জেন গুডঅল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেন গুডঅল
Jane Goodall

২০১৮ চনত টাঞ্জানিয়াত গুডঅল
জন্ম ভালেৰী জেন মৰিছ-গুডঅল
৩ এপ্ৰিল, ১৯৩৪ (৯০ বছৰ)
লণ্ডন, ইংলেণ্ড, যুক্তৰাজ্য
শিক্ষানুষ্ঠান
  • নিউহেম কলেজ,কেমব্ৰিজ
  • ডাৰৱিন কলেজ, কেমব্ৰিজ
ডক্তৰেল পৰামৰ্শদাতা ৰবাৰ্ট হিণ্ডে[1]
জনা যায় চিম্পাঞ্জীৰ অধ্যয়ন, পৰিৱেশ সংৰক্ষণ, জীৱ কল্যাণ
প্ৰভাৱ লুইছ লিকী
উল্লেখনীয় বঁটা
  • কিয়টো বঁটা (১৯৯০)
  • হাবাৰ্ড পদক, ১৯৯৫
  • পাৰিপাৰ্শ্বিকতাৰ সাফল্যৰ বাবে টায়লাৰ বঁটা, ১৯৯৭
  • অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ, ২০০৪
  • টেম্প্লেটন বঁটা, ২০২১
দাম্পত্যসঙ্গী
  • হিউগো ভেন লাৱিক
    (বি. ১৯৬৪; বিবি. ১৯৭৪)
  • ডেৰেক ব্ৰাইচেছন
    (বি. ১৯৭৫; মৃ. ১৯৮০)
সতি-সন্ততি
স্বাক্ষৰ

ডেম জেন মৰিছ গুডঅল(ইংৰাজী: Dame Jane Morris Goodall) DBE (/ˈɡʊdɔːl/; জন্মতে ভালেৰি জেন মৰিছ-গুডঅল, ৩ এপ্ৰিল ১৯৩৪),[2] পূৰ্বতে বেৰোনেছ জেন ভেন লাৱিক-গুডঅল, হৈছে এগৰাকী ইংৰাজ প্ৰাইমেটোলজিষ্ট আৰু নৃতত্ত্ববিদ৷ [3]সাধাৰণ চিম্পাঞ্জীৰ এগৰাকী নেতৃস্থানীয় বিশেষজ্ঞ হিচাপে গুডঅল পৰিচিত৷ বনৰীয়া চিম্পাঞ্জীৰ সামাজিক আৰু পাৰিবাৰিক দিশৰ অধ্যয়নৰ লগত তেখেত ৬০ বছৰৰ জড়িত হৈ আছিল৷ টাঞ্জানিয়াত থকা গম্বে ষ্ট্ৰিম ৰাষ্ট্ৰীয় উদ্যানলৈ গুডঅল ১৯৬০ চনতে পোনপ্ৰথমবাৰৰ বাবে গৈছিল আৰু চিম্পাঞ্জীৰ মাজত মানৱ-সদৃশ আচৰণ প্ৰত্যক্ষ কৰিছিল৷ ইয়াৰ লগতে তেখেতে গম্বে চিম্পাঞ্জীৰ মাজত সশস্ত সংঘাতো দেখা পাইছিল৷[4]

তেখেত "জেন গুডঅল প্ৰতিষ্ঠান" আৰু "ৰুটছ এণ্ড শ্বুটছ" কাৰ্যসূচীৰ প্ৰতিষ্ঠাপক৷ বন্যপ্ৰাণীৰ কল্যাণ-সম্বন্ধীয় আৰু সংৰক্ষণৰ লগত জড়িত দিশত তেখেতে ব্যাপকভাৱে কাম কৰিছে৷ ১৯৯৬ চনত প্ৰতিষ্ঠা হোৱা "ননহিউমেন ৰাইটছ্ প্ৰজেক্ট"ৰ পৰিষদত তেখেতে ইয়াৰ প্ৰতিষ্ঠাকালৰ পৰাই কাম কৰি আছে৷ [5][6] ২০০২ চনৰ এপ্ৰিলত জেন গুডঅলক ৰাষ্ট্ৰসংঘই শান্তিৰ দূত আখ্যা দিয়ে৷ গুডঅল বিশ্ব ভৱিষ্যত পৰিষদৰ এগৰাকী সন্মানীয় সদস্য৷

