তগৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
তগৰ
তগৰ ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Gentianales
পৰিয়াল: Rubiaceae
গণ: Gardenia
প্ৰজাতি: G. jasminoides
বৈজ্ঞানিক নাম
Gardenia jasminoides
J.Ellis
সমাৰ্থক[1]
  • Gardenia angustifolia Lodd.
  • Gardenia augusta Merr. nom. illeg.
  • Gardenia florida L. nom. illeg.
  • Gardenia grandiflora Lour.
  • Gardenia grandiflora Siebold ex Zucc. nom. illeg.
  • Gardenia longisepala (Masam.) Masam.
  • Gardenia maruba Siebold ex Blume
  • Gardenia pictorum Hassk.
  • Gardenia radicans Thunb.
  • Gardenia schlechteri H.Lév. nom. illeg.
  • Genipa florida (L.) Baill.
  • Genipa grandiflora (Lour.) Baill.
  • Genipa radicans (Thunb.) Baill.
  • Jasminum capense Mill.
  • Warneria augusta L. nom. inval.

তগৰ (বৈজ্ঞানিক নাম: Gardenia jasminoides) অসমত খুবেই পৰিচিত এক ফুল। এই ফুলৰ মুল বাসস্থান হল এছিয়া। বহু বছৰ পূৰ্বৰ পৰায়ে চীন দেশত ইয়াৰ খেতি কৰা হয়। ১৮ শতিকাৰ পৰাহে এই ফুল ইংৰাজ সকলৰ বাগিচাত স্থান পায়। শুভ্ৰ ফুল আৰু উজ্জ্বল সেউজীয়া পাতেৰে ই এবিধ গুল্মজাতীয় উদ্ভিদ। তগৰ ফুলৰ মুখ্য আকৰ্ষণ হৈছে ইয়াৰ সুন্দৰ গোন্ধ। সেয়ে ইয়াৰ আন এটি নাম হ'ল গন্ধৰাজ। ইংৰাজী ভাষাত ইয়াক Gardenia,[2] Cape Jasmine,[উদ্ধৃতিৰ প্ৰয়োজন] Cape Jessamine,[2] Danh-Danh,[2] Jasmin[2] আদি নামেৰে জনা যায়।

নামকৰণ[সম্পাদনা কৰক]

এজন বিখ্যাত আমেৰিকান প্ৰকৃতিবীদ আলেকজেণ্ডাৰ গাৰ্ডেন (১৭১৩ – ১৭৯১)-ৰ নাম অনুসৰি তগৰ ফুলৰ বৈজ্ঞানিক নামকৰণ কৰা হয়।

বৰ্ণনা[সম্পাদনা কৰক]

কফি গছ প্ৰজাতিৰ এই চিৰসেউজীয়া উদ্ভিদ ১৫ মিটাৰ পৰ্যন্ত ওখ হয়।[3] সুন্দৰ ফুল আৰু উজ্জ্বল পাতৰ উপৰিও মন মতলীয়া কৰা গোন্ধৰ বাবে তগৰক আলংকাৰিক গছ হিচাপে ফুলনি বা পদূলিত ৰুপন কৰা হয়। ফুলবোৰ সাধাৰণতে বসন্ত কালত ফুলে আৰু কেইবাদিনলৈ সতেজ হৈ থাকে।

ব্যৱহাৰ[সম্পাদনা কৰক]

গৃহসজ্জা আৰু পুষ্পসজ্জাৰ বাবে ঘাইকৈ তগৰ ফুল ব্যৱহাৰ হয়। পূজা-পাৰ্বনতো ইয়াৰ ফুল ব্যৱহাৰ হয়। বিহুত অসমীয়া যুৱতীয়ে তগৰ ফুল খোপাত মাৰে।

তগৰ ফুলৰ পৰা বিভিন্ন সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰা হয়। তদুপৰি ইয়াৰ পৰা এক হালধীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ প্ৰস্তুত কৰা হয়, যি কাপোৰ আৰু খাদ্যত ৰং দিবলৈ ব্যৱহাৰ কৰা হয়।

পৰম্পৰাগত চীনা চিকিৎসা পদ্ধতিত ইয়াৰ গুটি ব্যৱহাৰ কৰা হয়।

চিত্ৰ বিথিকা[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "The Plant List: A Working List of All Plant Species". http://www.theplantlist.org/tpl1.1/record/kew-88270। আহৰণ কৰা হৈছে: 30 November 2014. 
  2. 2.0 2.1 2.2 2.3 "USDA GRIN Taxonomy". http://www.ars-grin.gov/cgi-bin/npgs/html/taxon.pl?70315। আহৰণ কৰা হৈছে: 30 November 2014. 
  3. Ellis, John (1759). [1] "An Account of the Plants Halesia and Gardenia: In a Letter from John Ellis, Esq; F. R. S. to Philip Carteret Webb, Esq; F. R. S." Phil Trans R Soc 1759 51: 929-935.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]