জিভা-কেঁকুৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জিভা-কেঁকুৰি হৈছে খৰকৈ আৰু শুদ্ধকৈ পঢ়িবলৈ বা উচ্চাৰণ কৰিবলৈ অসুবিধা হোৱা শব্দ, বাক্যাংশ বা বাক্য।[1] ইয়াক এক প্ৰকাৰৰ কথিত (বা গোৱা) শব্দৰ খেল হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰিও, উচ্চাৰণৰ আৰু বাকপটুতাৰ মান উন্নত কৰিবলৈ এইসমূহ ব্যায়াম হিচাপে ব্যৱহাৰ কৰিব পাৰি। কিছুমান জিভা-কেঁকুৰিয়ে এনে ফলাফল প্ৰক্ষেপ কৰে যিবোৰৰ ভুলউচ্চাৰণ সমূহ হাস্যকৰ (বা হাস্যকৰভাৱে অশ্লীল) হয়, আনহাতে আন কিছুমানৰ মনোৰঞ্জনমূল্য কঠনৰ সময়ত বক্তাৰ বিভ্ৰান্তি আৰু ভুলৰ ওপৰত নিৰ্ভৰ কৰে।

ভাগ সমূহ[সম্পাদনা কৰক]

কিছুমান জিভা-কেঁকুৰি একে কিন্তু পৃথক ধ্বনি যুক্ত শব্দৰ মাজত দ্ৰুত পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰশীল আৰু ই দুটা পৃথক পৰিৱৰ্তনৰ আৰ্হিক সংযোগ কৰে। [2] উদাহৰণ স্বৰূপে, উইলিয়াম পাউণ্ডষ্টোনৰ দ্বাৰা লিখিত দ্য ছীথিং ছী চিছেথ এণ্ড দাজ দ্য ছীথিং ছী ছাফিছেথ আছ বাক্যটোক "সাধাৰণ ইংৰাজী ভাষাৰ জিভা-কেঁকুৰিৰ ভিতৰত আটাইতকৈ কঠিন" বুলি কোৱা হৈছিল। [3]

জনপ্ৰিয় শ্বি ছেলচ ছীশ্বেলছ জিভা-কেঁকুৰিটো মূলতঃ ১৮৫০ চনত এটা বাগবিন্যাস ব্যায়াম হিচাপে প্ৰকাশিত হৈছিল। ১৮৯৫ চনত প্ৰথমবাৰৰ বাবে এই ধৰণৰ অভিব্যক্তিক বুজাবলৈ জিভা-কেঁকুৰিৰ ইংৰাজী প্ৰতিশব্দ টাংটুইষ্টাৰ শব্দটো প্ৰয়োগ কৰা হৈছিল।

বহুতো জিভা-কেঁকুৰিত অনুপ্ৰাস আৰু ছন্দৰ সংমিশ্ৰণ ব্যৱহাৰ হয়। সেইবোৰত ধ্বনিৰ দুটা বা ততোধিক ক্ৰম আছে যাৰ বাবে শব্দাংশৰ মাজতে পুনঃ জিভাঘূৰাব লগা হয়, তাৰ পিছত একেটা শব্দ পৃথক ক্ৰমত পুনৰাবৃত্তি কৰা হয়। লগতে কিছুমান কেঁকুৰিত যৌগিক শব্দ আৰু সেইবোৰৰ মূলশব্দটো ব্যৱহাৰ হয়। কিছুমান জিভা-কেঁকুৰিয়ে শব্দ বা চুটি বাক্যাংশৰ ৰূপ লয় আৰু এনে শব্দ দ্ৰুতগতিত পুনৰাবৃত্তি কৰিলে জিভা পাক খায়।

কিছুমান জিভা-কেঁকুৰি বাক অভ্যাস আৰু কণ্ঠস্বৰক সজীৱতা প্ৰদান কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়।[4] ইয়াৰোপৰি অনা-স্থানীয় ভাষীসকলৰক উচ্চাৰণ দক্ষতাৰ প্ৰশিক্ষণ দিবলৈ জিভা-কেঁকুৰি ব্যৱহাৰ কৰা হয়।[5] আন কিছুমান জিভা-কেঁকুৰি ভুলভাৱে উচ্চাৰণ কৰিলে এই শব্দবোৰে ধ্বনিগত মিল থকা অশ্লীল শব্দৰূপ একোটা প্ৰকাশ কৰে। আনকিছুমান সঠিকভাৱে উচ্চাৰণ কৰিলেও সেইবোৰ অশুদ্ধ যেন লাগে।

উদাহৰণ[সম্পাদনা কৰক]

নৱকান্ত বৰুৱা সম্পাদিত কুঁহিপাঠ পাঠ্যপুথিত শিশুৰ উচ্চাৰণৰ স্পষ্টতাৰ বাবে বিভিন্ন ‘জিভা-কেঁকুৰি'ৰ সংযোগ কৰা হৈছিল:[6]

