সমললৈ যাওক

তাৰাবাই ভোঁচলে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাৰাবাই ভোঁচলে
মহাৰাণী

মহাৰাণী তাৰাবাই
১৯২৭ চনৰ যুদ্ধত তাৰাবাইৰ প্ৰদৰ্শন মাৰাঠী চিত্ৰকাৰ এম ভি ধুৰন্ধৰৰ দ্বাৰা অংকিত
দাম্পত্য সঙ্গী ৰাজাৰাম ছত্ৰপতি
সন্তান
শিৱাজী দ্বিতীয়
পিতৃ হামবিৰাও মোহিতে
ধৰ্ম হিন্দু ধৰ্ম

তাৰাবাই ভোঁচলে (ইংৰাজী: Tarabai; ১৬৭৫ – ১৭৬১)[1] ১৭০০ চনৰ পৰা ১৭০৮ লৈকে ভাৰতমাৰাঠা সাম্ৰাজ্যৰ শাসক আছিল। তেওঁ ছত্ৰপতি ৰাজাৰাম ভোঁচলে (Rajaram I)-ৰ ৰাণী আৰু মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ বোৱাৰী আৰু দ্বিতীয় শিৱাজীৰ মাতৃ আছিল। স্বামীৰ মৃত্যুৰ পিছত মাৰাঠা অঞ্চলৰ মোগল দখলৰ বিৰুদ্ধে প্ৰতিৰোধ জীয়াই ৰখাত তেওঁৰ ভূমিকা অতুলনীয়। লগতে থলুৱা সংস্কৃতিৰ সংৰক্ষণৰ বাবে কৰা তেওঁৰ প্ৰচেষ্টাক ব্যাপকভাৱে প্ৰশংসা কৰা হয়।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

তাৰাবাই মোহিতে বংশৰ পৰা আহিছিল আৰু বিখ্যাত মাৰাঠা জেনেৰেল হামবিৰাও মোহিতেৰ কন্যা আছিল।[2] ১৭০০ চনৰ মাৰ্চত ৰাজাৰাম প্ৰথমৰ মৃত্যুত, তেওঁ তেওঁৰ নৱজাতক পুত্ৰ, শিৱাজী দ্বিতীয়ক ৰাজৰামৰ উত্তৰাধিকাৰী আৰু নিজকে ৰিজেণ্ট হিচাপে ঘোষণা কৰে।[3]

মাৰাঠা বাহিনীৰ কমাণ্ডাৰ

[সম্পাদনা কৰক]

ৰিজেণ্ট হিচাপে, তেওঁ ঔৰংগজেবৰ বাহিনীৰ বিৰুদ্ধে যুদ্ধৰ দায়িত্ব লৈছিল। তাৰাবাই অশ্বাৰোহৰণ কৌশলত দক্ষ আছিল আৰু যুদ্ধৰ সময়ত তেওঁৰ নেতৃত্বত বহুতো কৌশলগত পদক্ষেপ লোৱা হৈছিল। তেওঁৰ নেতৃত্তত মোগলৰ বিৰুদ্ধে হোৱা যুঁজ বহুদিনলৈ অব্যাহত আছিল। যদিও সাময়িক যুদ্ধবিৰতিৰ কথা চলিছিল, তাৰাবায়ে প্ৰতিৰোধ অব্যাহত ৰাখিছিল। ১৭০৫ চনৰ ভিতৰত, মাৰাঠাসকলে নৰ্মদা নদী পাৰ হৈছিল আৰু মালৱাত সৰু প্ৰৱেশ কৰিছিল। ১৭০৬ চনত, তাৰাবাইক মোগল বাহিনীয়ে ৪ দিনৰ বাবে বন্দী কৰিছিল কিন্তু তেওঁ এজন মোগল সৈনিকক নিজৰ খাৰুসহ কিছু ব্যয়বহুল গহনা দি বন্দীসালৰ পৰা পলায়ন কৰিছিল। তেওঁ দিয়া গহনাৰ মূল্য ১০ নিযুত টকা বুলি অনুমান কৰা হৈছিল। ১৭০৭ চনত ঔৰঙ্গাবাদৰ ঝুলদাবাদত মৃত্যু হোৱা মোগল সম্ৰাট ঔৰংগজেবৰ মৃত্যুৰ খবৰ পাই মাৰাঠা দেশখন সকাহ পাইছিল।[4]

