সমললৈ যাওক

টংগাম ৰীণা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টংগাম ৰীণা

২০১৯ চনৰ আলোকচিত্ৰত টংগাম ৰীণা
জন্ম ১৯৭৯
পেচা সাংবাদিক

টংগাম ৰীণা (ইংৰাজী: Tongam Rina; জন্ম ১৯৭৯) এগৰাকী ভাৰতীয় সাংবাদিক আৰু মানৱ অধিকাৰ কৰ্মী। তেওঁ বৰ্তমান (২০২১) 'দ্য অৰুণাচল টাইমছ্' নামৰ কাকতখনৰ উপ-সম্পাদক। তেওঁ অৰুণাচল প্ৰদেশ কৰ্মৰত সাংবাদিক সন্থাৰ প্ৰাক্তন অধ্যক্ষ। উল্লেখনীয় যে, তেওঁ সাংবাদিকতাৰ বাবেই কেইবাবাৰো ভাবুকি আৰু নিগ্ৰহৰ সম্মুখীন হৈ আহিছে। অৰুণাচল প্ৰদেশৰ বিভিন্ন ক্ষেত্ৰত সংঘটিত দুৰ্নীতি, উগ্ৰবাদ আৰু জলবিদ্যুৎ প্ৰকল্পসমূহৰ ভিতৰচ’ৰাৰ সম্পৰ্কে সমালোচনামূলক নিৱন্ধ লিখাৰ বাবে ২০১২ চনত তেওঁ প্ৰাণনাশী আক্ৰমণৰ মুখামুখি হৈছিল।[1][2][3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

টংগাম ৰীণাই সাংবাদিকতাৰ জীৱন ২০০৩ চনত আৰম্ভ কৰিছিল। তেওঁৰ কৰ্মজীৱনৰ আদিৰে পৰা নগা বিদ্ৰোহী সংগঠন নেছনেল চ'ছিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (ইশ্বাক-মুইভা গোট), দুৰ্নীতি, জলবিদ্যুৎ প্ৰকল্প, আৰু জনজাতীয় লোকসমূহে সম্মুখীন অন্যায়ৰ বিষয়ে লিখা-মেলা কৰি আহিছে।[1] চৰকাৰী বিতৰণ ব্যৱস্থাৰে যোগান ধৰা খাদ্য সামগ্ৰী আৰু কেৰাচিন তেলৰ বিতৰণত সংঘটিত দুৰ্নীতিও তেওঁৰ নিৱন্ধই সামৰি লৈছে। তেওঁ চিয়াং পিপলছ ফ'ৰামৰ উপাধ্যক্ষ হিচাপে চিয়াং (ব্ৰহ্মপুত্ৰ) নদীৰ ওপৰত পৰিকল্পিত নদীবান্ধ সমূহৰ বিৰুদ্ধে প্ৰচাৰত নেতৃত্ব প্ৰদান কৰিছিল।[4]

প্ৰাণনাশৰ আক্ৰমণ

[সম্পাদনা কৰক]

২০১২ চনৰ ১৫ জুলাই তাৰিখে সন্ধিয়া সময়ত 'দ্য অৰুণাচল টাইমছ্' কাকতৰ ইটানগৰত অৱস্থিত কাৰ্য্যালয়ৰ সম্মুখতে তিনিজন বন্দুকধাৰীয়ে টংগাম ৰীণাৰ ওপৰত গুলীবৰ্ষণ কৰে। তেওঁক ততাতৈয়াকে নিকটৱৰ্তী ৰাম কৃষ্ণ মিছন হস্পিটেললৈ লোৱা হয় আৰু চিকিৎকৰ পৰীক্ষাৰ অন্তত তথ্য অনুসৰি ৰীণা তেওঁৰ অন্ত্ৰ আৰু ৰাজহাঁড়ত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল। তেওঁক শীঘ্ৰে অস্ত্ৰোপচাৰ কৰোৱা হৈছিল। সংবাদ মাধ্যমৰ নেৰানেপেৰা দাবীৰ শেষত ৰাজ্যখনৰ আৰক্ষী বিভাগে সেই গোচৰৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধান সংস্থা(চি বি আই)ক প্ৰদান কৰে যদিও কেন্দ্ৰীয় সংস্থাটোৱে সেয়া প্ৰত্যাখ্যান কৰে। প্ৰায় এবছৰতকৈও অধিক কালৰ পিছত য়ুমলাং আচুং নামৰ এজন ব্যক্তিয়ে টংগাম ৰীণাৰ ওপৰত প্ৰাণঘাতী আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি ঘোষণা কৰে। আচুঙৰ সহযোগী অজিত পেগু আৰু ৰাজু গুৰুঙৰ স্বীকাৰোক্তি অনুসৰি আচুং আৰু তেওঁৰ সংগঠনৰ ক্ৰিয়া-কলাপৰ সম্পৰ্কে ৰীণাই কাকতত নিলিখাৰ বাবেই সিহঁত খৰ্গহস্ত হৈছিল।[5] আচুঙক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও পিছত মুকলি কৰি দিয়া হয়। ৰীণাৰ ৰাজহাঁড়ত বন্দুকৰ গুলীয়ে অতি গুৰুতৰ আঘাত কৰিব নোৱৰাৰ বাবে ৰীণাৰ স্বাস্থ্য ক্ৰমে উন্নততৰ অৱস্থালৈ আহে।[6]