হলৌ উঠিল টকৌ গছত
 লগাই খদৌ মদৌ,
জৌ জৌ কৈ সৰিল নিয়ৰ
 হ’ল জলৌ জপৌ।

লাউ পুলি ল'ৰাই ৰুলোঁ
 ৰুলোঁ লৰাই লফা,
ঘূৰাই ঘূৰাই উৰাই ঘূৰাই
 তাঘুৰ ঘূৰাই মাতা।

বগাকৈ বগলী বহলাই বহিছে
 বলুকাত বিয়লি বেলা,
বকুল বাগৰিছে ববচা বনতে
 বুটলি বিলাওঁগৈ ব’লা।

সম্পৰ্কিত ধাৰণাসমূহ[সম্পাদনা কৰক]

শিব্বোলেথ[সম্পাদনা কৰক]

শিব্বোলেথ হৈছে কোনো এটা ভাষাৰ যিকোনো বাক্যাংশ যিসমূহ সেইভাষাৰ স্থানীয় বক্তাৰ ব্যেতিৰেক ব্যক্তিৰ বাবে কোৱা কঠিন। তেনে শব্দ, বাক্য বা বাক্যাংশক এক প্ৰকাৰৰ জিভা-কেঁকুৰি হিচাপে গণ্য কৰা হ'ব পাৰে।

ফিংগাৰ-ফাম্বলাৰ[সম্পাদনা কৰক]

জিভা-কেঁকুৰিৰ সমতুল্য সাংকেতিক ভাষাক ফিংগাৰ-ফাম্বলাৰ বুলি কোৱা হয়।[7][8] চুজান ফিচাৰৰ মতে ইংৰাজী ভাষাৰ গুড্ ব্লাড, বেড্ ব্লাড বাক্যাংশটো ইংৰাজী সাহিত্যৰ এক জিভা-কেঁকুৰি হোৱাৰ উপৰি ই এক ফিংগাৰ-ফাম্বলাৰ।[9]

এক শব্দাংশৰ প্ৰবন্ধ[সম্পাদনা কৰক]

এক শব্দাংশৰ প্ৰবন্ধ হৈছে মাণ্ডাৰিন চীনা জিভা-কেঁকুৰিৰ এক প্ৰকাৰ। এইসমূহ ধ্ৰুপদী চীনা ভাষাত লিখা হৈছিল। মাণ্ডাৰিন চীনাসকলৰ মাত্ৰ চাৰিটা বাক-পৰিসৰ থকা বাবে এইবোৰ মাণ্ডাৰিনভাষাত ক'লে বিভিন্ন বাক-পৰিসৰত এটা শব্দাংশৰ কামৰ দৰে লাগে।[10]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "জিভা-কেঁকুৰি". শব্দ ডট্ অৰ্গ. http://www.xobdo.org/dic/জিভা-কেঁকুৰি। আহৰণ কৰা হৈছে: 8 February 2022. 
  2. Speech Science: Tongue Twisters and Valley Girls
  3. Poundstone, William. "The Ultimate". williampoundstone.net. http://williampoundstone.net/Ultimate.html। আহৰণ কৰা হৈছে: 13 March 2010. 
  4. Gordon, David. "David Gordon's Favorite Vocal Warmup Tongue Twisters". http://spiritsound.com/music/twisters.html। আহৰণ কৰা হৈছে: 28 April 2021. 
  5. Journal, Arab World English; Mu’in, Fatchul; Amrina, Rosyi; Amelia, Rizky (2017-12-29). Tongue Twister, Students' Pronunciation Ability, and Learning Styles. doi:10.31235/osf.io/fce2r. http://dx.doi.org/10.31235/osf.io/fce2r। আহৰণ কৰা হৈছে: 2020-10-10. 
  6. বৰুৱা, আৰু ভূঞা, [সংকলন আৰু সম্পাদনা], নৱকান্ত আৰু গৌৰীকান্ত (১৯৯৭). ‘কুঁহিপাঠ’ [নতুন সংস্কৰণ] (ত্ৰয়োদশ তাঙৰণ সম্পাদনা). প্ৰকাশক গুৱাহাটী: অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড. 
  7. Hanson, Vicki (1991). "Tongue-Twister Effects in the Silent Reading of Hearing and Deaf College Students". Journal of Memory and Language খণ্ড 30 (3): 319–330. doi:10.1016/0749-596X(91)90039-M. Archived from the original on 2020-11-11. https://web.archive.org/web/20201111231646/http://www.haskins.yale.edu/sr/SR107/SR107_12.pdf। আহৰণ কৰা হৈছে: 2022-02-08. 
  8. Roper, Jonathan (2011). Alliteration in Culture. Springer. পৃষ্ঠা. 8. ISBN 9780230305878. 
  9. Aristar, Anthony; Dry, Helen (27 May 1991). "Linguist List, Vol. 2". University of Michigan. http://www.umich.edu/~archive/linguistics/linguist.list/volume.2/no.251-300। আহৰণ কৰা হৈছে: 13 March 2010. 
  10. "15 Chinese Tongue Twisters". maayot. September 2020. https://www.maayot.com/blog/15-interesting-chinese-tongue-twisters/। আহৰণ কৰা হৈছে: 6 September 2020.