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

লণ্ডনৰ হেম্পষ্টেডত, ১৯৩৪ চনত জেন গুডঅলৰ জন্ম হৈছিল৷[7]জেন গুডঅলৰ পিতৃ মৰ্টিমাৰ হাৰ্বাৰ্ট মৰিছ-গুডঅল (১৯০৭-২০০১) আছিল এগৰাকী ব্যৱসায়ী৷ আনহাতে মাতৃ মাৰ্গাৰেট মাইফানৱে জোছেফ (১৯০৬-২০০০) আছিল এগৰাকী ঔপন্যাসিকা৷ [8]তেখেতৰ ঘৰ আছিল পেমব্ৰুকশ্বায়াৰৰ মিলফৰ্ড হাভেনত৷[9] মাৰ্গাৰেটে ভান্নে মৰিছ-গুডঅল নামেৰে লিখা-মেলা কৰিছিল৷[2]

পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰিলায়টো বাৰ্ণেমাউথলৈ স্থানান্তিৰত হয়৷ ইয়াত গুডঅলে আপলেণ্ডছ্ স্কুলত নামভৰ্তি কৰে৷[2]

শিশু অৱস্থাত পিতৃ মৰ্টিমাৰ হাৰ্বাৰ্টে জেনক পুতলা ভালুকৰ পৰিৱৰ্তে "জুবিলী" নামৰ এটি চিম্পাঞ্জী উপহাৰ দিয়ে৷ গুডঅলে কয় যে-এই পুতলাটোৰ জৰিয়তেই জন্তুৰ প্ৰতি থকা ভালপোৱাৰ বিকাশ সাধন হৈছিল৷ তেখেতৰ ভাষাত-"মোৰ মাতৃৰ বন্ধুমহলে পুতলাটো দেখি আতংকিত হৈছিল আৰু ভাবিছিল যে পুতলাটো মোৰ বাবে দুস্বপ্নৰ কাৰণ হৈ উঠিব৷" পিছে "জুবিলী" আজিও গুডঅলৰ লণ্ডনত থকা ড্ৰেছাৰ ৰূমত অক্ষত অৱস্থাত আছে৷[10]

আফ্ৰিকাত[সম্পাদনা কৰক]

