তয়াবুন নিছা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
তয়াবুন নিছা
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা অসমীয়া; ভাৰতীয়
ক্ৰীড়া
ক্ৰীড়া এথলীট, ডিছকাছ থ্ৰ’
মূহূৰ্তসমূহ এছিয়ান গেমছ, ১৯৮২

তয়াবুন নিছা এগৰাকী প্ৰাক্তন এথলীট৷ তেওঁ ১৯৭১ চনত ভাৰতৰ নৱম ৰাষ্ট্ৰীয় এথলীট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক পোৱা প্ৰথম অসমীয়া মহিলা খেলুৱৈৰূপে পৰিগণিত হয়৷ ১৯৭৪ চনত ডিছকাছ থ্ৰ’ত তেওঁ দুৰত্বৰ এক বাৰ বছৰীয়া ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয়৷ পৰৱৰ্ত্তীকালত তেওঁ ভালেসংখ্যক আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতত প্ৰতিনিধিত্ব কৰিছিল৷

শৈশৱ[সম্পাদনা কৰক]

তয়াবুন নিছাৰ জন্ম হৈছিল অসমশিৱসাগৰ জিলাত৷ শৈশৱতে তেওঁৰ পিতৃৰ অকাল বিয়োগ হয়৷ [1]

ক্ৰীড়া[সম্পাদনা কৰক]

১৯৭১ চনত তয়াবুন নিছাই আহমেদাবাদত অনুষ্ঠিত হোৱা নৱম আন্তৰাজ্যিক এথলীট প্ৰতিযোগিতা (Inter State Athletic Meet) ত অংশগ্ৰহণ কৰে৷ এই প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈ হোৱাৰ সন্মান লাভ কৰে৷ [2]

১৯৭৪ চনত জয়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেওঁ ২৯.৩২ মিটাৰ দুৰত্বত ডিছকাছ থ্ৰ’ কৰি বাৰ বছৰীয়া এক ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হয়৷ তয়াবুন নিছাই ১৯৮২ চনত অনুষ্ঠিত হোৱা এছিয়ান গেমছতো অংশগ্ৰহণ কৰিছিল৷ বৰ্তমান তেওঁ অসম এথলেটিকছ এছ’ছিয়েছনৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদিকা৷ [3]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "First woman from Assam to win medals". Twocircles.net. http://twocircles.net/2015sep18/1442569245.html#.Vfz-QbZhmt9। আহৰণ কৰা হৈছে: 19 September 2015. 
  2. "A force of inspiration". The Sentinel. 30 June 2014. http://www.sentinelassam.com/sunday/melange_cover_story.php?sec=7&subsec=0&ppr=2&dtP=2014-06-30। আহৰণ কৰা হৈছে: 19 September 2015. 
  3. "Assam Athletics Association vice-president Tayabun Nisha". The Telegraph. 8 August 2007. http://www.telegraphindia.com/1070808/asp/guwahati/story_8162336.asp। আহৰণ কৰা হৈছে: 19 September 2015.