তুলসী গৌড়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তুলসী গৌড়া
Tulsi Gowda
ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰি থকা সময়ত পৰিৱেশ কৰ্মী তুলসী গৌড়া
ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰি থকা সময়ত পৰিৱেশ কৰ্মী তুলসী গৌড়া
জন্ম ১৯৪৪ (বয়স ৭৯–৮০)
উত্তৰ কানাড়া, কৰ্ণাটক, ভাৰত
পেচা পৰিৱেশকৰ্মী

তুলসী গৌড়া (ইংৰাজী: Tulsi Gowda) হৈছে কৰ্ণাটক ৰাজ্যৰ অন্তৰ্গত উত্তৰ কানাড়া জিলাৰ হোন্নালী গাঁৱৰ এগৰাকী ভাৰতীয় পৰিৱেশকৰ্মী৷ তেখেতে ১০,০০০ জোপাতকৈও অধিক বৃক্ষপুলি ৰোপণৰ লগতে বন বিভাগৰ নাৰ্ছাৰীসমূহ প্ৰতিপালনৰ দায়িত্বও পালন কৰিছে ৷ কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ তুলসী গৌড়াই পৰিৱেশৰ সুৰক্ষালৈ অনবদ্য বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে৷ ভাৰত চৰকাৰৰ উপৰি অন্যান্য সংস্থাই তেখেতৰ এই কৰ্মক সন্মান জনাই বিভিন্ন সময়ত স্বীকৃতি প্ৰদান কৰিছে ৷ তুলসী গৌড়া 'বননিৰ বিশ্বকোষ' বা 'এনচাইক্লোপেডিয়া অৱ ফৰেষ্ট' হিচাপে পৰিচিত৷ [1]

২০২১ বৰ্ষৰ ৮ নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰে তেখেতক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে ৷[2][3][4]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৪৪ চনত হাক্কালী নামৰ এটি জনজাতীয় পৰিয়ালত তুলসী গৌড়াৰ জন্ম হয়৷ কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাত অৱস্থিত গ্ৰাম্য আৰু নগৰীয়া ক্ষেত্ৰৰ মধ্যবিন্দুত থকা হোন্নালী গাঁৱৰ এক আৱাসস্থলী আছিল তেখেতৰ জন্মস্থান ৷কৰ্ণাটক হৈছে দক্ষিণ ভাৰতৰ এখন ৰাজ্য, যি পৰিৱেশ-পৰ্যটনৰ বাবে জনাজাত৷ কৰ্ণাটকত পাঁচখন ৰাষ্ট্ৰীয় উদ্যান আৰু পছিশখনতকৈও অধিক বন্যপ্ৰাণী অভয়াৰণ্য আছে ৷ [5]

তুলসী গৌড়াৰ নামৰ প্ৰথমটো শব্দ প্ৰকৃতিৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত আৰু শব্দটো তুলসী নাইবা তুল্‌সী নামৰ কানাড়া শব্দৰ পৰা লোৱা হৈছে ৷ ইয়াৰ অৰ্থ হৈছে হিন্দু ধৰ্মৰ পবিত্ৰ তুলসী গছ, (Ocimum tenuiflorum)৷ [6]

