ডাইন’চৰ
অৱয়ব
| ডাইন’চৰ জীৱাশ্ম কাল: Late Triassic–Present, 231.4 - 0 Mya | |
|---|---|
| ডাইন’চৰৰ জীৱাশ্মৰ কংকালৰ সংগ্ৰহ | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| (অশ্ৰেণীকৃত): | Dinosauriformes |
| (অশ্ৰেণীকৃত): | Dinosauria Owen, 1842 |
| প্ৰধান গোটসমূহ | |
ডাইন’চৰ (ইংৰাজী: Dinosaur) বা ভীমসৰট[টোকা 1] (Sanskrit: भीमसरट, pronounced [bʱiːmɐsɐɾɐʈɐ]) হৈছে প্ৰায় ২৩১.৪ নিযুত বছৰ আগতে ট্ৰায়াছিক যুগত পৃথিৱীত থকা Dinosauria গোত্ৰৰ কিছুমান জীৱ। এই স্থলজ মেৰুদণ্ডীবোৰে জুৰাছিক যুগৰ আৰম্ভণিৰ পৰা (প্ৰায় ২০০ নিযুত বছৰ আগতে) ক্ৰিটাচিয়াছ যুগৰ সামৰণিলৈকে (৬৬ নিযুত বছৰ আগতে) প্ৰায় ১৩৫ নিযুত বছৰ কাল পৃথিৱীত আধিপত্য বিস্তাৰ কৰিছিল। ক্ৰিটাচিয়াছ–পেল'জিন বিলুপ্তিকৰণ পৰিঘটনাৰ দ্বাৰা মেছ'জইক যুগৰ সমাপ্তিৰ লগতে বহু ডাইন’চৰৰ গোট (আৰু পৃথিৱীৰ তিনি-চতুৰ্থাংশ উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি)পৃথিৱীৰ পৰা বিলুপ্ত হৈ যায়। জীৱাশ্মৰ সাক্ষ্যৰ ভিত্তিত চৰাইবোৰ জুৰাছিক যুগত থেৰ'পদ ডাইন’চৰৰ পৰা বিৱৰ্তিত হৈছিল বুলি অনুমান কৰা হয়, সেইবাবে ইহঁতক আধুনিক বৈশিষ্টপূৰ্ণ ডাইন’চৰ বুলি বিবেচনা কৰা হয়।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Lee, MichaelS.Y.; Cau, Andrea; Naish, Darren; Dyke, Gareth J. (1 August 2014). "Sustained miniaturization and anatomical innovation in the dinosaurian ancestors of birds". Science খণ্ড 345 (6196): 562–566. doi:10.1126/science.1252243. http://www.sciencemag.org/content/345/6196/562। আহৰণ কৰা হৈছে: August 2, 2014.
- ↑ Sanskrit: भीमसरट, Sanskrit pronunciation: [bʱiːmɐsɐɾɐʈɐ]।
<ref> টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্ পোৱা নগ'ল