জোছেফ জন টমছন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জে জে টমছনৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
জে জে টমছন

জন্ম জোছেফ জন টমছন
১৮ ডিচেম্বৰ, ১৮৫৬
ছিথাম হিল, মানচেষ্টা, ইংলেণ্ড
মৃত্যু ৩০ আগষ্ট, ১৯৪০ (৮৩ বছৰ)
কেম্ব্ৰিজ, ইংলেণ্ড
নাগৰিকত্ব ব্ৰিটিছ
জাতীয়তা ইংলিচ্‌
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান
প্ৰতিষ্ঠান ট্ৰিনিটি কলেজ,কেম্ব্ৰিজ
শিক্ষানুষ্ঠান ওৱেঞ্চ কলেজ (বৰ্তমানৰ মানচেষ্টা বিশ্ববিদ্যালয়)
ট্ৰিনিটি কলেজ,কেম্ব্ৰিজ (বি এ)
শৈক্ষিক পৰামৰ্শদাতা জ'ন স্ট্ৰাট ৰেলে
এডৱাৰ্ড জ'ন ৰ'ঠ
উল্লেখযোগ্য ছাত্ৰ Charles Glover Barkla
Charles T. R. Wilson
আৰ্ণেষ্ট ৰাডাৰফৰ্ড
Francis William Aston
John Townsend
J. Robert Oppenheimer
Owen Richardson
William Henry Bragg
H. Stanley Allen
John Zeleny
Daniel Frost Comstock
Max Born
T. H. Laby
Paul Langevin
Balthasar van der Pol
Geoffrey Ingram Taylor
নীলছ্‌ ব'ৰ
George Paget Thomson
Debendra Mohan Bose
জনা যায় প্লাম পুডিং মডেল
ইলেক্ট্ৰন
আইছ্‌ট্ৰপ
মাছ্‌ স্পেক্ট্ৰমিটাৰ
ভৰ আৰু আধানৰ অনুপাত
টমছন স্কেটাৰিং
ডেল্টা ৰশ্মি
এপ্‌চাইলন বিকিৰণ
টমছন একক
উল্লেখনীয় বঁটা ৰ'য়েল মেডেল (১৮৯৪)
হিউজ মেডেল (১৯০২)
ক'পলে মেডেল (১৯১৪)
হ'পকিন মেডেল (১৯২৩)
ফ্ৰেঙ্কলিন মেডেল (১৯২৩)
মাস্কাৰ্ট মেডেল (১৯২৭)
ডেল্টন মেডেল (১৯৩১)
ফাৰাডে মেডেল (১৯৩৮)
পদাৰ্থ বিজ্ঞানত নোবেল (১৯০৬)
সতি-সন্ততি জৰ্জ পাগেট টমছন, জ'আন পাগেট টমছন
স্বাক্ষৰ

জোছেফ জন টমছন আছিল নোবেল বঁটা প্ৰাপ্ত এজন পদাৰ্থ বিজ্ঞানী। তেওঁৱেই প্ৰথমতে বিশ্ববাসীক পাৰমাণৱিক কণিকা ইলেক্ট্ৰনৰ লগত চিনাকি কৰাই দিছিল।

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

জোছেফ জন টমছনৰ জন্ম হৈছিল ১৮৫৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে মানচেষ্টা চহৰৰ ওচৰৰ ছিথাম হিল নামৰ ঠাইত। তেওঁৰ পিতৃৰ নাম আছিল জোছেফ জেমচ্ টমছন আৰু মাতৃৰ নাম আছিল ইমা ছুইন্দেলছ্।[1] ১৮৭০ চনত তেওঁ মানচেষ্টাৰ ওৱেঞ্চ কলেজত নাম ভৰ্তি কৰে। তেওঁৰ পিতৃ-মাতৃৰ ইচ্ছা অনুযায়ী ১৪ বছৰৰ বয়সতে মানচেষ্টাৰ এখন ইঞ্জিনিয়াৰিং কলেজত নাম ভৰ্তি কৰে। ১৮৭৬ চনত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্ৰিনিটি কলেজত অধ্যয়ন কৰিব যায়। ১৮৮০ চনত তেওঁ গণিতত কলা শাখাৰ স্নাতক হৈছিল। ১৮৮৩ চনত জোছেফ জন টমছনে কলা শাখাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে লগতে আদাম্‌ছ প্ৰাইজো। [2]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৮৮৪ চনৰ ২২ডিচেম্বৰত ২৮ বছৰৰ বয়সত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পদাৰ্থৰ বিজ্ঞানৰ কেভেন্ডিচ পৰীক্ষাগাৰৰ সঞ্চালক (কেভেন্ডিচ প্ৰফেচাৰ) হয়। তেওঁৰ আগৰজন সঞ্চালক আছিল লৰ্ডৰেলে।[2][3] জোছেফ জন টমছনে প্ৰথম অৱস্থাৰ পৰা শেষলৈকে বিভিন্ন ক্ষেত্ৰত গৱেষণা কৰিছিলা। তেওঁৰ অণুৰ প্ৰতি থকা ৰাপৰ কথা প্ৰতিফলিত হয় তেওঁৰ ট্ৰেটিছ্‌ অন দ্য ম'চ'ন অফ্‌ ভৰ্টেক্স ৰিঙছ্‌ (Treatise on the Motion of Vortex Rings) যাৰ বাবে তেওঁ ১৮৮৪ চনত আডামছ্‌ প্ৰাইজ পাইছিল। [3] ১৮৯৪ চনত টমছনে কেথড ৰশ্মিৰ ওপৰত অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। টমছনে সেইসময়ত ব্যৱহৃত সঁজুলি আৰু পদ্ধতিসমূহতকৈ উন্নত সঁজুলি আৰু পদ্ধতিৰ ব্যৱহাৰ কৰিছিল। টমছনে বায়ুশূন্যৰ মাজেৰে কেথড ৰশ্মি প্ৰবাহিত কৰিছিল আৰু কিমান কোণত ৰশ্মিৰ গতিপথ সলনি হয় তাক উলিয়াবলৈ সক্ষম হৈছিল। লগতে তেওঁ বৈদুতিক আধানৰ আৰু কণিকাবোৰৰ ভৰৰ অনুপাত উলিয়াবলৈ সক্ষম হয়। টমছনে আৱিষ্কাৰ কৰিলে যে এই অনুপাত সকলো গেছৰ কাৰণেই সমান হয়। ইয়াৰ যোগেদি তেওঁ প্ৰমাণ কৰে যে একেবোৰ কণিকাৰ দ্বাৰা গেছবোৰ গঠিত হৈছে। তেওঁ এই কণিকাবোৰৰ নাম দিছিল ক'ৰপাছ্‌কুলছ (corpuscles) যাক বৰ্তমান কোৱা হয় ইলেক্ট্ৰন। ১৯০৬ চনত টমছনে ধনাত্মক আধান বা ধনাত্মক ৰশ্মিৰ ওপৰত গৱেষণা আৰম্ভ কৰে। ১৯১২চনত তেওঁ চুম্বকীয় আৰু বৈদুতিক ক্ষেত্ৰৰ মাজেৰে আয়নাইজ্‌দ নিয়ন পাৰ কৰি অধান আৰু ভৰৰ অনুপাত উলিয়াই। তেওঁ আৱিষ্কাৰ কৰিলে যে নিয়নৰ দুই ধৰণৰ অণু আছে আৰু আয়ছ'টপ উপস্থিতি প্ৰমাণ কৰে। মাছ্‌ স্পেক্ট্ৰমেট্ৰিৰ ই প্ৰথম প্ৰয়োগ আছিল।[4] ১৯১৯ চনত টমছনে কেভেন্ডিচ পৰীক্ষাগাৰৰ সঞ্চালক পদৰ পৰা অৱসৰ গ্ৰহণ কৰি ট্ৰিনিটি কলেজৰ মাষ্টাৰ পদ গ্ৰহণ কৰে। তেওঁ মৃত্য়ুৰ সময় ১৯৪০ চনৰ ৩০ আগষ্টলৈকে তেওঁ এই পদৰ দায়িত্ব বহন কৰিছিল।[2]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

