টুনুজ্যোতি গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টুনুজ্যোতি গগৈ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা অসমীয়া সাহিত্যত স্নাতক
বিষয় সমালোচনা সাহিত্য

টুনুজ্যোতি গগৈ (ইংৰাজী: Tunujyoti Gogoi; জন্ম: ১৯৮০) একাধাৰে লেখক, সম্পাদক, গল্পকাৰ । তেখেত মুক্ত চিন্তা আলোচনীখনৰ কাৰ্যবাহী সম্পাদক (যুতীয়াভাৱে)। [1] অসমৰ বহুকেইখন বাতৰি কাকতৰ সম্পাদনাৰ সৈতে তেখেত এসময়ত জড়িত আছিল৷ সমান্তৰালভাৱে ‘নতুন সাহিত্য পৰিষদ’, ‘ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেচন’ (DYFI) আদি সংগঠনৰ লগতো জড়িত আছিল৷ বৰ্তমান তেখেতে ‘উত্তম অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ’ৰ উদ্যোগত বিভিন্ন সামাজিক কাম-কাজ কৰি আছে৷ তেখেত ‘চৰ্যাভাষ’ আলোচনীখনৰো মুখ্য সম্পাদক৷[2]

জন্ম আৰু পৰিচয়[সম্পাদনা কৰক]

তেখেতৰ জন্ম ১৯৮০ চনত ডিব্ৰুগড় জিলাৰ কপহুৱা গাঁৱত৷ পিতৃৰ নাম উত্তম গগৈ আৰু মাতৃৰ নাম বিৰজা লিকচন গগৈ

প্ৰকাশিত সাহিত্যৰাজি[সম্পাদনা কৰক]

প্ৰবন্ধমূলক গ্ৰন্থ[সম্পাদনা কৰক]

  • আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম, ২০১৮ [3]
  • পীৰিতিৰ নিছিগা ধাৰ: যৌনপ্ৰেম, যৌনসেৱা আৰু যৌন নৈতিকতাৰ সমাজ-মনস্তাত্ত্বিক অধ্যয়ন, ২০১৯
  • ১৮২৬ঃ ইয়াণ্ডাবু সন্ধিৰপৰা ‘কা’ বিৰোধী আন্দোলনলৈ, ২০২০[4]
  • ফুল, কাঁইট আৰু সুবাস, ২০২০
  • অসমীয়া গল্পঃ বিলোকন আৰু বিশ্লেষণ, ২০২১[5]
  • আকৌ এবাৰ শৰাইঘাট জিনিম, ২০২২

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • সাংবাদিকতা আৰু ছহিদ সাংবাদিক (যুটীয়াভাবে), ২০০৯
  • চৰচাপৰিৰ জনজীৱনঃ সংঘাত আৰু সৌৰভ (যুটীয়াভাবে), ২০১০

আলোচনী[সম্পাদনা কৰক]

  • নতুন মানুহ (তিনিমহীয়া আলোচনী), ১৯৯৮
  • নতুন চিন্তা, ২০০০
  • দৈনিক ভূমিপুত্ৰ’ ( জ্যেষ্ঠা উপ সম্পাদক, ২০০২-২০০৪)
  • দৈনিক অগ্ৰদূত (উপ সম্পাদক, ২০০৫-২০১০)
  • পৃথিৱী (সম্পাদক ২০০৮-২০১০)
  • আজিৰ দৈনিক বাতৰি (বিভাগীয় সম্পাদক, ২০১১)
  • বৌদ্ধিক বিচাৰ, সম্পাদক, ই আলোচনী

গল্প সংকলন[সম্পাদনা কৰক]

  • তই কি সুৰেৰে বজালি বাঁহী, ২০০৫
  • ৰ'দ আৰু ছাঁ (যুটীয়াভাবে), ২০০৬
  • দিখম নীৰৱে বয়, ২০১৯

শিশু গ্ৰন্থ[সম্পাদনা কৰক]

ৰঙৰ অকণমানি পৃথিৱীখন, ২০২১

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • নতুন সুৰ প্ৰকাশনে প্ৰদান কৰা ‘কথা বৈভৱ বঁটা, ২০২০

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. টুনুজ্যোতি গগৈ (২০২১). চকৰী ফেঁটী বুৰঞ্জীৰ নজ্বলা অধ্যায়. J S Publication. পৃষ্ঠা. বেটুপাত. 
  2. https://charyabhax.com/
  3. https://www.scientiabooks.in/product/amar-asom-sapun-bastab-aru-sanggram/
  4. https://www.scientiabooks.in/product/1826-yandabo-sandhir-pora-caa-birodhi-andolanaloi-by-tunujyoti-gogoi/
  5. https://www.scientiabooks.in/product/asamiya-galpa-bilokan-aru-bishlexan-by-tunujyoti-gogoi/