সমললৈ যাওক

টেকেলি পিঠা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টেকেলি পিঠা
কেটলী পিঠা
অন্য নাম ভাপত দিয়া পিঠা, গিলাছ পিঠা
প্ৰকাৰ জলপান
উৎপত্তিৰ স্থান ভাৰতীয় উপমহাদেশ
অঞ্চল অসম, ভাৰত, বাংলাদেশ
মুখ্য উপাদান পিঠাগুড়ি, গুড়, নাৰিকল, চেনি

টেকেলি পিঠা অসমৰ স্থানীয় পিঠাচেৱা দিয়া ভাত আৰু টেকেলী পিঠা কৰাৰ পদ্ধতিৰ মিল আছে৷ ভাৰতৰ আন ঠাইত এনেদৰে ভাত বা পিঠা কৰাৰ পদ্ধতি নাই৷[1] আৰৈ চাউলৰ পিঠাগুড়ি, ৰোকা নাৰিকল আৰু চেনি ভজা মিশ্ৰণ অথবা ভজা তিল আৰু গুড়ৰ মিশ্ৰণ হ'লেই এইবিধ পিঠা সাজিব পাৰি। প্ৰথমে মধ্যমীয়া মাটিৰ টেকেলি এটাত পেটলৈকে পানী পূৰাই জুইৰ ওপৰত থ’ব লাগে। আৰৈ চাউলৰ পিঠাগুড়ি এটা ডাঙৰ পাত্ৰ অথবা ডলাত লৈ অলপ নিমখ মিহলাই চেঁচা পানী ছটিয়াই ভালদৰে সানি অলপ অলপকৈ চালনীৰে চালি পানী উতলোৱা টেকেলি এটাৰ মুখেৰে সৰকি নোযোৱা বাটি এটাত এখন বগা পাতল কাপোৰ পাৰি পানীমোহাৰি লোৱা পিঠাগুড়ি এতৰপ দি দ্বিতীয় তৰপত নাৰিকল, চেনি অথবা তিল গুড়ৰ মিশ্ৰণ দি তৃতীয় তপত আকৌ পিঠাগুড়ি দি অলপ টিপিলৈ কাপোৰখনত মুঠি মাৰি টেকেলিটোৰ মুখত বহাই দিব লাগে। কিছুসময় পাছত পিঠাখন সিজিলে নমাব লাগে। মাজত নাৰিকল, চেনি অথবা তিল-গুড়ৰ মিশ্ৰণ নিদিয়াকৈ টেকেলি পিঠা সাজিব পাৰি।[2] আজিকালি টেকেলিৰ মুখত দিয়াতকৈ টিপতৰ মুখত দিহে এই বিধ পিঠা প্ৰস্তুত কৰাত অগ্ৰাধিকাৰ দিয়া দেখা যায়। টিপতৰ মুখখনত এটা সোপা দিব লাগে আৰু তাৰ ঢাকনিখনত অলপ তেল বা ঘি সানি পানী মোহাৰি লোৱা পিঠাগুড়ি ভৰাই তাৰ ওপৰত পৰিষ্কাৰ পাতল কাপোৰখন মেৰাই পানী উতলি থকা টিপতটোত ঢাকি দিলে তিনি/চাৰি মিনিটতে ভাপৰ পিঠাখন খোৱাৰ উপযোগী হৈ উঠে।[3] পৰম্পৰাগতভাৱে এই পিঠা মাটিৰ টেকেলিত বনোৱা হৈছিল। আজিকালি কেটলীৰ ভাপত বনোৱা বাবে ইয়াক কেটলী পিঠা বুলিও কোৱা হয়। কিছুমানে ষ্টীমাৰ বা প্ৰেচাৰ কুকাৰতো এই পিঠা গিলাছৰ ভিতৰত বনায়। সেয়ে গিলাছ পিঠা নামটোৱো বৰ্তমান ঠাই ভেদে প্ৰচলিত। ভাপত সিজোৱা পিঠা কেইবাপ্ৰকাৰো আছে৷ কেটলী মুখত দিয়া পিঠা, টেকেলী পিঠা, লাও পিঠা, উৰহী পিঠা, জকাই পিঠা, ফেনী পিঠা, কঁঠাল পিঠা, তাল পিঠা, কল পিঠা আদি৷[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. শইকীয়া, নগেন (২০১৬). অসমীয়া মানুহৰ ইতিহাস. কথা. পৃষ্ঠা. ১৯৭. ISBN 978-81-89148-15-7. 
  2. অসমৰ সংস্কৃিত কোষ, সম্পাদক- ড॰ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী, অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, জ্যোতি প্ৰকাশন, ২০১৪, পৃষ্ঠা-২৭২
  3. অসমৰ সংস্কৃিত কোষ, পৃষ্ঠা-২৭২
  4. গগৈ, চাও লোকেশ্বৰ (২০০৯). অসমৰ লোকসংস্কৃতি. চাও দেৱজিৎ বৰুৱা, নাং বন্দনা বৰুৱা. পৃষ্ঠা. ৪৭০.