টমছনে তেওঁৰ জীৱন কালত যথেষ্ট সংখ্যক বঁটা আৰু সন্মান লাভ কৰিছিল। ১৮৮৪ চনত টমছন ৰ'য়েল ছছাইটিৰ সদস্য হৈছিল আৰু ১৯১৬-১৯২০ ৰ ভিতৰত ছছাইটিৰ প্ৰেচিডেণ্ট আছিল। তেওঁ লাভ কৰা মেডেলসমূহ এনেধৰণৰ[3]

  • ১৮৯৪ চনত ৰ'য়েল মেডেল,
  • ১৯০২ চনত হিউজ মেডেল,
  • ১৯১৪ চনত ক'পলে মেডেল,
  • ১৯২৩ চনত হ'পকিন মেডেল,
  • ১৯২৩ চনত ফ্ৰেঙ্কলিন মেডেল,
  • ১৯২৭ চনত মাস্কাৰ্ট মেডেল,
  • ১৯৩১ চনত ডেল্টন মেডেল,
  • ১৯৩৮ চনত ফাৰাডে মেডেল,

১৯০৮ চনত তেওঁ ছাৰ উপাধি লাভ কৰিছিল। তেওঁ ১৯০৯চনত ব্ৰিটিছ এচ'চিয়েচনৰ প্ৰেচিডেণ্ট আছিল। তেওঁ কেইবাখনো বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল; অক্সফ'ৰ্ড, ডাব্লিন, লণ্ডন, ভিক্টৰিয়া, ক'লম্বিয়া, কেম্ব্ৰিজ, ডুৰহাম, বিৰমিঙ্গহাম, গত্তিজেন, লীড্‌ছ, অচ্‌ল', চৰব'ন, ইডিনবাৰ্গ, ৰিডিং, প্ৰিঞ্চটন, গ্লাছ্‌গ', জ'ন হ'পকিনছ্‌, আবেৰডিন,এথেঞ্চ, ক্ৰেক' আৰু ফিলেডেলফিয়া। ১৯০৬ চনত জোছেফ জন টমছনে পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।[3] টমছনৰ তত্ত্বাবধানত গৱেষণা কৰা মুঠ ৯জন বিজ্ঞানীয়ে নোবেল বঁটা লাভ কৰিছিল যাৰ ভিতৰত তেওঁৰ পুত্ৰ জৰ্জ পাগেট টমছনো ( ১৯৩৭ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা) আছিল। [2][3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. DAVIS, E.A.; FALCONER, I. J. (1997). J.J. Thomson and the Discovery of the Electron. CRC Press Taylor & Francis Group. 
  2. 2.0 2.1 2.2 2.3 কুমাৰ শৰ্মা, মুকুল (২০০২চন). নিউক্লীয় বিজ্ঞানী. প্ৰকাশক যোৰহাট: বিদ্যাভৱন. 
  3. 3.0 3.1 3.2 3.3 3.4 "J.J. Thomson Biographical". Nobel Media AB 2020. https://www.nobelprize.org/prizes/physics/1906/thomson/lecture/। আহৰণ কৰা হৈছে: 3 June 2020. 
  4. "J.J. Thomson Biography". Biography. https://www.biography.com/scientist/jj-thomson। আহৰণ কৰা হৈছে: 3 June 2020.