জেম্‌ছ ৱেব স্পে’চ টেলিস্কোপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেম্‌ছ ৱেব স্পে’চ টেলিস্কোপ

জেম্‌ছ ৱেব স্পে’চ টেলিস্কোপৰ উপাদানসমূহ সম্পূৰ্ণৰূপে নিয়োজিত এটা ৰেণ্ডাৰিং
নাম Next Generation Space Telescope (NGST; 1996–2002)
অভিযানৰ প্ৰকাৰ জ্যোতিৰ্বিজ্ঞান
নিয়ন্ত্ৰক স্পে’চ টেলিস্কোপ ছায়েঞ্চ ইনষ্টিটিউট (STScI) (নাছা)[1]
COSPAR ID 2021-130A
SATCAT no. 50463Edit this on Wikidata
ৱেবছাইট আধিকাৰিক ৱেবছাইট
অভিযানৰ সময় ১০ বছৰ (পৰিকল্পিত)
2 years, 2 months, 13 days (অতিক্ৰম)
মহাকাশযানৰ বৈশিষ্টসমূহ
নিৰ্মাতা
উত্‍ক্ষেপিত ভৰ ৬,১৬১.৪ কিলোগ্ৰাম (১৩,৫৮৪ পাউণ্ড)[2]
মাত্ৰা 20.197 m × 14.162 m (66.26 ft × 46.46 ft), sunshield
ক্ষমতা ২ কিলোৱাট্
অভিযানৰ আৰম্ভণি
উৎক্ষেপণৰ তাৰিখ 12:20:00, ২৫ ডিচেম্বৰ ২০২১ (UTC) (2021-12-25T12:20:00UTC) (2 বছৰ আগত)
ৰকেট Ariane 5 ECA (VA256)
উৎক্ষেপণ স্থলী Centre Spatial Guyanais, ELA-3
Contractor Arianespace
কক্ষীয় পৰিমাপসমূহ
প্ৰসংগ  প্ৰণালী Sun–Earth L2 orbit
Regime Halo orbit
Periapsis altitude ২,৫০,০০০ kilometre (1,60,000 মাইল) [3][4]
Apoapsis altitude ৮,৩২,০০০ kilometre (5,17,000 মাইল)
পৰ্যায়কাল 6 months
Main telescope
প্ৰকাৰ Korsch telescope
ব্যাস ৬.৫ মিটাৰ (21 ফুট)
ফ'কেল দৈৰ্ঘ্য ১৩১.৪ মিটাৰ (431 ফুট)
ফ'কেল অনুপাত f/20.2
Collecting area ২৫.৪ square metre (273 sq ft)[5]
তৰংগদৈৰ্ঘ্য 0.6–28.3 μm (orange to mid-infrared)
Transponders
পটি
  • S-band, telemetry, tracking, and control
  • Ka-band, data acquisition
পটিবেধ
  • S-band up: 16 kbit/s
  • S-band down: 40 kbit/s
  • Ka-band down: up to 28 Mbit/s
Instruments
Elements

James Webb Space Telescope mission logo  

জেম্‌ছ ৱেব স্পে’চ টেলিস্কোপ (ইংৰাজী: James Webb Space Telescope, JWST, জেম্‌ছ ৱেব মহাকাশ দূৰবীন) হৈছে ইউৰোপীয় মহাকাশ সংস্থা (ESA) আৰু কানাডিয়ান স্পে’চ এজেঞ্চী (CSA)ৰ অৱদানৰ সৈতে নাছাৰ দ্বাৰা নিৰ্মিত এক বিশাল মহাকাশ দূৰবীক্ষণ যন্ত্ৰ। জ্যোতিৰ্বিজ্ঞানত নাছাৰ ফ্লেগশ্বিপ মিছন হিচাপে হাবল মহাকাশ দূৰবীনক সফলতাৰে প্ৰতিষ্ঠাপন কৰিবলৈ ইয়াক পৰিকল্পনা কৰা হৈছে।[6][7]

এই মহাকাশ দূৰবীনটো এৰিয়ান ফ্লাইত ভিএ২৫৬-ৰ সহায়ত ২০২১ চনৰ ২৫ ডিচেম্বৰত উৎক্ষেপন কৰা হয়। ইয়াক হাবলতকৈ উন্নত ইনফ্ৰাৰেড ৰিজলিউশ্যন আৰু সংবেদনশীলতা প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে আৰু ই জ্যোতিৰ্বিজ্ঞান আৰু বিশ্বতত্ত্বৰ ক্ষেত্ৰখনক পূৰ্বতকৈ অধিক বিস্তৃত পৰিসৰত অনুসন্ধান কৰিবলৈ সক্ষম কৰি তুলিব। এই দূৰবীনৰ সহায়ত বিশ্বব্ৰহ্মাণ্ডৰ কিছুমান অতি দূৰৱৰ্তী ঘটনা আৰু বস্তু, যেনে— প্ৰথম তাৰকাৰাজ্যৰ সৃষ্টি আৰু সম্ভাৱ্য বসবাসযোগ্য বহিঃগ্ৰহৰ বায়ুমণ্ডলৰ বিতং তথ্য-সংগ্ৰহ আদি অধ্যয়ন কৰিবলৈ সক্ষম হ’ব।

