জিম্মু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সম্ৰাট জিম্মু

সম্ৰাট জিম্মু বা জিম্মু টেন্ন' (জাপানী ভাষাত: 神武天皇) জাপানৰ প্ৰবাদপ্ৰতিম প্ৰথম সম্ৰাট, নিহন শ্বকি আৰু কজিকিৰ মতে। তেওঁ খ্ৰীষ্টপূৰ্ব ৬৬০ত জাপানৰ সিংহাসনত বিৰাজমান হৈছিল বুলি কোৱা হয়।[1][2] জাপানী বিশ্বাস অনুযায়ী, তেওঁ সূৰ্যৰ জাপানী দেৱী আমাটাৰেচুৰ বংশধৰ, তেওঁৰ পৌত্ৰ নিনিগিৰ মাধ্যমেৰে। তেওঁ ধুমুহাৰ দেৱতা চুচানুৰো বংশধৰ। তেওঁ নিজৰ সামৰিক যাত্ৰা আৰম্ভ কৰিছিল চেট' সাগৰৰ কাষৰ হ্যুগাৰ পৰা, আৰু য়ামাট' দখল কৰিছিল। য়ামাট'কেই তেওঁ নিজৰ ৰাজশক্তিৰ কেন্দ্ৰ কৰি তুলিছিল। আধুনিক জাপানত, প্ৰতি বছৰে ১১ ফেব্ৰুৱাৰীত জাতীয় স্থাপনা দিৱস উদ্‌যাপন কৰা হয়, যি তাৰিখে, বিশ্বাস অনুযায়ী, জিম্মুৱে শাসনভাৰ গ্ৰহণ কৰিছিল। ১৯৩০ আৰু ১৯৪০ৰ দশকত জিম্মুৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন কৰা বিপদেৰে পৰিপূৰ্ণ আছিল।[3]

ইতিহাসবিদে দোহাৰে যে জিম্মুৰ অস্তিত্বৰ কোনো প্ৰমাণ পোৱা নাযায়।[4] জিম্মুৰ পাছৰ আন কেইবাজনো জাপানী সম্ৰাটৰো কোনো ঐতিহাসিক সাক্ষ্য পোৱা নাযায়। অনেক পণ্ডিতৰ মতে, জাপানৰ স্থাপনাৰ এই কাহিনী কিংবদন্তীহে, আৰু জিম্মু এক প্ৰবাদপ্ৰতিম সম্ৰাট।[5] কিন্তু জিম্মুৰ যাত্ৰাৰ কাহিনীৰ কিছু কিছু অংশই বাস্তৱ ঐতিহাসিক ঘটনাক প্ৰতিফলিত কৰিব পাৰে।[6][7]

পৰিয়াল[সম্পাদনা কৰক]

স্ত্ৰী: আহিৰাৎচু-হিমে (吾平津媛), যি হৌচেৰিৰ পুত্ৰী, হৌচেৰি নিনিগি-ন'-মিক'ট'ৰ পুত্ৰ

  • প্ৰথম পুত্ৰ: ৰাজকুমাৰ টাগিশ্বিমিমি (手研耳命)
  • ৰাজকুমাৰ কিচুমিমি (岐須美美命)
  • ৰাজকুমাৰী মিচাকি (神武天皇)

সম্ৰাজ্ঞী: হিমেটেটাৰাইচুজু-হিমে (媛蹈鞴五十鈴媛), ক'ট'শ্বিৰ'নুশ্বিৰ পুত্ৰী

  • ৰাজকুমাৰ হিক'য়াই (日子八井命)
  • দ্বিতীয় পুত্ৰ: ৰাজকুমাৰ কামুয়াইমিমি (神八井耳命)
  • তৃতীয় পুত্ৰ: ৰাজকুমাৰ কামুনুনাকাৱামিমি (神渟名川耳尊), যি পাছালৈ সম্ৰাটৰ আসন গ্ৰহণ কৰি সম্ৰাট চুইজেই হ'লগৈ।

সম্ৰাট জিম্মুৰ বংশধৰ বুলিয়েই জাপানৰ বৰ্তমানৰ ৰাজপৰিয়ালে দাবী কৰে।

জন্মৰ কাহিনী[সম্পাদনা কৰক]

জাপানী লোকবিশ্বাস অনুযায়ী, সম্ৰাট জিম্মুৰ আগৰ কাল হ'ল দেৱতাসকলৰ কাল[8]

জিম্মুৰ কাহিনী অট'ম' (大伴氏) ফৈদৰ কাহিনীৰে প্ৰভাৱিত, যাৰ উদ্দেশ্য আছিল সেই ফৈদৰ ৰাজকীয় পৰিয়ালৰ সৈতে সম্পৰ্কৰ দাবী সমৰ্থন কৰা। ঠিক তেনেদৰেই, চুইজিনৰ কাহিনী ম'ন'ন'বেৰ কাহিনীৰে প্ৰভাৱিত, যি চ'গা ফৈদৰ পৰম্পৰাৰ ওপৰত আধাৰিত।[9]