আদ্ৰভূমিত জেন গুডঅল, এগৰাকী বন্ধুৰ সৈতে

গুডঅলৰ সদায়েই জীৱ-জন্তু আৰু আফ্ৰিকাৰ প্ৰতি আকৰ্ষণ আছিল৷ সেই আকৰ্ষণৰ সূত্ৰেই তেখেতে ১৯৫৭ চনত কেনিয়াত থকা বন্ধু এগৰাকীৰ কৃষিক্ষেত্ৰলৈ লৈ আহিছিল৷[11] ইয়াৰে পৰা জেন গুডঅলে ছেক্ৰেটাৰী হিচাপে নিযুক্তি লাভ কৰিলে আৰু বন্ধুৰ পৰামৰ্শ অনুযায়ী তেখেতে লুইছ লিকীক টেলিফোন কৰিলে৷ [12] লুইছ লিকী আছিল কেনিয়াৰ প্ৰত্নতত্ত্ববিদ আৰু জীৱাশ্মবিদ৷ জেন গুডঅলে ফোনযোগে কথা পাতি লুইছ লিকীৰ সৈতে জন্তুৰ সম্পৰ্কে কথাবাৰ্তা পাতিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে৷ লিকীয়ে ভাবিছিল যে বৰ্তমান সময়ৰ কপিকুলৰ অধ্যয়নে প্ৰাৰম্ভিক পৰ্যায়ৰ হমিনয়ডসকলৰ আচৰণৰ বিষয়ে কেতবোৰ কথা জনাত সহায় কৰিব৷ [13] লিকীয়ে সেইসময়ত বিচাৰি আছিল এগৰাকী চিম্পাঞ্জীৰ গৱেষকক৷ অৱশ্যে সেই চিন্তাটো তেওঁ নিজৰ মাজতে ৰাখিছিল৷ ইয়াৰ পৰিৱৰ্তে লিকীয়ে গুডঅলক নিজৰ ছেক্ৰেটাৰী হিচাপে কাম কৰিবলৈ প্ৰস্তাৱ আগবঢ়ালে৷ নিজৰ পত্নী আৰু সহ-গৱেষিকা পত্নী ব্ৰিটিছ জীৱাশ্মবিদ মেৰি লিকীৰ পৰা অনুমোদন লাভ কৰাৰ পাছত লুইছে গুডঅলক বৰ্তমান সময়ৰ টাঞ্জানিয়া আৰু তেতিয়া টাঞ্জানিয়াকৰ অলদুভাই গৰ্জেলৈ প্ৰেৰণ কৰিলে৷ ইয়াতেই তেওঁ নিজৰ পৰিকল্পনাসমূহ সাজু কৰিলে৷ [উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰাইমেটৰ আচৰণৰ বিষয়ে উইলিয়াম চালৰ্ছ হিলৰ লগত আৰু প্ৰাইমেটৰ দেহতত্ত্বৰ বিষয়ে জন নেপিয়াৰৰ সৈতে অধ্যয়ন কৰিবলৈ লুইছ লিকীয়ে ১৯৫৮ চনত গুডঅলক লণ্ডনলৈ পঠায়৷[14] এই উদ্দেশ্যে লিকীয়ে পুঁজি সংগ্ৰহ কৰিলে আৰু ১৯৬০ চনৰ ১৪ জুলাইত গুডঅল গোম্বে ৰাষ্ট্ৰীয় উদ্যানলৈ ৰাওনা হয়৷ যাক পৰৱৰ্তী সময়ত বিশ্ববাসীয়ে ট্ৰাইমেটৰ প্ৰথমগৰাকী (ট্ৰাইমেট তিনিগৰাকী হৈছে-জেন গুডঅল,ডায়ান ফচি আৰু বায়ৰুট গালডিকাছ৷ তেওঁলোকে লিকীৰ যথাক্ৰমে চিম্পাঞ্জী, গৰিলা আৰু ওৰাংওটাং অধ্যয়ন কৰিবলৈ গোম্বলৈ ৰাওনা হৈছিল) বুলি অভিহিত কৰে৷ .[15] জেন গুডঅলৰ সংগী হৈছিল তেখেতৰ মাতৃ৷ মাতৃয়ে মুখ্য ৱাৰ্ডেন ডেভিড এণ্টছিৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায়ক হৈছিল৷ [11] প্ৰাইমেটলোজীক কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ কৃতিত্ব গুডঅলে তেখেতৰ মাতৃক দিছে৷ কাৰণ, এইখন ক্ষেত্ৰ সেইসময়ত পুৰুষ-কেন্দ্ৰিক আছিল৷ গুডঅল কৈছে যে, ১৯৫০ৰ দশকত, তেখেতে এই ক্ষেত্ৰখনত প্ৰৱেশ কৰা সময়ত মহিলাক গ্ৰহণ কৰা নহৈছিল৷ [16] বৰ্তমান এই ক্ষেত্ৰখনত পুৰুষ আৰু মহিলাক সমানেই দেখিবলৈ পোৱা গৈছে৷ তাৰ আংশিক কৃতিত্ব গুডঅলক দিয়া হয়৷[17]

জেন গুডঅল প্ৰতিষ্ঠান[সম্পাদনা কৰক]

হাংগেৰিয়ান ৰুটছ এণ্ড শ্বুটছৰ সদস্যসকলৰ লগত গুডঅল, ২০০৯ চনত৷

১৯৭৭ চনত, গুডঅলে জেন গুডঅল প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিলে৷ এই প্ৰতিষ্ঠানে গম্বে ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণাক সহযোগিতা কৰে৷ এইক্ষেত্ৰত গুডঅলে চিম্পাঞ্জী আৰু তেওঁলোকৰ বাসস্থানসমূহ ৰক্ষা কৰাৰ বাবে গোলকীয় নেত্ৰী হিচাপে কাম কৰি আছে৷ বৰ্তমান এই প্ৰতিষ্ঠানৰ সমগ্ৰ বিশ্বতে মুঠ ঊনৈশটা কাৰ্যালয় আছে৷ তেওঁলোকৰ বিশ্বজনীন যুৱ কাৰ্যসূচী ৰুটছ এণ্ড শ্বুটছ্ ১৯৯১ চনত আৰম্ভ হয়, যেতিয়া ১৬গৰাকী স্থানীয় কিশোৰ-কিশোৰীয়ে টাঞ্জানিয়াত লগ কৰিছিল৷ পৃথিৱীৰ এশখন দেশত প্ৰতিষ্ঠানটোৰ বৰ্তমান দহ হাজাৰতকৈও অধিক গোট আছে৷[18]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

