জৈৱ গেছ
Jump to navigation
Jump to search
যৌগ | সংকেত | % |
---|---|---|
মিথেন | CH4 | 50–75 |
কাৰ্বন ডাই অক্সাইড | CO2 | 25–50 |
নাইট্ৰ'জেন | N2 | 0–10 |
হাইড্ৰ'জেন | H2 | 0–1 |
হাইড্ৰ'জেন ছালফাইড | H2S | 0–3 |
অক্সিজেন | O2 | 0–0 |
Source: www.kolumbus.fi, 2007[1] |
জৈৱ গেছ হ'ল অক্সিজেনৰ (বা বায়ুৰ) অনুপস্থিতিত জৈৱিক সামগ্ৰীৰ পচনৰ ফলত উদ্ভৱ হোৱা বিভিন্ন গেছৰ এক মিশ্ৰন। সকলো ধৰণৰ পচন জৈৱ সামগ্ৰী যেনে, পেলনীয়া শাক-পাচলি, গৰু-ছাগলীৰ বৃষ্ঠা, শস্য-সামগ্ৰীৰ অৱশিষ্ট অংশ আদিৰ পৰা জৈৱ গেছ প্ৰস্তুত কৰিব পাৰি। বৰ্তমান সমগ্ৰ বিশ্বতে জৈৱ গেছে নৱীকৰণ শক্তিৰ উৎস হিচাপে গুৰুত্ব লাভ কৰিছে। জৈৱ গেছ প্ৰস্ত্ততকৰণৰ বাবে জৈৱ পদাৰ্থসমূহক কিছুমান বিশেষ অবায়বীয় বেক্টেৰিয়াৰ দ্বাৰা বায়ুৰ অনুপস্থিতিত পচন ঘটিবলৈ দিয়া হয়।
জৈৱ গেছ প্ৰধানকৈ মিথেন (CH4), কাৰ্বণ-ডাই-অক্সাইড (CO2) , কম পৰিমাণৰ হাইড্ৰ'জেন ছালফাইড আৰু জলীয় বাস্পৰ মিশ্ৰণ।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Basic Information on Biogas, www.kolumbus.fi. Retrieved 2.11.07.