তিতাফুল
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ফ্ল’গাকেণ্ঠাছ পিউবিনাৰ্ভিয়াছ (তিতাফুল) | |
---|---|
তিতাফুল গছৰ ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Magnoliophyta |
বৰ্গ: | Lamiales |
পৰিয়াল: | Acanthaceae |
গণ: | Phlogacanthus |
প্ৰজাতি: | P. curviflorus |
বৈজ্ঞানিক নাম | |
Phlogacanthus pubinervius T.Anderson, 1867 | |
সমাৰ্থক | |
|
তিতাফুল হৈছে এবিধ সপুষ্পক উদ্ভিদ। ইয়াৰ অন্য নাম বাহক (ৰঙা)। ওখ প্ৰায় ১০-১২ ফুট মান হয়। পাত ডাঙৰ আৰু আগবোৰ জোঙা, জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ফুল ফুলে। ফুলৰ সোৱাদ তিতা।
নাম
[সম্পাদনা কৰক]বাহকৰ সংস্কৃত নাম বাসক, আতাৰুষক, সিংহস্য, বাসিকা। হিন্দীত বগা বাসা, অভুছা, অৰুশি; গুজৰাটীত অডুসা; মাৰাঠীত অডুসা; পাঞ্জাৱীত বংস; তেলেগুত পেডিয়ামানু, আড্ডাচাশমু বোলে।[1]
বৰ্ণনা :
তিতাফুল নামত আৰু সোৱাদতহে তিতা যদিও কামত পিছে মিঠা। ফুলত মৌ পিবলৈ অহা মৌপিয়াবোৰেও তাকেই কয়। তিতাফুল, ৰাম বাহক বা ৰঙা বাহক যি নামেৰেই মতা নহওক কিয় ফুলবোৰ কেৱল দেখিবলৈয়ে ধুনীয়া নহয়, গুণেৰেও ভৰপূৰ। নাম হওক তিতা; কামহে আচল কথা। ৰূপেনো কি কৰে, গুণেহে সংসাৰ তৰে। তিতাফুল চিৰসেউজ জোপোহা আকৃতিৰ উদ্ভিদ। পাত আৰু ফুলৰ সোৱাদ তিতা। সেইবাবেই চাগে' তিতাফুল। ডালবোৰৰ ছাল পাতল হালধীয়া বৰণৰ আৰু প্ৰশাখাযুক্ত। প্ৰশাখাৰ শীৰ্ষত ফুল ফুলে; ৰং ৰঙা বা ইটা বৰণীয়া।
ঔষধি গুণ :
বাৰীত তিতাফুল বেছিকৈ থাকিলে তেনে মানুহৰ ঘৰত উশাহ লোৱাত কষ্ট পোৱা অসুখ নহয়। মেলেৰিয়াও নহয় বুলি কোৱা হয়। তিতাফুলৰ পাতৰ বায়ু শোধন কৰিব পৰা ক্ষমতা অধিক হোৱা বাবেই চাগে' বাৰীত তিতাফুলৰ গছ বেছিকৈ থকা মানুহৰ ঘৰত শ্বাসজনিত ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে।
তিতাফুলৰ বিবিধ ঔষধি গুণ আছে। আগৰ দিনত কাহ হ'লে শুকুৱাই টেকেলিত ভৰাই ৰখা তিতাফুলৰ পাহি কেইটামান পানীত তিয়াই তুলসী পাত আৰু জালুক এটাৰ সতে পটাত পিহি মৌৰ লগত খাবলৈ দিছিল। কাহ ভাল হৈছিল। যদি এই দৰৱে কাম নিদিছিল, তেন্তে কুমলীয়া পাত কেইটামান পাতত দি পিটিকি খাবলৈ দিছিল আৰু তেতিয়া কাহ পলাই ফাট মাৰিছিল। কেৱল কাহেই নহয় কৃমিও ভাল হয়। মেলেৰিয়া, কলাজ্বৰ আদিৰ উপৰি তিতাফুল বাতবিষত উপকাৰী আৰু জণ্ডিচত সুপথ্য তথা অৰুচিনাশক, স্মৰণ শক্তি বৃদ্ধিকাৰক। মধুমেহ ৰোগীৰ বাবেও তিতাফুল উপকাৰী। ছালৰ ৰোগ আৰু গ্ৰহণীৰ ক্ষেত্ৰতো তিতাফুল উপকাৰী হিচাপে বিবেচিত হৈছে।
খাদ্য :
তিতাফুল চিঙি আনি ফুলবোৰ শুকুৱাই টেমাত ভৰাই সংৰক্ষণ কৰা হয়। এনদৰে ৰখা ফুলেৰে ৰান্ধনীয়ে মন গ'লেই মাটিমাহৰ সতে কলাখাৰ দি খাৰ ৰান্ধে। সৰু সৰু আলুৰ লগত শুকানকৈ ভাজে। খুদ চাউল, অমিতাৰ লগত খাৰ ৰান্ধে। হাঁহকণীৰ লগত মিহলাই ভাজে। মুঠতে তিতাফুলৰ এশ এবুৰি 'ৰেচিপি' আছে; এইবিষয়ে খাদ্যৰসিকসকলে ভালকৈ জানিব। তিতাফুলৰ বিষয়ে বিহুনামত এনেদৰে উল্লেখ আছে—
"বাৰীৰ মাজে মাজে গোলাপ ফুল ফুলিলে,
তিতাফুল ফুলিলে ঢাপত;
তোমাৰে আমাৰে জোৰা নিমিলিলে
কোনোবা জনমৰ পাপত।"
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]https://m.facebook.com/groups/1637558626475056?view=permalink&id=2122561527974761