গুডঅলে এতিয়ালৈকে দুবাৰ বিয়া পাতিছে৷ ১৯৬৪ চনৰ ২৮ মাৰ্চত তেখেতে নেদাৰলেণ্ডৰ বন্যপ্ৰাণী ফটোগ্ৰাফাৰ হিউগো ভেন লাৱিকৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে৷ [19] তেওঁলোকৰ এটি পুত্ৰ সন্তান হয়-হিউগো এৰিক লুইছ (জন্ম ১৯৬৭)৷ পিছে ১৯৭৪ চনত দম্পতীটোৰ মাজত বিবাহ-বিচ্ছেদ হয়৷ পৰৱৰ্তী বৰ্ষটোত জেন গুডঅলে ডেৰেক ব্ৰাইচেছনৰ লগত নতুনকৈ যুগ্ম জীৱনৰ পাতনি মেলে৷ তেওঁ আছিল টাঞ্জানিয়াৰ সদনৰ এগৰাকী সদসয় আৰু দেশৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সঞ্চালক৷ ১৯৮০ চনৰ অক্টোবৰ মাহত তেখেতে কৰ্কট ৰোগত মৃত্যুবৰণ কৰে৷[20] [20] গুডঅলে কৈছে যে কুকুৰ তেখেতৰ প্ৰিয় জন্তু৷[21]

গুডঅল 'প্ৰচোপেগনেছিয়া'ত আক্ৰান্ত৷ যিয়ে তেখেতক পৰিচিত মুখবোৰ চিনাক্তকৰণ কৰাত অসুবিধাৰ সৃষ্টি কৰে৷ [22]

বঁটা-বাহন[সম্পাদনা কৰক]

