সমললৈ যাওক

তিলেশ্বৰী বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তিলেশ্বৰী বৰুৱা
জন্ম ১৯৩০
নিজ বৰগাঁও,দৰং জিলা, অসম
মৃত্যু ঢেকিয়াজুলি
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সংস্থা অসম প্ৰদেশ কংগ্ৰেছ
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন


তিলেশ্বৰী বৰুৱা (ইংৰাজী: Tileswari Baruah) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী শ্বহীদ৷ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যুক সাৱটি লৈছিল৷ ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলকাৰীক উদ্দেশ্যি কৰা পুলিচৰ গুলীচালনাত গুলীবিদ্ধ হৈ থিতাতে মৃত্যুমুখত পৰিছিল তিলেশ্বৰী বৰুৱা। উল্লেখযোগ্য যে একেদিনাই গহপুৰত মৃত্যুবৰণ কৰিছিল কনকলতা বৰুৱাই।[1] তিলেশ্বৰী বৰুৱাৰ জন্ম ১৯৩০ চনত৷ পিতৃৰ নাম ভৱকান্ত বৰুৱা৷ তেওঁৰ ঘৰ দৰং জিলাৰ বৰগাঁও মৌজাৰ নিজ বৰগাঁও নামে গাঁৱত৷ মৃত্যুৰ সময়ত তিলেশ্বৰী বৰুৱাৰ বয়স আছিল মাত্ৰ ১২ বা ১৩ বছৰ৷[2]

ভাৰতৰ স্বাধীনতা প্ৰাপ্তিৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে স্বাধীনতা আন্দোলনৰ বীৰ-বীৰাংগনাসকলক স্মৰণ কৰাৰ বাবে ভাৰত চৰকাৰে হাতত লোৱা নানা প্ৰকল্পৰ ভিতৰত দেশৰ ২০ গৰাকী বীৰনাৰীৰ জীৱনী “অমৰ চিত্ৰ কথা’’ত চিত্ৰিত কৰে৷ তাৰ ভিতৰত অসমৰ তিলেশ্বৰী বৰুৱাৰো স্থান আছে৷[3]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "দেশৰ স্বাধীনতাৰ হকে প্ৰাণ ত্যাগ কৰা অসমৰ কেইগৰাকীমান মহিলা". https://blog.mygov.in/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%B9%E0%A6%95%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE/। আহৰণ কৰা হৈছে: 19 August 2023. 
  2. কলিতা, ৰমেশচন্দ্ৰ (২০২০). স্বাধীনতা আন্দোলন আৰু অসম. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১৭৮. 
  3. "অসমৰ স্বাধীনতা যুঁজাৰু তিলেশ্বৰী বৰুৱা...". https://assam.news18.com/news/assam/union-government-released-book-on-20-freedom-fighter-including-assam-tileswari-baruah-tvpartha-hb-191785.htm। আহৰণ কৰা হৈছে: 19 August 2023.