সন্মান আৰু স্বীকৃতি

[সম্পাদনা কৰক]

অৰুণাচল প্ৰদেশত নিৰ্মিত, নিৰ্মীয়মান আৰু নিৰ্মতব্য জলবিদ্যুৎ প্ৰকল্পসমূহৰ অনুপযোগিতা আৰু কু-প্ৰভাৱৰ বিষয়ে টংগাম ৰীণাৰ বিস্তৃত লেখা-মেলা সমূহৰ বাবে The Sanctuary Nature Foundation-এ ২০১৭ চনত তেওঁক 'Wind under the Wings' বঁটা প্ৰদান কৰে।[7][8] ২০১৫ বৰ্ষত তেওঁক সামাজিক সেৱাৰ ক্ষেত্ৰত CNN-IBN ইণ্ডিয়ান অৱ দ্য ইয়েৰ সন্মান প্ৰদান কৰা হয়।[9] তদুপৰি লিংগ-সংবেদনশীলতাৰ বাবে ২০১১-১২ চনত লাডলী মেডিয়া বঁটা আৰু ২০১৪ চনত ৰিপ'ৰ্টাৰ্ছ উইডাউট ব'ৰ্ডাৰ্ছ সন্মানেৰে ৰীণা সন্মানিত হয়। ২০১৩ চনত তেওঁ জাৰ্মেনীৰ Media Foundation of Leipzig-ৰ দ্বাৰা 'Prize for the Freedom and Future of the Media' বঁটাৰ বাবে নিৰ্বাচিত হৈছিল।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Datta, Saikat (17 July 2012). "Tongam Rina, the girl who wouldn't give in". Daily News and Analysis. http://www.dnaindia.com/analysis/comment-tongam-rina-the-girl-who-wouldn-t-give-in-1715948 আহৰণ কৰা হৈছে: 25 May 2018.
  2. "Amnesty's 'edit-a-thon' to profile women activists on Wikipedia". Deccan Herald. 18 May 2018. https://www.deccanherald.com/specials/amnestys-edit-thon-profile-women-activists-wikipedia-670612.html আহৰণ কৰা হৈছে: 25 May 2018.
  3. K, Sarumathi (19 May 2018). "Putting women human rights activists on the world map". The Hindu. http://www.thehindu.com/news/cities/bangalore/putting-women-human-rights-activists-on-the-world-map/article23931227.ece আহৰণ কৰা হৈছে: 25 May 2018.
  4. "Woman journalist critically injured in shooting attack in northeast". Reporters Without Borders. 16 July 2012. https://rsf.org/en/news/woman-journalist-critically-injured-shooting-attack-northeast আহৰণ কৰা হৈছে: 25 May 2018.
  5. "Itanagar Police solve shootout case involving Arunachal Times Associate Editor Tongam Rina". Business Standard. 11 July 2013. http://www.business-standard.com/article/news-ani/itanagar-police-solve-shootout-case-involving-arunachal-times-associate-editor-tongam-rina-113071100129_1.html আহৰণ কৰা হৈছে: 25 May 2018.
  6. "INFORMATION HERO Tongam Rina". Reporters Without Borders. https://rsf.org/en/hero/tongam-rina আহৰণ কৰা হৈছে: 25 May 2018.
  7. "Sanctuary Wildlife Awards 2017". sanctuaryasia.com. Archived from the original on 26 May 2018. https://web.archive.org/web/20180526112555/http://www.sanctuaryasia.com/events/sanctuary-wildlife-awards-2017.html আহৰণ কৰা হৈছে: 25 May 2018.
  8. Bakshi, Harsharan (9 December 2017). "Scarcity of resources will make headlines". The Hindu. ISSN 0971-751X. http://www.thehindu.com/todays-paper/tp-national/tp-mumbai/scarcity-of-resources-will-make-headlines/article21377823.ece আহৰণ কৰা হৈছে: 25 May 2018.
  9. "Tongam Rina wins Indian of the Year in public service category". News18. https://www.news18.com/videos/india/ioty-2014-4-974369.html আহৰণ কৰা হৈছে: 10 February 2019.
  10. "'Reporters Sans Frontier' honours journalist Tongam Rina". The Economic Times. 8 May 2014. https://economictimes.indiatimes.com/news/politics-and-nation/reporters-sans-frontier-honours-journalist-tongam-rina/articleshow/34830031.cms আহৰণ কৰা হৈছে: 10 February 2019.