্টিন নেপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাষ্টিন নেপ
Justin Knapp—a Caucasian male with brown hair and a bushy beard—stands with his arms folded
২০১২ চনত নেপ
জন্ম জাষ্টিন এন্থনি নেপ
১৮ নৱেম্বৰ, ১৯৮২ (৪১ বছৰ)
ইণ্ডিয়ানাপোলিচ, ইণ্ডিয়ানা, আমেৰিকা যুক্তৰাষ্ট্ৰ
ৰাষ্ট্ৰীয়তা আমেৰিকান
অন্য নাম Koavf
নাগৰিকত্ব আমেৰিকান
শিক্ষা দৰ্শন আৰু ৰাজনীতি বিজ্ঞান, ইণ্ডিয়ানা বিশ্ববিদ্যালয়- পাৰ্দুউ বিশ্ববিদ্যালয় ইণ্ডিয়ানাপোলিচ

জাষ্টিন এন্থনি নেপ (ইংৰাজী: Justin Anthony Knapp, জন্ম ১৮ নবেম্বৰ ১৯৮২) এগৰাকী ৱিকিপিডিয়া ব্যৱহাৰকাৰী।[1] ৱিকিপিডিয়াত ১০ লাখতকৈও অধিক সম্পাদনা কৰা তেওঁ হৈছে প্ৰথমগৰাকী ব্যক্তি। ২০২০ ৰ মাৰ্চলৈকে নেপে ২০ লাখতকৈও অধিক ইংৰাজী ৱিকিপিডিয়াত সম্পাদনা কৰিছে।[2][3]

শিক্ষা[সম্পাদনা কৰক]

জাষ্টিন নেপে Covenant Christian High School ত পঢ়িছিল।[4] Indiana University – Purdue University Indianapolis ৰ পৰা তেখেতে দৰ্শন আৰু ৰাজনীতি বিজ্ঞানৰ ডিগ্ৰী গ্ৰহণ কৰে।

কেৰিয়াৰ[সম্পাদনা কৰক]

২০১১ চনৰ ৱিকিপিডিয়া ট্ৰেইনিংত নেপ (বাওঁ‌ফালৰ পৰা তৃতীয়জন)

নেপে ২০১২ চনৰ ১৯ এপ্ৰিলত ১০ লাখ সম্পাদনা কৰে বুলি ঘোষণা কৰে। ২০০৫ চনত চাইন আপ কৰাৰ পৰা নেপে দৈনিক গঢ়ে ৩৮৫ কৈ সম্পাদনা কৰি আহিছে। নেপে এই বিষয়ে কয়যে হঠাৎ আৰু স্বেচ্ছাই বেৰোজগাৰ হ'লে এইখিনি সম্ভৱ। ২০১২ চনত ৱিকিপিডিয়াৰ সহপ্ৰতিষ্ঠাপক জিমি ৱেলছে নেপক তেওঁৰ অৱদানৰ বাবে সম্বৰ্ধনা জনায় আৰু ছাইটৰ শীৰ্ষ পুৰস্কাৰেৰে সন্মানিত কৰি কয়যে এপ্ৰিলৰ ১০ তাৰিখটো জাষ্টিন নেপৰ দিন হ'ব।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "The hardest working man on Wikipedia". Daily Dot. April 19, 2012. http://www.dailydot.com/news/wikipedian-first-1-million-edits/। আহৰণ কৰা হৈছে: September 3, 2012. 
  2. "Koavf - Simple Counter". XTools. Archived from the original on March 20, 2020. https://web.archive.org/web/20200320180638/https://xtools.wmflabs.org/sc/en.wikipedia.org/Koavf। আহৰণ কৰা হৈছে: March 20, 2020. 
  3. Morris, Kevin (April 19, 2012). "The hardest working man on Wikipedia". The Daily Dot. https://www.dailydot.com/irl/wikipedian-first-1-million-edits/। আহৰণ কৰা হৈছে: October 15, 2016. 
  4. Comisky, Daniel S. (July 26, 2012). "King of Corrections". Indianapolis Monthly. http://www.indianapolismonthly.com/features/king-of-corrections/. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]