সমললৈ যাওক

জ্যোতি য়াৰাজী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জ্যোতি য়াৰাজী
ব্যক্তিগত তথ্যাৱলী
সম্পূৰ্ণ নাম জ্যোতি য়াৰাজী
ৰাষ্ট্ৰীয়তা  ভাৰত
জন্ম ২৮ আগষ্ট, ১৯৯৯ (২৬ বছৰ)
বিশাখাপট্টনম,[1] অন্ধ্ৰপ্ৰদেশ, ভাৰত
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া দৌৰ
শিতান ১০০ মিটাৰ হাৰ্ডলছ

জ্যোতি য়াৰাজী (ইংৰাজী: Jyothi Yarraji; জন্ম: ২৮ আগষ্ট ১৯৯৯)[2] এগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। তেওঁ এইক্ষেত্ৰত ১০০ মিটাৰ হাৰ্ডলছক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০২২ চনৰ ১০ মে'ত অনুৰাধা বিশ্বলে ১৩.২৩ ছেকেণ্ড দৌৰি ৰচনা কৰা দীৰ্ঘদিনীয়া অভিলেখ ভংগ কৰি ১০০ মিটাৰ হাৰ্ডলছৰ ভাৰতীয় খেলুৱৈৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে।[1][3][4] ইয়াৰপিছতো তেওঁ একাধিকবাৰ এই অভিলেখ ভংগ কৰিছে।[5][6][7]

২০২২ চনৰ কমনৱেলথ গেমছত ১০০ মিটাৰ হাৰ্ডলছত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ লগতে চূড়ান্তখেলখনত ৫ম স্থান লাভ কৰা ভাৰতীয় মহিলাৰ ৪×১০০ মিটাৰ ৰিলে দলৰো অংশ আছিল।

ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ২০২২ সংস্কৰণত তেওঁ ১০০ মিটাৰ দৌৰ আৰু ১০০ মিটাৰ হাৰ্ডলছ দুয়োটাতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।[8]

২০২২ চনৰ ১৭ অক্টোবৰত তেওঁ ১৩ ছেকেণ্ডতকৈয়ো কম সময়ত খেল সমাপ্ত কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হাৰ্ডলাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ লগেলগে তেওঁ বছৰটোৰ ১০০ মিটাৰ মহিলা হাৰ্ডলছত দ্বিতীয় শ্ৰেষ্ঠ এছিয়ান আৰু এতিয়ালৈকে ১১ নং শ্ৰেষ্ঠ এছিয়ান হিচাপে পৰিগণিত হয়।[9]

২০২২ চনৰ ইণ্ডিয়ান অ'পেন নেচনেলত তেওঁক শ্ৰেষ্ঠ মহিলা খেলুৱৈ হিচাপে বিবেচিত কৰা হয়।[10]

২০২৩ চনৰ আৰম্ভণিতে ২০২৩ চনত আস্তানাত অনুষ্ঠিত এছিয়ান ইনড’ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰাৰ উপৰিও তেওঁ পাঁ‌চবাৰকৈ আন্তঃ ৬০ মিটাৰ হাৰ্ডলছৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছিল।[11]

বেংককত অনুষ্ঠিত হৈ যোৱা ২০২৩ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ১৩.০৮ ছেকেণ্ডত সম্পন্ন কৰা হাৰ্ডল হৈছে তেওঁৰ বৰ্তমানলৈকে সৰ্বোত্তম প্ৰদৰ্শন। এই প্ৰতিযোগিতাখনত তেওঁ স্বৰ্ণ পদক লাভ কৰিছিল। ইয়াৰোপৰি মহিলাৰ ২০০ মিটাৰ দৌৰত ২৩.১৩ ছেকেণ্ডৰ নতুন ব্যক্তিগত শ্ৰেষ্ঠত্বৰে তেওঁ ৰূপৰ পদক লাভ কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Nag, Utathya. "Jyothi Yarraji: India’s rising star who overcame the hurdle of luck". Olympics. https://olympics.com/en/news/who-is-jyothi-yarraji-india-100m-hurdles-women-record আহৰণ কৰা হৈছে: 23 June 2022.
  2. "Jyothi YARRAJI". Birmingham Organising Committee for the 2022 Commonwealth Games LimitedBirmingham2022.com. https://www.birmingham2022.com/athletes/jyothi-yarraji/be586ac3-d5b7-477c-bba3-65f5d1fa52cf আহৰণ কৰা হৈছে: 5 August 2022.
  3. "Jyothi Yarraji smashes own-held national record in 100m hurdles after 11 days". The Bridge. https://thebridge.in/athletics/jyothi-yarraji-smashes-national-record-11-days-31735 আহৰণ কৰা হৈছে: 23 May 2022.
  4. "Jyothi Yarraji breaks 100m hurdles national record in Cyprus meet". Press Trust of India. 2022-05-11. Archived from the original on 2022-06-13. https://web.archive.org/web/20220613155830/http://ptinews.com/news/13354838_Jyothi-Yarraji-breaks-100m-hurdles-national-record-in-Cyprus-meet আহৰণ কৰা হৈছে: 2022-05-29.
  5. "Meet Jyothi Yarraji - India's multiple record-breaking 100m hurdler". ESPN.IN. 27 May 2022. https://www.espn.in/athletics/story/_/id/33993127/meet-jyothi-yarraji-india-multiple-record-breaking-100m-hurdler-athletics-national-record আহৰণ কৰা হৈছে: 29 May 2022.
  6. "Racing across Europe, breaking records: How hurdler Jyothi Yarraji rewrote NR thrice in 16 days". ESPN.IN. 29 May 2022. https://www.espn.in/athletics/story/_/id/34004510/jyothi-yarraji-hurdles-3-national-records-16-days আহৰণ কৰা হৈছে: 29 May 2022.
  7. "Record Breakers of 2022 (Athletics): the complete list". ESPN.IN. 11 May 2022. https://www.espn.in/athletics/story/_/id/33896352/record-breakers-2022-india-athletics-national-world-record-complete-list আহৰণ কৰা হৈছে: 29 May 2022.
  8. Sarangi, Y. B. (2022-10-04). "National Games: Jyothi Yarraji, Ram Baboo hog limelight as athletics events conclude" (en ভাষাত). sportstar.thehindu.com. https://sportstar.thehindu.com/athletics/national-games-jyothi-yarraji-ram-baboo-hog-limelight-athletics-events-conclude-athletics-results/article65970379.ece আহৰণ কৰা হৈছে: 2022-10-13.
  9. "Yarraji creates new record, first Indian woman to run sub-13s hurdles" (en ভাষাত). ESPN. 2022-10-17. https://www.espn.in/athletics/story/_/id/34817069/jyothi-yarraji-creates-new-record-first-indian-woman-run-sub-13-seconds-hurdles আহৰণ কৰা হৈছে: 2022-10-18.
  10. Singh, Navneet. "Tajinderpal Singh Toor and Jyothi Yarraji are the best athletes of the National Open Athletics Championships" (en-us ভাষাত). www.sportskeeda.com. https://www.sportskeeda.com/athletics/news-tajinderpal-singh-toor-jyothi-yarraji-best-athletes-national-open-athletics-championships আহৰণ কৰা হৈছে: 2022-10-21.
  11. "No hurdle too high for Jyothi Yarraji" (en ভাষাত). Hindustan Times. 2023-02-15. https://www.hindustantimes.com/sports/others/no-hurdle-too-high-for-jyothi-yarraji-101676475340813.html আহৰণ কৰা হৈছে: 2023-05-03.