জেউৰা দিয়া
জেউৰা দিয়া নামনি অসমৰ সন্তান জন্মৰ লগত জড়িত এক লোক-উৎসৱ। নামনি অসমৰ বিভিন্ন ঠাইত বিবাহিতা মহিলা গৰ্ভৱতী হ’লে সাত মাহত বা ন মাহত 'জেউৰা' পতাৰ নিয়ম আছে। কোনো কোনোৱে ইয়াক 'সাধ ভক্ষণ' বুলিও কয়। 'জেউৰা'ত পঞ্চামৃত খুওৱাৰ দৰেই পঞ্চামৃত, পৰমান্ন, মিঠাই, মাছ আদি বিধি-নিয়মৰ মাজেৰে খুওৱা হয়।[1] ন-কইনা প্ৰথমবাৰ গৰ্ভৱতী হওঁতে এই জেউৰা দিয়া অনুস্থান পতা হয়৷[2] অসমৰ বিভিন্ন লোকসংস্কৃতিৰ ভিতৰৰ পুহন বিয়া, গৰ্ভাধান আদিৰ দৰে ইও এক সংস্কাৰমূলক উৎসৱ৷[3] জেওৰা শব্দই স্বাভাৱিকতে বেৰা বা বন্ধন কৰা কাৰ্যক বুজায়৷ নীতি-নিয়মৰ মাজেৰে গৰ্ভস্থ সন্তানক সংৰক্ষণ কৰা ব্যৱস্থাটোৱে হ’ল জেওৰা দিয়া৷
জেউৰা দিয়াৰ সময়
[সম্পাদনা কৰক]জেউৰা দিয়া প্ৰথাটো তিনিটা ভাগত ভগোৱা আছে৷ তিনিমাহ, সাত মাহ আৰু ন মাহ৷ তিনি মাহৰ সময়ত পালিত কাৰ্যক ’গৰ্ভাধান’ বুলি কোৱা হয়৷ এই অনুষ্ঠানটো আড়ম্বৰপূৰ্ণ নহয় যদিও গাম্ভীৰ্যপূৰ্ণ৷ এই সময়ত মুগৰ গাজী, ভোগ আদি ঘৰৰ বয়সীয়াল মহিলাসকলে নীতি-নিয়মৰ মাজেৰে খুওৱাৰ দিহা কৰে৷ পাঁচ মাহত পঞ্চামৃত খুওৱা হয়৷ আঠ মাহত জেউৰা খুওৱা হয়৷
পঞ্চামৃত খোৱাত একডেইঙা আনাকাটা
[সম্পাদনা কৰক]বৰপেটা আৰু ইয়াৰ আশে-পাশে কিছুমান ঠাইত পঞ্চামৃত খুওৱাৰ সময়ত আনাকাটা বস্ত্ৰ দিয়া নিয়ম৷ এই নিয়ম এতিয়াও প্ৰচলিত৷ পঞ্চামৃত খোৱাত লগা এই আনাকাটাখন বিশেষধৰণে বোৱা হয়৷ তাঁতবাতি কাঢ়িবৰ পৰত শিপিনীয়ে দুই ভৰি বহলকৈ মেলি অৰ্থাৎ ’এক ডেং’ মাৰি যিমান ঠাই আগুৰিব পাৰে, সিমান জোখৰ দীঘল কাপোৰ হোৱাকৈ তাঁতবাতি কাঢ়ি লোৱা হয়৷ এই কাপোৰখন শুদ্ধ বগা সূতাৰে বোৱা হয়৷ উৎসৱৰ দিনা গৰ্ভৱতী নাৰীগৰাকীয়ে গা-পা ধুই এই একডেইঙা কাপোৰখন দুহাত মেলি কোচ পাতি লয় আৰু তাত পাঁচবিধ ফলৰ লগতে ভোগৰ বাতি ৰখা হয়৷ এই একডেইঙা কাপোৰখন সন্তান জন্মৰ সময়লৈ বৰ সযতনে ৰখা হয় আৰু সন্তান ভূমিষ্ঠ হ’লে পোনতে এই কাপোৰখনেৰেই আক্লি (সাৱট মাৰি) লোৱা হয়৷ সেয়ে এই কাপোৰখনক ’আক্ল’ও বোলা হয়৷[4]
জেউৰাৰ বিধি
[সম্পাদনা কৰক]আঠ মাহ সম্পূৰ্ণ হ’লে জেউৰা পতা হয়৷ কোনো কোনোৱে ইয়াক লাৰু জেউৰাও বোলে৷ এই সময়ত উৎসৱৰ দিনা মহিলাগৰাকীক গা ধুৱাই নতুন কাপোৰ পিন্ধাই পীৰাত বহুৱাই সেওঁতা ফালি মূৰ আঁচুৰি দিয়া হয়৷ তাৰপিছত থাপনা পাতি শৰাই সজাই নাম-কীৰ্তন কৰি মহিলাগৰাকীক শুনোৱা হয়৷ পিঠাগুৰি, মিঠৈ আৰু জালুকৰ গুৰি আৰু গাখীৰেৰে লাড়ু তৈয়াৰ কৰি এই উৎসৱত ওচৰ-চুবুৰীয়া সকলোকে বিতৰণ কৰা হয়৷ নাম-কীৰ্তন শেষ হ’লে দুটা বাতি ওভোটাই এটাৰ তলত পাণ আৰু এটাৰ তলত তামোল লুকুৱাই থৈ গৰ্ভৱতী মহিলাগৰাকীক ডাঙি চাবলৈ দিয়া হয়৷ প্ৰথমে ডাঙি চোৱা বাতিটোৰ তলত তামোল থাকিলে গৰ্ভস্থ সন্তান ল’ৰা আৰু পাণ থাকিলে গৰ্ভস্থ সন্তান ছোৱালী হয় বুলি বিশ্বাস প্ৰচলিত৷ কোনো কোনো ঠাইত পুহন বিয়াৰ দৰে জেউৰা খোৱাত মাছ অপৰিহাৰ্য৷ জেউৰা খুৱাবলৈ যোৱা মাকৰ ঘৰৰ পৰিয়ালে লগত এহালি জীয়া মাছ নিয়াটো নিয়ম৷[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ অসমৰ লোকসংস্কৃতি, পৃ: নং, ১৩; নিৰ্মলপ্ৰভা বৰদলৈ
- ↑ https://www.asomiyarasana.com/2021/10/story-jeura-dia.html[সংযোগবিহীন উৎস]
- ↑ অবিভক্ত কামৰূপ জিলাৰ লোকউৎসৱ, ড° ৰজিতা কলিতা মৰল৷ মনপুৰ মৌচন্দা, অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ স্মাৰক গ্ৰন্থ; পৃ: নং, ৬০২
- ↑ এটি পৱিত্ৰ অনুষ্ঠান- জেওৰা দিয়া, শ্ৰী হৰেন দাস; লোককৃষ্টি আৰু নাৰী, সম্পা: ফুলকুমাৰী কলিতা৷
- ↑ জনকৃষ্টিৰ ৰূপৰেখা, ড° নবীন চন্দ্ৰ শৰ্মা, পৃ: নং, ৮৪