সমললৈ যাওক

জোৰাব

অসমীয়া ৱিকিপিডিয়াৰ পৰা


দাগাস্তান-আৰ্হিৰ জোৰাব
দাগাস্তান-আৰ্হিৰ জোৰাব

জোৰাব (ইংৰাজী: Jorabs) হৈছে জটিল আৰ্হিৰ ভৰিৰ আঙুলি মূৰলৈকে পিন্ধা এবিধ বহুৰঙী মোজা। সাধাৰণতে চহকী সজ্জা প্ৰদৰ্শন কৰিবলৈ জোৰাব পিন্ধা হয়।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

"জোৰাব" শব্দটোৰ উৎপত্তি আৰবী جورب (জোৰাব) শব্দৰ পৰা হৈছে যাৰ সাধাৰণ অৰ্থ হৈছে "মোজা"। শব্দটোৰ অন্যান্য জ্ঞাত ভিন্নতাসমূহ হ'ল “çorap" (তুৰ্কী), "чорап" (বুলগেৰিয়ান, মেচিডোনিয়ান) "čarape" (ছাৰ্বিয়ান), “corab" (আজাৰবাইজান), "čarapa" (বছনিয়ান), “Ҷӯроб" (তাজিক), আৰু "şətəl" (তাত)।

জোৰাবক লেজগিনত “কিউল্যুটাৰ”, ছাখুৰত “ট্টুৰছ” আৰু দাগাস্তানৰ আভাৰ ভাষাত “উনক’ল” আদি স্থানীয় নামেৰেও জনা যায়।

সামগ্ৰী

[সম্পাদনা কৰক]

জোৰাব সাধাৰণতে ঊণ, ৰেচম, নাইলন আৰু কেতিয়াবা কপাহৰ পৰা তৈয়াৰ কৰা হয়। জোৰাব তৈয়াৰ কৰা অন্য সামগ্ৰীসমূহৰ ভিতৰত আছে এক্ৰিলিক (acrylic) আৰু উণ আৰু কপাহৰ মিশ্ৰণ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]