দূৰবীক্ষণ যন্ত্ৰটোৰ দৰ্শন উপাদান প্ৰাথমিক দাপোণখন সোণৰ প্ৰলেপ দিয়া বেৰিলিয়ামৰ ১৮টা ষড়ভুজাকৃতিৰ দাপোণ-খণ্ডৰে গঠিত। এই দাপোণখনৰ ব্যাস হৈছে ৬.৫ মিটাৰ (২১ ফুট) আৰু এই দাপোণখন হাবল দূৰবীনৰ দাপোণখনতকৈ (২.৪ মিটাৰ (৭ ফুট ১০ ইঞ্চি)) যথেষ্ট ডাঙৰ। হাবল দূৰবীনে ওচৰৰ অতিবেঙুনীয়া, দৃশ্যমান, আৰু অৱলোহিত ৰশ্মিৰ (০.১ৰ পৰা ১ μm) বৰ্ণালী পৰ্যবেক্ষণ কৰিব পাৰিছিল, আনহাতে এই দূৰবীনে নিম্ন কম্পনাংক পৰিসৰৰ দীঘল-তৰংগদৈৰ্ঘ্যৰ দৃশ্যমান পোহৰৰ পৰা মধ্য-অৱলোহিত ৰশ্মিৰ (০.৬ৰ পৰা ২৮.৩ μm) বৰ্ণালী পৰ্যবেক্ষণ কৰিব পাৰিব। ইয়াৰ ফলত ই হাবলে পৰ্যবেক্ষণ কৰিব নোৱাৰা উচ্চ ৰঙা অপসাৰিত (redshift) বস্তুও পৰ্যবেক্ষণ কৰিবলৈ সক্ষম হ’ব। কোনো বাধা নোপোৱাকৈ অৱলোহিত ৰশ্মি পৰ্যবেক্ষণ কৰিবলৈ দূৰবীনটো অতি ঠাণ্ডাত ৰাখিব লাগিব, সেয়েহে ইয়াক পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ (৯,৩০,০০০ মাইল) দূৰৰ সূৰ্য-পৃথিৱী “এল2 লাগ্ৰেঞ্জ বিন্দু” (L2 Lagrange point)ৰ ওচৰৰ মহাকাশত স্থাপন কৰা হৈছে, এই দূৰত্ব চন্দ্ৰ আৰু পৃথিৱীৰ দূৰত্বৰ প্ৰায় তিনিগুণ। ছিলিকন আৰু এলুমিনিয়ামৰ আৱৰণযুক্ত কাপ্টনেৰে নিৰ্মিত এখন ডাঙৰ ছানশ্বিল্ডে (sunshield) ইয়াৰ আইনা আৰু অন্য সঁজুলিবোৰৰ উষ্ণতা ৫০ কেলভিন (−২২৩° চেলচিয়াছ; −৩৩৭° ফাৰেণহাইট)ৰ তলত ৰাখিব।

এই দূৰবীনটোৰ নাম ১৯৬১ চনৰ পৰা ১৯৬৮ চনলৈ নাছাৰ প্ৰশাসক পদত থকা আৰু এপ’ল’ কাৰ্যসূচীত এক অবিচ্ছেদ্য ভূমিকা পালন কৰা[8][9] বিজ্ঞানী জেম্‌ছ ই. ৱেবৰ (James E. Webb)[10] নামেৰে নামকৰণ কৰা হৈছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "NASA JWST "Who are the partners in the Webb project?"". NASA. https://www.jwst.nasa.gov/faq.html#partners। আহৰণ কৰা হৈছে: 18 November 2011.  এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  2. Clark, Stephen [@StephenClark1] (23 December 2021). "The exact launch mass of the James Webb Space Telescope: 6161.4 kilograms. That figure includes 167.5 kg of hydrazine and 132.5 kg of dinitrogen tetroxide for the propulsion system.". https://twitter.com/StephenClark1/status/1473999069706129419। আহৰণ কৰা হৈছে: 23 December 2021. 
  3. "JWST Orbit". Space Telescope Science InstituteJWST User Documentation. https://jwst-docs.stsci.edu/jwst-observatory-characteristics/jwst-orbit। আহৰণ কৰা হৈছে: 25 December 2021. 
  4. "James Webb Space Telescope". ESA eoPortal. https://directory.eoportal.org/web/eoportal/satellite-missions/j/jwst। আহৰণ কৰা হৈছে: 29 June 2015. [বিসংগতিপূৰ্ণ উৎস]
  5. "JWST Telescope". James Webb Space Telescope User Documentation. Space Telescope Science Institute. 23 December 2019. https://jwst-docs.stsci.edu/jwst-observatory-hardware/jwst-telescope। আহৰণ কৰা হৈছে: 11 June 2020.  এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  6. "About the James Webb Space Telescope". https://jwst.nasa.gov/about.html। আহৰণ কৰা হৈছে: 13 January 2012.  এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  7. "How does the Webb Contrast with Hubble?". NASA. https://jwst.nasa.gov/comparison.html। আহৰণ কৰা হৈছে: 4 December 2016.  এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  8. "ESA JWST Timeline". http://sci.esa.int/science-e/www/object/index.cfm?fobjectid=33148। আহৰণ কৰা হৈছে: 13 January 2012.  এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  9. During, John. "The James Webb Space Telescope". NASA. https://www.jwst.nasa.gov/। আহৰণ কৰা হৈছে: 31 December 2011.  এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  10. Witze, Alexndra (23 July 2021). "NASA investigates renaming James Webb telescope after anti-LGBT+ claims. Some astronomers argue the flagship observatory – successor to the Hubble Space Telescope – will memorialize discrimination. Others are waiting for more evidence.". Nature খণ্ড 596 (7870): 15–16. doi:10.1038/d41586-021-02010-x. PMID 34302150. https://www.nature.com/articles/d41586-021-02010-x। আহৰণ কৰা হৈছে: 23 July 2021.