জিম্মুক সূৰ্যৰ জাপানী দেৱী আমাটাৰেচুৰ প্ৰত্যক্ষ বংশধৰ বুলি বিশ্বাস কৰা হয়, আমাটাৰেচুৰ পিতৃ উগায়াফুকিয়েজুৰ ফালৰ পৰা। আমাটাৰেচুৰ পুত্ৰৰ নাম আমে ন' অ'শ্বিহ'মিমি ন' মিক'ট' আৰু তেওঁৰ পৰাই পৌত্ৰ হ'ল নিনিগি-ন-মিক'ট'। দেৱীয়ে নিজৰ পৌত্ৰ নিনিগি-ন-মিক'ট'ক জাপানী দ্বীপ-পুঞ্জলৈ প্ৰেৰণ কৰিছিল, য'ত তেওঁ পাছলৈ ক'ন'হানা-চাকুয়া-হিমেৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। এই বিবাহৰ ফলত তিনি সন্তানৰ জন্ম হৈছিল। এই তিনিৰ এজন আছিল হিক'হ'হ'ডেমি ন' মিক'ট', যাক য়ামাচাচি-হিক'ৰ নামেৰেও জনা যায়। তেওঁ ট'য়'টামা-হিমেৰ সৈতে বিবাহত বহিছিল। ট'য়'টামা-হিমে হ'ল য়ুজিনৰ পুত্ৰী, যি সমুদ্ৰৰ জাপানী দেৱতা। এই বিবাহৰ ফলত এটি মাথো পুত্ৰৰ জন্ম হ'ল, যাৰ নাম ৰখা হ'ল হিক'নাচিগা টাকেউগায়া ফুকিয়েজু ন' মিক'ট'। এই পুত্ৰক তেওঁৰ পিতৃ-মাতৃয়ে এৰি দিছিলে। তেওঁৰ মাহিয়েক টামায়'ৰি-হিমেই তেওঁক ডাঙৰ দীঘৰ কৰিছিল। পাছলৈ তেওঁলোক বিবাহপাশত আবদ্ধ হ'ল। এই বিবাহৰ ফলত চাৰি পুত্ৰৰ জন্ম হ'ল। এই চাৰি পুত্ৰৰ কণিষ্ঠজনৰ নাম কামু-য়ামাট' ইৱাৰে-বিক' ন' মিক'ট'। তেঁৱেই পাছলৈ জাপানৰ সম্ৰাটৰ পদবী গ্ৰহণ কৰি সম্ৰাট জিম্মু হ'ল।[10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Kelly, Charles F. "Kofun Culture", Japanese Archaeology. April 27, 2009.
  2. * Kitagawa, Joseph (1987). On Understanding Japanese Religion, p. 145, গুগুল বুকচ্‌ত; excerpt: "emphasis on the undisrupted chronological continuity from myths to legends and from legends to history, it is difficult to determine where one ends and the next begins. At any rate, the first ten legendary emperors are clearly not reliable historical records."
  3. Trevor, Malcolm (2001) (en ভাষাত). Japan: Restless Competitor: The Pursuit of Economic Nationalism. Psychology Press. পৃষ্ঠা. 79. ISBN 978-1-903350-02-7. https://books.google.com/books?id=PrAoHzoP1QkC&q=dangerous+to+question+Jimmu&pg=PA79. 
  4. Ruoff, Kenneth J. (2021-02-01) (en ভাষাত). Japan's Imperial House in the Postwar Era, 1945–2019. BRILL. পৃষ্ঠা. 171. ISBN 978-1-68417-616-8. https://books.google.com/books?id=Mo8cEAAAQBAJ&q=evidence+emperor+Jimmu&pg=PA175. 
  5. Shillony, Ben-Ami (2008) (en ভাষাত). The Emperors of Modern Japan. BRILL. পৃষ্ঠা. 15. ISBN 978-90-04-16822-0. https://books.google.com/books?id=FwztKKtQ_rAC&q=nine+first+emperors+of+japan&pg=PA15. 
  6. Henshall, Kenneth (2013-11-07) (en ভাষাত). Historical Dictionary of Japan to 1945. Scarecrow Press. পৃষ্ঠা. 100. ISBN 978-0-8108-7872-3. https://books.google.com/books?id=tmYYAgAAQBAJ&q=Japan+660+BC&pg=PA487. 
  7. Wetzler, Peter (1998-02-01) (en ভাষাত). Hirohito and War: Imperial Tradition and Military Decision Making in Prewar Japan. University of Hawaii Press. পৃষ্ঠা. 101–102. ISBN 978-0-8248-6285-5. https://books.google.com/books?id=g58BEAAAQBAJ&q=historicity+of+Emperor+Jimmu&pg=PA101. 
  8. Nussbaum, "Jindai" at p. 421, p. 421, গুগুল বুকচ্‌ত.
  9. Jacques H. Kamstra, Encounter Or Syncretism: The Initial Growth of Japanese Buddhism, Brill 1967 pp. 69–70.
  10. Nussbaum, "Chijin-godai" at p. 111, p. 111, গুগুল বুকচ্‌ত.