তাপ সঞ্চালন
শক্তিৰ এক অন্যতম প্ৰকাৰ হ'ল তাপ শক্তি। উষ্ণতা বিভেদৰ ফলস্বৰূপে উচ্চ উষ্ণতা সম্পন্ন অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ তাপ শক্তিৰ পৰিবহণকে তাপ সঞ্চালন বোলা হয়।
তাপ সঞ্চালনৰ পদ্ধতি
[সম্পাদনা কৰক]তাপ শক্তি তিনিটা পদ্ধতিৰে সঞ্চালন হয়
- পৰিবহণ (Conduction)
- পৰিচলন (Convection)
- বিকিৰণ (Radiation)
পৰিবহণ
[সম্পাদনা কৰক]পৰিবহণ তাপ সঞ্চালন প্ৰক্ৰিয়াত কোনো পদাৰ্থৰ অন্তৰ্ভুক্ত উচ্চ উষ্ণতাৰ অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ বা উচ্চ উষ্ণতাৰ কোনো এক পদাৰ্থৰ সংস্পৰ্শত থকা নিম্ন উষ্ণতাৰ পদাৰ্থলৈ অণুবোৰৰ কোনোধৰণৰ স্থান পৰিবৰ্তন নোহোৱাকৈয়ে তাপৰ পৰিবহণ হয়। পৰিবহণ প্ৰক্ৰিয়াৰে তাপ সষ্ণালনৰ বাবে কঠিন মাধ্যমৰ প্ৰয়োজন। এই পদ্ধতিত পদাৰ্থৰ বেছি উষ্ণতাৰ অণুবোৰে তাপ গ্ৰহণ কৰি স্পন্দিত হ’বলৈ ধৰে। এই স্পন্দনৰ জৰিয়তে পদাৰ্থৰ উত্তপ্ত অণুবোৰে তাৰ পাৰ্শ্ববৰ্তী শীতল অণুবোৰক তাপ প্ৰদান কৰে। ধাতৱীয় পদাৰ্থৰ মাজেদি হোৱা তাপ পৰিবহণত মুক্ত ইলেকট্ৰণবোৰে অৰিহণা যোগায়। ধাতুৰ তাপ পৰিবাহী গুণ মুক্ত ইলেকট্ৰণৰ ঘনত্বৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল। মুক্ত ইলেকট্ৰণৰ সংখ্যা বৃদ্ধি হ’লে ধাতুৰ তাপ পৰিবাহিতাও বৃদ্ধি হয়। উদাহৰণস্বৰূপে, লোৰ দণ্ড এডালৰ এটা মূৰ জুইত সোমোৱালে আনটো মূৰলৈ পৰিবহণ পদ্ধতিৰে তাপৰ সঞ্চালন হয়।
পৰিচলণ
[সম্পাদনা কৰক]এই পদ্ধতিৰে তাপ সঞ্চালনত তৰল পদাৰ্থৰ অণুবোৰৰ চলাচলৰ জৰিয়তে উচ্চ উষ্ণতাৰ অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ তাপৰ পৰিচলন হয়। তৰল পদাৰ্থৰ উষ্ণতা বৃদ্ধি হ’লে ঘনত্ব কমে। সেয়েহে উষ্ণতা বঢ়াৰ লগে লগে কম ঘনত্বৰ তৰল ওপৰলৈ গতি কৰে আৰু ওপৰৰ বেছি ঘনত্বৰ তৰল তললৈ আহিবলৈ ধৰে। এনেদৰে চক্ৰীয় গতিৰে গোটেই তৰল পদাৰ্থখিনিৰ মাজেৰে তাপৰ পৰিচলন হয়। উদাহৰণস্বৰূপে, এটা পাত্ৰত পানী লৈ তাপ প্ৰয়োগ কৰিলে পৰিচলন প্ৰক্ৰিয়াৰে পানীখিনিৰ উষ্ণতা বৃদ্ধি হয়।
বিকিৰণ
[সম্পাদনা কৰক]বিকিৰণ পদ্ধতিৰে তাপ সঞ্চালনৰ বাবে কোনো মাধ্যমৰ প্ৰয়োজন নহয়। সকলো উচ্চ উষ্ণতাৰ পদাৰ্থয়ে পাৰ্শ্বৱৰ্তী এলেকালৈ তাপৰ বিকিৰণ ঘটায়। তৰিৎচৌম্বকীয় তৰংৰ জৰিয়তে এই পদ্ধতিত তাপৰ সঞ্চালন হয়। উদাহৰণস্বৰূপে, সূৰ্য্যৰ পৰা অহা তাপ শক্তি বিকিৰণ প্ৰক্ৰিয়াৰ জৰিয়তে আমি অনুভৱ কৰোঁ। [1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ R.K.Rajput,Heat and Mass Transfer
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Thermal-FluidsPedia - An online thermal fluids encyclopedia.
- Hyperphysics Article on Heat Transfer - Overview
- Interseasonal Heat Transfer - a practical example of how heat transfer is used to heat buildings without burning fossil fuels.
- Aspects of Heat Transfer, Cambridge University
- Thermal-Fluids Central
- Energy2D: Interactive Heat Transfer Simulations for Everyone