ডেনিয়েল ডিফো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেনিয়েল ডিফো

ডেনিয়েল ডিফো
জন্ম ডেনিয়েল ফ’ (Daniel Foe)
১৬৬০
লণ্ডন, ইংলেণ্ড
মৃত্যু ২৪ এপ্ৰিল ১৭৩১ (বয়স ৭১)
লণ্ডন, ইংলেণ্ড
সমাধিস্থল বুনহিল ফিল্ডচ্‌
পেচা লেখক, সাংবাদিক, ব্যৱসায়ী
ধৰণ দুঃসাহসিক
দাম্পত্যসংগী মেৰী টাফ্‌লি

ডেনিয়েল ডিফো (ইংৰাজী: Daniel Defoe) হৈছে ১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্ম গ্ৰহণ কৰা এগৰাকী সাহিত্যিক, সাংবাদিক, ৰাজনীতিবিদ, ব্যৱসায়ী, চোৰাংচোৱা আৰু অৰ্থনীতিবিদ।[1] তেওঁৰ বিখ্যাত উপন্যাসসমূহৰ ভিতৰত 'ৰবিনছন ক্ৰুছো'ই তেওঁক অমৰ কৰি ৰাখিছে।[1]

জন্ম পৰিচয়[সম্পাদনা কৰক]

১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত তেওঁৰ জন্ম হয়। ডেনিয়েল ডিফোৰ দেউতাকৰ নাম আছিল জেমছ্‌ ফ’ (James Foe)।[1] তেওঁৰ জন্মসূত্ৰে তথা প্ৰকৃত নাম আছিল ডেনিয়েল ফ’ (Daniel Foe)। তেওঁ ১৬৮৪ চনত এজন ধনী সদাগৰৰ জীয়েক মেৰী টাফ্‌লিক বিয়া কৰায়। ডেনিয়েল ডিফোৰ বয়স ১০ বছৰ হওঁতে তেওঁৰ মাক আনি ফ’ (Annie Foe)-ৰ মৃত্যু হয়।[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

ডেনিয়েল ডিফোই ধৰ্মযাজক হ’বলৈ শিক্ষাগ্ৰহণ কৰিলেও ১৬৮৩ চনৰ পৰা তেওঁ সদাগৰৰ পেচাতহে মনোনিৱেশ কৰে। অধিক দক্ষ ব্যৱসায়ী আৰু সময়তকৈ আগবঢ়া অৰ্থনীতিবিদ হিচাপে খ্যাতি অৰ্জন কৰিলেও তেওঁ বহুবাৰ দেউলীয়া হ’বলগীয়া হৈছিল। তেওঁৰ নিজৰ ভাষাৰে:

“কোনো লোকেই মোতকৈ বেছি ভাগ্যৰ পৰিৱৰ্তনৰ সোৱাদ পাই পোৱা নাই। জীৱনত তেৰ বাৰ মই ধনী আৰু দুখীয়া হৈছোঁ”[3]

ব্যৱসায়ৰ দৰে ডিফোৱে ৰাজনৈতিক জীৱনটো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু বিদ্ৰোহত যোগ দি পুস্তিকা ৰচনা কৰি উলিয়ায়। ১৭১৪ চনত প্ৰথম জৰ্জ ৰাজপাতত বহাত ডিফোৱে তেওঁৰ পৰা সহায় সঁহাৰি পায় আৰু তেতিয়াই ১৭১৫ চনত দ্য ফেমেলি ইন্সট্ৰাক্টৰ (The Family Instructor) নামৰ বিখ্যাত পুথিখন লিখে। কিন্তু ১৯১৭ চনত ৰচনা কৰা উপন্যাস ৰবিনছন ক্ৰুছোইহে তেওঁক অমৰ কৰি ৰাখিছে। জাৰ্মান সমালোচক এগৰাকীয়ে এই পুথিক 'বিশ্বৰ গ্ৰন্থ' (The World Book) আখ্যা দিছে।[3]

ইয়াৰ পাছত ১৭২২ চনত ডিফোৰ Moll Flanders, A Journal of the Plugue Year আৰু Colonel Jack নামৰ তিনিখন বিখ্যাত উপন্যাস প্ৰকাশ পায়। ১৭২৪ চনত তেওঁ তেওঁৰ শেষ মূল্যবান উপন্যাস Roxana প্ৰকাশ কৰে। তেওঁৰ শ্ৰেষ্ঠ ৰচনাৰাজিৰ বাবে ডিফোক ইংৰাজী উপন্যাস আৰু আধুনিক সাংবাদিকৰ পিতৃ আখ্যা দিয়া হয়।[3]

মৃত্যু[সম্পাদনা কৰক]

১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্মগ্ৰহণ কৰা ডেনিয়েল ডিফোৰ মৃত্যু হয় লণ্ডনত ১৭৩১ চনৰ ২৪ এপ্ৰিল তাৰিখে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।[1]

গ্ৰন্থসমূহ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Daniel Defoe". biography.com. https://www.biography.com/.amp/writer/daniel-defoe। আহৰণ কৰা হৈছে: ৩০ মে ২০২০. 
  2. "Education, marriage, and early career". Notablebiographies.com. https://www.notablebiographies.com/amp/De-Du/Defoe-Daniel.html। আহৰণ কৰা হৈছে: ৩০ মে ২০২০. 
  3. 3.0 3.1 3.2 ডেনিয়েল ডিফোৰ 'ৰবিনছন ক্ৰুছো', অনুবাদ : চিন্তাহৰণ পাটগিৰি

বাহ্যিক সংযোগ[সম্পাদনা কৰক]