সমললৈ যাওক

ডব্লিউ থ্ৰী স্কুলচ্

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডব্লিউ থ্ৰী স্কুলচ্‌
ছাইটৰ প্ৰকাৰ ৱেব ডেভেলপমেণ্ট প’ৰটেল
উপলব্ধ ভাষা বহুভাষিক
মালিক ৰেফচ্‌নেচ্‌ ডাটা
সৃষ্টি কৰা ব্যক্তি ৰেফচ্‌নেচ্‌ ডাটা
ৱেবছাইট www.w3schools.com
বাণিজ্যিক ব্যৱসায়িক
পঞ্জীয়ন ইণ্টাৰনেট ফোৰাম
আৰম্ভণি ১৯৯৮
বৰ্তমান অৱস্থা সক্ৰিয়

ডব্লিউ থ্ৰী স্কুলচ্‌ (ইংৰাজী: W3Schools) হ’ল ৱেবছাইটৰ কৌশল বা তথ্যপ্ৰযুক্তিসমূহ শিকোৱাৰ এখন অনলাইন ৱেবছাইট। ইয়াত শিকিব পৰা বিভিন্নধৰণৰ সংযোজিত তথ্যসমূহ হ’ল- এইচ টি এম এল, চি এছ এছ, JavaScript, JSON, PHP, পাইথন, AngularJS, React.js, SQL, Bootstrap, Sass, Node.js, jQuery, XQuery, AJAX, XML, Raspberry Pi, চি++, C# আৰু জাভা.[2]

১৯৯৮ চনত নিৰ্মিত এই ডব্লিউ থ্ৰী স্কুলচ্‌ৰ নামটি লোৱা হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা। কিন্তু ই ৱৰ্ল্ড ৱাইড ৱেবৰ দ্বাৰা অনুমোদিত নহয়। এই ৱেবছাইটটো নৰৱেৰ 'ৰেফচ্‌নেচ্‌ ডাটা'ই চলায়।[3] ইয়াত TryIt Editor নামৰ এটা সম্পাদনা ক্ষেত্ৰ উপলভ্য য’ত ন-শিকাৰুসকলে উদাহৰণ হিচাপে আগবঢ়োৱা ক’ডসমূহ সহজে সম্পাদনা কৰি নিজে পৰীক্ষা কৰি চাব পাৰে।

কাৰ্য্যসমূহ

[সম্পাদনা কৰক]

চাইটটোত, ব্যাখ্যাৰ সৈতে উৎস ক’ডৰ উদাহৰণবোৰ ইংৰাজীত বিনামূলীয়াকৈ দেখুৱাই দিয়া হয়। যাৰ বেছিভাগ উদাহৰণেই এটা লাইভ এডিটৰত নিজে সলনি কৰি চাব আৰু চলাব পাৰি। ক’ডৰ আন গুৰুত্বপূৰ্ণ অংশবোৰ লুকুৱাই ৰখা হয় যাতে ব্যৱহাৰকাৰীয়ে কেৱল দেখুওৱা ক'ডটোত মনোযোগ দিব পাৰে। ইয়াক “ডেভেলপাৰ ছেণ্ডবক্স” বুলি কোৱা হয়। প্ৰতিটো প্ৰগ্ৰেমিং ভাষাৰ বাবে টিউটোৰিয়েলবোৰক বেলেগ বেলেগ অধ্যায়ত ভাগ কৰা হৈছে। ইয়াত কেৱল প্ৰাথমিক বা মূল কথাবোৰেই নহয়, কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ উপায় আৰু উদাহৰণো দিয়া আছে। লগতে ইয়াত প্ৰগ্ৰেমিং ভাষাৰ আন আন অংশবোৰৰ ওপৰতো বিশেষভাৱে বুজাই দিয়া হয় (যিবোৰক 'ৰেফাৰেন্স' বুলি কোৱা হয়)৷ ইয়াৰ উপৰি চাইটটোৰ এটা ইউটিউব চেনেল আছে, যিয়ে ৱেব ডেভেলপমেণ্টৰ কিছুমান বিশেষ বিষয় গ্ৰহণ কৰে আৰু ব্যাখ্যা কৰে, আৰু এটা ইণ্টাৰনেট ফ’ৰাম আছে। HTML , CSS, JavaScript, JSON, C, C++, C#, Java, PHP, React, AngularJS, SQL, Python, Django, Bootstrap, Node.js, jQuery, XQuery, Ajax, আৰু XML আদি প্ৰযুক্তিসমূহ সকলো সমৰ্থিত।[4][5][6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "W3schools.com Site Info". এলেক্সা ইণ্টাৰনেট. Archived from the original on 2022-04-19. https://web.archive.org/web/20220419011442/https://www.alexa.com/siteinfo/w3schools.com#trafficstatsm। আহৰণ কৰা হৈছে: 2020-04-24. 
  2. ডাটা, ৰেফচ্‌নেচ্‌. "ডব্লিউ থ্ৰী স্কুলচ্‌". এলেক্সা ইণ্টাৰনেটডব্লিউ থ্ৰী স্কুলচ্‌. https://www.w3schools.com। আহৰণ কৰা হৈছে: May 22, 2020. 
  3. ডাটা, ৰেফচ্‌নেচ্‌. "ডব্লিউ থ্ৰী স্কুলচ্‌ৰ বিষয়ে". এলেক্সা ইণ্টাৰনেটডব্লিউ থ্ৰী স্কুলচ্‌. https://www.w3schools.com/about/। আহৰণ কৰা হৈছে: May 22, 2020. 
  4. Einstieg Informatik. "Einstieg Informatik | W3Schools - Webtechniken online lernen". https://www.einstieg-informatik.de/w3schools-webtechniken-online-lernen/। আহৰণ কৰা হৈছে: 2018-04-02. 
  5. "W3Schools". https://www.heise.de/download/product/w3schools-89130। আহৰণ কৰা হৈছে: 2018-04-02. 
  6. it-times (German ভাষাত), W3Schools: Was sich hinter der weltweit größten Website für Entwickler verbirgt, http://www.it-times.de/news/w3schools-was-sich-hinter-der-weltweit-grossten-website-fur-entwickler-verbirgt-119251/, আহৰণ কৰা হৈছে: 2018-04-02 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]