তীৰ্থেশ্বৰ হাজৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তীৰ্থেশ্বৰ হাজৰিকা
জন্ম ১৯০১
লখিমপুৰ জিলা, অসম, ভাৰত
মৃত্যু ১৯৮৬
লখিমপুৰ জিলা, অসম, ভাৰত
পেচা স্বাধীনতা সংগ্ৰামী
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন
দাম্পত্যসঙ্গী মোক্ষ্যদা দেৱী
সন্তান ৭ (ঈশ্বৰ প্ৰসন্ন হাজৰিকা সহ)


তীৰ্থেশ্বৰ হাজৰিকা (ইংৰাজী: Tirtheswar Hazarika; জন্ম:১৯০১-মৃত্যু:১৯৮৬) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ১৯২১চনৰ ১৮ আগষ্টত তেওঁ মহাত্মা গান্ধীক লগ পাবলৈ উত্তৰ লক্ষীমপুৰৰ পৰা যোৰহাট জিলালৈকে বাইচাইকেল চলাই গৈছিল। অসহযোগ আন্দোলনত যোগ দিয়াৰ বাবে তিনিমাহ কাৰাবাস খাটিছিল[1] আৰু সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল। কলিকতাত নেতাজী সুভাষচন্দ্ৰ বসুৰ নেতৃত্বত হোৱা আইন অমান্য আন্দোলন( Civil disobedience movement) ত যোগ দি পুলিছৰ লাঠি চালনাত আঘাতপ্ৰাপ্ত হৈছিল। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত যোগ দি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত দুবছৰ কাৰাবাস আৰু ১৯৪৪ ৪জুনত ১বছৰ বাবে গৃহবন্দীত্বত আছিল। তেওঁ লক্ষীমপুৰ জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল আৰু ১৯৪৭ চনৰ ১৫ আগষ্টত লক্ষীমপুৰ জিলাত ভাৰতৰ ত্ৰিৰঙ্গা পতাকা উত্তোলন কৰা প্ৰথমজন স্বাধীনতা যুঁজাৰু আছিল। মহাত্মা গান্ধীৰ হত্যাৰ প্ৰতিবাদত তেখেতে দাড়ি-চুলি কটা নাছিল। ১৯৭২চনৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে “তাম্ৰপত্ৰ’’ প্ৰদান কৰিছিল। পিছত বিদেশী-বহিষ্কাৰ আন্দোলনত চৰকাৰৰ হেমাহিত অসন্তুষ্ট হৈ তাম্ৰপত্ৰ ঘূৰাই দিছিল।[2][3][4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. ডেকা, কনকচন্দ্ৰ (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃষ্ঠা. ৫৮৫. https://archive.org/details/in.ernet.dli.2015.452258. 
  2. বিশিষ্ট ব্যক্তিৰ বুৰঞ্জী-৬৭তম অসম সাহিত্য সভা আদৰণী সমিতি(উত্তৰ লক্ষীমপুৰ)
  3. Barua, Prafulla (৯ আগষ্ট ১৯৮৫). "তীৰ্থেশ্বৰ হাজৰিকা". Assam Tribune. 
  4. Ahmed, Farhana (১৫ আগষ্ট ২০২৩). Assam Tribune.