বিশিষ্ট ভাৰতীয় বুৰঞ্জীবিধ যদুনাথ চৰকাৰে মত প্ৰকাশ কৰিছিল যে ১৭০০–১৭০৭ চনৰ সময়ছোৱাত মহাৰাষ্ট্ৰৰ পথপ্ৰদৰ্শক আৰু নিৰ্দেশক কোনো মন্ত্ৰী নাছিল কেৱল ৰাণী তাৰাবাই মোহিতে আছিল। তেওঁৰ প্ৰশাসনিক প্ৰতিভা আৰু চৰিত্ৰৰ শক্তিয়ে মাৰাঠা সাম্ৰাজ্যক ভয়ংকৰ সংকটৰ পৰা ৰক্ষা কৰিছিল।[5]

শাহুৰ সৈতে যুদ্ধ

[সম্পাদনা কৰক]

মাৰাঠা সাম্ৰাজ্যক বিভক্ত কৰিবলৈ, মোগলসকলে তাৰাবাইৰ ভতিজাক শ্বাহুজীক কিছুমান চৰ্তত কাৰাগাৰৰ পৰা মুকলি কৰি দিছিল। শ্বাহুজীীয়ে লগে লগে মাৰাঠা ৰাজনীতিৰ নেতৃত্বৰ বাবে তাৰাবাই আৰু দ্বিতীয় শিৱাজীক প্ৰত্যাহ্বান জনাইছিল। শ্বাহুৱে অৱশেষত তেওঁৰ আইনী স্থিতি আৰু পেশ্বা বালাজী বিশ্বনাথৰ কূটনীতিৰ সহায়ত তাৰাবাইক একাষৰিয়া কৰি তেওঁৰ নিজৰ স্থিতি শক্তিশালী কৰি তুলিছিল। তাৰাবায়ে ১৭০৯ চনত কোলাপুৰত এটা প্ৰতিদ্বন্দ্বী আদালত স্থাপন কৰিছিল কিন্তু ৰাজৰামৰ আনগৰাকী বিধৱা ৰাজাচাবাইৰ দ্বাৰা এই প্ৰস্তাব নাকছ কৰা হৈছিল। ৰাজাচাবায়ে তেওঁৰ নিজৰ পুত্ৰ সম্ভাজী দ্বিতীয়ক সিংহাসন অৰ্পণ কৰিছিল। তাৰ পিছতেই তাৰাবাই আৰু তেওঁৰ ল'ৰাক সম্ভাজী দ্বিতীয়য়ে বন্দী কৰিছিল। ১৭২৬ চনত শিৱাজী দ্বিতীয়ৰ মৃত্যু হৈছিল। পিছত ১৭৩০ চনত তাৰবাই আৰু ছত্ৰপতি শ্বাহুৰ মাজত কিছু মিটমাট হৈছিল, আৰু তাৰাবায়ে ৰাজনৈতিক শক্তি অবিহনে সতাৰা নামৰ চহৰত বাস কৰিবলৈ গুছি গৈছিল।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Jadhav, Bhagyashree M (1998). "Ch. 5 - His Contribution to Maratha History". Dr. Appasaheb Pawar a study of his life and career. Shivaji University. পৃষ্ঠা. 224. http://shodhganga.inflibnet.ac.in/handle/10603/138357/. 
  2. Pati, Biswamoy (editor); Guha, Sumit; Chatterjee, Indrani (2000). Issues in modern Indian history : for Sumit Sarkar. প্ৰকাশক Mumbai: Popular Prakashan. পৃষ্ঠা. 30. ISBN 9788171546589. https://books.google.com/books?id=S2Yn4LlujqsC&q=rajaram+tarabai+mohite&pg=PR9. 
  3. Sen, Sailendra (2013). A Textbook of Medieval Indian History. Primus Books. পৃষ্ঠা. 201. ISBN 978-9-38060-734-4. 
  4. Eaton, Richard M. (2005). A Social History of the Deccan, 1300–1761: Eight Indian Lives, Volume 1. প্ৰকাশক Cambridge, England: Cambridge University Press. পৃষ্ঠা. 177–203. ISBN 0-521-25484-1. https://books.google.com/books?id=cGd2huLXEVYC&q=tarabai+rajaram+marriage&pg=PA181. 
  5. Life and letters under the Mughals, Pran Nath Chopra, p.122
  6. Sumit Sarkar (2000). Issues in Modern Indian History: For Sumit Sarkar. Popular Prakashan. পৃষ্ঠা. 30. ISBN 978-81-7154-658-9. https://books.google.com/books?id=S2Yn4LlujqsC&pg=PR9.