জীনত মহল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জীনত মহল
জীনত মহলৰ একমাত্ৰ জ্ঞাত ফটোগ্ৰাফ; সম্ভৱতঃ কোনো মোগল সম্ৰাজ্ঞীৰ একমাত্ৰ ফটো।
পাটশাহ বেগম
Tenure ১৯ নবেম্বৰ ১৮৪০- ১৪ চেপ্তেম্বৰ ১৮৫৭
পূৰ্বসূৰী বাদশাহ বেগম
উত্তৰসূৰী পদবী নাইকীয়া কৰা হয়
দাম্পত্য সঙ্গী বাহাদুৰ শাহ দ্বিতীয় (বি.১৮৪০-১৮৬২)
সন্তান
মিৰ্জা জৱান ভক্ত
বাসগৃহ টাইমূৰ সাম্ৰাজ্য

বেগম চাহিবা জীনত মহল বা জীনত মহল (উৰ্দু: زینت محل; ইংৰাজী: Zeenat Mahal , ১৮২৩- ১৭ জুলাই ১৮৮৬) বাহাদুৰ শাহ (দ্বিতীয়) জফৰৰ প্ৰিয়তম পত্নী আছিল। তেওঁ সাম্ৰাজ্যৰ প্ৰশাসনত যথেষ্ঠ পৰিমানে হস্তক্ষেপ কৰাৰ উপৰিও নিজৰ পুত্ৰ মিৰ্জা জৱান বখটক সিংহাসনৰ উত্তৰাধিকাৰ পাতিবৰ প্ৰচেষ্টা চলাইছিল।[1]

জীৱনী[সম্পাদনা কৰক]

১৮৪০ চনৰ ১০ নবেম্বৰত দিল্লীত জীনত মহলৰ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ মূল অংশগ্ৰহণকাৰী, শেষ মোগল সম্ৰাট বাহাদুৰ শাহ জফৰৰ সৈতে বিয়া হয়। তেওঁ সম্ৰাটৰ সৰ্বপ্ৰিয় পত্নী আছিল। দুয়োৰো মাজত ৪৮ বছৰ বয়সৰ পাৰ্থক্য আছিল। বিয়াৰ সময়ত বাহাদুৰ শাহৰ বয়স ৬৫ বছৰ হৈছিল। দুয়োৰ যুগ্ম-জীৱনৰ সাক্ষী স্বৰূপে এটা পুত্ৰ সন্তানৰ জন্ম হৈছিল- মিৰ্জা জৱান বখট্।[1]

তেওঁ সাম্ৰাজ্যৰ প্ৰশাসনত যথেষ্ঠ পৰিমানে হস্তক্ষেপ কৰিছিল। ভৱিষ্যতৰ মোগল সাম্ৰাজ্যৰ উত্তৰাধিকাৰ চাহজাদা মিৰ্জা দাৰা বখটৰ মৃত্যুৰ পিছত জীনতে তেওঁৰ পুত্ৰ মিৰ্জা জৱান বখটক মোগল সিংহাসনৰ উত্তৰাধিকাৰ পাতিবলৈ প্ৰচেষ্টা চলাইছিল; যদিও সম্ৰাটৰ জীৱিত জ্যেষ্ঠ পুত্ৰ মিৰ্জা ফাথ-উল-মুল্ক বাহাদুৰহে আছিল। কিন্তু ব্ৰিটিছৰ "জ্যেষ্ঠ উত্তৰাধিকাৰ" নীতি বলবৎ থকাৰ বাবে মিৰ্জা জৱান বখটৰ উত্তৰাধিকাৰৰ বিষয়টো গ্ৰহণ কৰা নহ’ল। সেই সময়ত দিল্লীত ব্ৰিটিছ ৰেচি়ডেণ্ট হিচাপে আছিল থমাছ মেটকাফে। তেওঁ মোগল সাম্ৰাজ্যৰ যিকোনো বিষয়তে হস্তক্ষেপ কৰিবলৈ লৈছিল। ১৮৫৩ চনত তেওঁৰ ৰহস্যজনক ভাবে মৃত্যু হয়। সন্দেহ কৰা হয় যে সাম্ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত অযথা হস্তক্ষেপ কৰা বাবেই জীনত মহলে তেওঁক বিহ দি হত্যা কৰিছিল।[2]

তেওঁ পুৰণি দিল্লীৰ লাল কুৱাঁত অৱস্থিত নিজৰ হাউলিত বাস কৰিছিল।[3][4]

১৮৫৭ চনৰ বিদ্ৰোহ[সম্পাদনা কৰক]

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত তেওঁ ভৱিষ্যতৰ সিংহাসনৰ উত্তৰাধিকাৰৰ লক্ষ্যৰে নিজ পুত্ৰক বিদ্ৰোহাত্মক কাৰ্যকলাপৰ পৰা আঁতৰাই ৰাখিছিল। বিদ্ৰোহাত্মক কাৰ্যকলাপত জড়িত থকাৰ বাবে সম্ৰাটৰ আন দুজন পুত্ৰক ব্ৰিটিছে গুলীয়াই হত্যা কৰিছিল। ১৮৫৮ চনত তেওঁৰ স্বামী বাহাদুৰ শাহ জফৰক গাদীচ্যুত কৰাৰ লগেলগে মোগল সাম্ৰাজ্যৰ অন্ত পৰিছিল। জীনত মহলক তেওঁৰ স্বামীৰ সৈতে ব্ৰিটিছ শাসিত বৰ্মাৰ ৰেঙ্গুন চহৰত নিৰ্বাসন দিয়া হৈছিল। ১৮৬২ বাহাদুৰ শাহ নিৰ্বাসিত অৱস্থাতে মৃত্যু হোৱাৰ পিছত কোনো এজনকে দিল্লীৰ সিংহাসনৰ দাবীদাৰ হোৱাত বাধা আৰোপ কৰে। [5][6]

মৃত্যু[সম্পাদনা কৰক]

১৮৮৬ চনৰ ১৭ জুলাইত জীনত মহলৰ মৃত্যু হয়।[উদ্ধৃতিৰ প্ৰয়োজন] অন্য এক সূত্ৰই কয় যে তেওঁ স্বামীৰ মৃত্যুৰ বিশ বছৰ পিছত ঢুকাইছিল।[7] তেওঁক ৰেঙ্গুনৰ শ্বেডেগন পেগোডাৰ ওচৰৰ ডেগন টাউনশ্বিপৰ বাহদুৰ শাহ জফৰৰ সমাধিৰ ওচৰত কবৰ দিয়া হয়।[8][9] বাহাদুৰ শাহ জফৰ আৰু জীনতৰ নাতিয়েককো তেওঁলোকৰ ওচৰতে সমাধিস্থ কৰা হয়।[10] বহু দশকৰ অন্তত বাহাদুৰ শাহৰ সমাধি আৱিষ্কাৰ হয় আৰু ১৯৯১ চনত তাৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হয়।[10]

গেলাৰী[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

ৱিকিমিডিয়া কমন্সত জীনত মহল সম্পৰ্কীয় মিডিয়া ফাইল।