  • ১৯৮০: অৰ্ডাৰ অৱ দ্য গোল্ডেন আৰ্ক, সংৰক্ষণৰ বাবে বিশ্ব বন্যপ্ৰাণী বঁটা
  • ১৯৮৭: গোল্ডেন প্লেট বঁটা, আমেৰিকান একাডেমি অৱ এচিভমেণ্ট[23]
  • ১৯৮৯: এনচাইক্লপেডিয়া ব্ৰিটানিকা বঁটা, বৰ্ষটোৰ নৃতত্ত্বিদ
  • ১৯৯৬: লণ্ডনৰ প্ৰাণীবৈজ্ঞানিক সমাজৰ ৰূপৰ পদক,
  • ১৯৯৯: আন্তৰ্জাতিক শান্তি বঁটা
  • ২০০৪: ৰাজহুৱা স্বাৰ্থত বিজ্ঞানৰ বাবে নিৰেনবাৰ্গ বঁটা
  • ২০০৫: চিৰাকাছ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত সন্মানীয় ডক্তৰেট ডিগ্ৰী [24][25]
  • ২০০৫: আৱিষ্কাৰ আৰু কল্পনা বঁটা
  • ২০১৪: ব্ৰিটিছ একাডেমীৰ পৰা ৰাষ্ট্ৰপতিৰ পদক[26]
  • ২০১৭: আন্তৰ্জাতিক ব্ৰহ্মাণ্ড বঁটা[27]
  • ২০২০: বহনক্ষম বিকাশত টাং বঁটা[28]
  • ২০২১: টেম্পলেটন বঁটা[29]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Goodall, Jane (1966). Behaviour of free-living chimpanzees (PhD thesis). EThOS uk.bl.ethos.727585. OCLC 1063634333. https://www.repository.cam.ac.uk/handle/1810/251039. 
  2. 2.0 2.1 2.2 The Biography Channel (2010). "Jane Goodall Biography". http://www.biography.com/articles/Jane-Goodall-9542363। আহৰণ কৰা হৈছে: 28 July 2010. 
  3. Holloway, M. (1997) Profile: Jane Goodall – Gombe's Famous Primate, Scientific American 277(4), 42–44.
  4. "Jane in the Forest Again". National Geographic. April 2003. http://ngm.nationalgeographic.com/ngm/0304/feature5/fulltext.html। আহৰণ কৰা হৈছে: 17 November 2014. 
  5. "About Us". NhRP Website. Nonhuman Rights Project. Archived from the original on 26 June 2012. https://web.archive.org/web/20120626085624/http://www.nonhumanrightsproject.org/about-us-2/। আহৰণ কৰা হৈছে: 3 September 2013. 
  6. "2013 is here, and we are ready!". NhRP Website. Nonhuman Rights Project. 16 January 2013. Archived from the original on 14 October 2013. https://web.archive.org/web/20131014153808/http://www.nonhumanrightsproject.org/2013/01/16/2013-is-here-and-we-are-ready/। আহৰণ কৰা হৈছে: 3 September 2013. "The following year, I created the Center for the Expansion of Fundamental Rights, Inc. (CEFR), which is now the Nonhuman Rights Project, Inc., with Jane Goodall as a board member." 
  7. "Morris-Goodall, Valerie J" in Register of Births for Hampstead Registration District, volume 1a (1934), p. 748.
  8. England & Wales, Civil Registration Death Index, 1916–2007.
  9. 1911 England Census
  10. Goodall, Jane; Phillip Berman (2000). Reason for Hope: A Spiritual Journey. প্ৰকাশক New York: Warner Books. পৃষ্ঠা. 4. ISBN 978-0-446-67613-7. 
  11. 11.0 11.1 "Early Days". Jane Goodall Institute. 2010. http://www.janegoodall.org/janes-story। আহৰণ কৰা হৈছে: 28 July 2010. 
  12. "Jane Goodall Biography and Interview". American Academy of Achievementwww.achievement.org. https://www.achievement.org/achiever/jane-goodall/#interview. 
  13. Jane Goodall helps humans and animals live together. Arusha, Tanzania: TED. June 2007. Retrieved 28 July 2010. 
  14. Morell, Virginia (1995). Ancestral Passions: the Leakey family and the quest for humankind's beginnings. প্ৰকাশক New York: Simon & Schuster. পৃষ্ঠা. 242. ISBN 978-0-684-80192-6. https://archive.org/details/ancestralpassion00more/page/242. 
  15. Goodall, Jane; Peterson, Dale (25 September 2002). Beyond Innocence: An Autobiography in Letters: The Later Years. Houghton Mifflin Harcourt. পৃষ্ঠা. 1. ISBN 978-0-618-25734-8. https://books.google.com/books?id=Kdr0TP7ou0wC&pg=PA1। আহৰণ কৰা হৈছে: 13 July 2011. 
  16. Morgen, B.(Director).(2017). Jane [Motion Picture]. United States: National Geographic Studios
  17. CBC/Radio Canada, She Walks with Apes, accessed 16 January 2022
  18. "Our History". Roots & Shoots. The Jane Goodall Institute. http://www.rootsandshoots.org/aboutus/history। আহৰণ কৰা হৈছে: 14 July 2010. 
  19. Simone, Morgan (2019-12-10). "Interesting facts about Jane Goodall" (en ভাষাত). Geeky Camel. https://www.geekycamel.com/interesting-facts-jane-goodall/। আহৰণ কৰা হৈছে: 2020-07-18. 
  20. 20.0 20.1 Montgomery, Sy (1991). Walking With the Great Apes. প্ৰকাশক Boston, MA: Houghton Mifflin. পৃষ্ঠা. 125–126. ISBN 978-0-395-51597-6. https://archive.org/details/walkingwithgreat00mont/page/125. 
  21. Bielski, Zosia (April 7, 2011). "Jane Goodall: 'My favourite animal is a dog's". The Globe and Mail. https://www.theglobeandmail.com/technology/science/jane-goodall-my-favourite-animal-is-a-dog/article575777/. 
  22. "Photos: The faces of those who don't recognize faces". CNN. May 23, 2013. https://edition.cnn.com/2013/05/23/health/gallery/notable-prosopagnosia/index.html. 
  23. "Golden Plate Awardees of the American Academy of Achievement". American Academy of Achievementwww.achievement.org. https://www.achievement.org/our-history/golden-plate-awards/#science-exploration. 
  24. "World-renowned primatologist Jane Goodall to speak at Syracuse University and SUNY ESF Commencement" (en-US ভাষাত). SU News. https://news.syr.edu/blog/2005/02/16/world-renowned-primatologist-jane-goodall-to-speak-at-syracuse-university-and-suny-esf-commencement/। আহৰণ কৰা হৈছে: 2019-05-14. 
  25. "Goodall named grad speaker; Primatologist chosen after suggestions by student body" (en-US ভাষাত). The Daily Orange – The Independent Student Newspaper of Syracuse, New York. 2005-02-16. http://dailyorange.com/2005/02/goodall-named-grad-speaker-primatologist-chosen-after-suggestions-by-student-body/। আহৰণ কৰা হৈছে: 2019-05-14. 
  26. "The British Academy President's Medal". British Academy. http://www.britac.ac.uk/british-academy-presidents-medal। আহৰণ কৰা হৈছে: 23 July 2017. 
  27. "The Prizewinner". Expo '90 Foundation. Archived from the original on 29 July 2017. https://web.archive.org/web/20170729012751/http://www.expo-cosmos.or.jp/main/cosmos/jyusyou/2017_e.html। আহৰণ কৰা হৈছে: 28 July 2017. 
  28. "Sustainable Development: Jane Goodall". Tang Prize FoundationTang Prize. https://www.tang-prize.org/en/owner_detail.php?id=1397&cat=10। আহৰণ কৰা হৈছে: 13 July 2020. 
  29. Naturalist Jane Goodall wins 2021 Templeton prize for life’s work The Guardian