এটি দৰিদ্ৰ পৰিয়ালত তুলসী গৌড়াৰ জন্ম হৈছিল৷ দুবছৰ বয়সত তেখেতে পিতৃক হেৰুৱায় ৷ ইয়াৰ বাবে তেখেতে মাতৃৰ লগত এখন স্থানীয় নাৰ্চাৰীত শ্ৰমিক হিচাপে খুব সৰুৰেপৰাই কাম কৰিবলগা হৈছিল৷ ফলত পঢ়া-শুনা কৰাত বাধা আহি পৰিছিল৷ সেইকাৰণে তুলসী গৌড়া অশিক্ষিত হৈ থাকে৷ তেওঁলোকৰ জনজাতিৰ ভাষা হৈছে কানাড়া ৷ ইয়াৰ এটা অল্প-পৰিচিত নাম হৈছে-কানাৰিছ৷ কিশোৰী অৱস্থাতে তুলসী গৌড়াক বয়সত ডাঙৰ এজন ব্যক্তি গোৱিন্দে গৌড়াৰ লগত বিবাহ সম্পন্ন কৰোৱা হয়৷ তেতিয়া তেখেতৰ আনুমানিক বয়স আছিল দহ বা বাৰ৷ তেখেতে পঞ্চাছ বছৰ অতিক্ৰম কৰাৰ কেইবছৰ মানৰ পাছতে স্বামীৰ দেহাৱসান ঘটে৷ নাৰ্চাৰীত তুলসী গৌড়াক বৃক্ষপুলিৰ পৰিচৰ্যা কৰাৰ দায়িত্ব দিয়া হৈছিল৷ পাছত এইবোৰ পুলিক কৰ্ণাটকৰ বন বিভাগৰ অধীনত বিকাশ আৰু ফচল সংগ্ৰহ কৰা হৈছিল৷ আগাছুৰ বীজশয্যাৰ অংশ হ'বলগীয়া পুলিবোৰৰ তেখেতে বিশেষভাৱে যত্ন লৈছিল৷ [7] মাতৃৰ লগত তুলসী গৌড়াই দৈনিক হাজিৰা কৰ্মী হিচাপে পয়ত্ৰিছ বছৰ ধৰি কাম কৰিছিল ৷ ইয়াৰ পাছতহে সংৰক্ষণ আৰু উদ্ভিদ বিজ্ঞানৰ প্ৰতি থকা অগাধ জ্ঞানৰ স্বীকৃতিস্বৰূপে তেখেতক এটা স্থায়ী পদ প্ৰদান কৰা হৈছিল ৷ সত্তৰ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বে সেই স্থায়ী পদটোত তেখেতে পোন্ধৰ বছৰতকৈও অধিক কাল কাম কৰে ৷ নাৰ্ছাৰীত কটোৱা এই দীৰ্ঘকালীন সময়ছোৱাত, তুলসী গৌড়াই বৃক্ষৰোপনৰ হকে বন বিভাগৰ লগত প্ৰত্যক্ষভাৱে কাম কৰে আৰু অভিজ্ঞতাৰ জৰিয়তে লাভ কৰা পৰম্পৰাগত জ্ঞানৰ জৰিয়তে অৱদান আগবঢ়ায় ৷

জ্ঞান[সম্পাদনা কৰক]

পৰিৱেশবিদসকলে তুলসী গৌড়াক "বনানিৰ বিশ্বকোষ" (encyclopedia of the forest) বুলি অভিহিত কৰিছে ৷ আনহাতে জনজাতীয় লোকৰ মাজত তুলসী "বৃক্ষ দেৱী" হিচাপে পৰিচিত ৷ বনাঞ্চল আৰু বনাঞ্চলত বিকশিত হোৱা বৃক্ষ সম্বন্ধে তুলসীৰ বিস্তৃত জ্ঞান আছে ৷ তাৰবাবেই তেখেতক এই দুয়োটা নাম দিয়া হৈছে ৷ [8] গছৰ প্ৰতিটো প্ৰজাতিৰেই মাতৃ বৃক্ষজোপা চিনাক্ত কৰাৰ এক বিশেষ দক্ষতাৰ অধিকাৰিনী তুলসী গৌড়া; লাগিলে গছজোপাৰ স্থান য'তেই নহওক কিয় ৷ [9] অৰণ্যত থকা মাতৃ বৃক্ষজোপাই ইয়াৰ আকাৰ আৰু বয়সৰ বাবে বিশিষ্টতা লাভ কৰে আৰু ইয়াৰ লগতেই অৰণ্যৰ সৰ্বাধিকসংখ্যক বৃক্ষবিন্দু সংযুক্ত হৈ থাকে ৷ মাটিৰ তলত থকা এই বিন্দু (Node)বোৰৰ জৰিয়তে মাতৃবৃক্ষৰ লগত পুলিবোৰে সংযোগ স্থাপন কৰে আৰু নাইট্ৰ'জেন আৰু অন্যান্য পৰিপুষ্টিৰ যোগান ধৰে ৷ [10]বীজ সংগ্ৰহৰ ক্ষেত্ৰত তুলসী গৌড়াই উৎকৃষ্টতা অৰ্জন কৰিছে ৷ বৃক্ষৰ প্ৰজাতিৰ পুনৰ সৃষ্টি আৰু পুনৰ বৃদ্ধি কৰিবলৈ মাতৃবৃক্ষৰ পৰা বীজ আহৰণ কৰাটোৱেই হৈছে বীজ সংগ্ৰহৰ উদ্দেশ্য৷ এইটো এটা অতি কঠিন প্ৰক্ৰিয়া৷ কিয়নো পুলিবোৰ জীয়াই থকাটো নিশ্চিত কৰিবলৈ মাতৃবৃক্ষৰ পৰা গজালি ওলাবলৈ ধৰা শীৰ্ষতম সময়তে বীজ সংগ্ৰহ কৰিব লাগিব, আৰু গৌড়াই এই সময়ৰ আগমন সম্বন্ধে সম্পূৰ্ণ জ্ঞাত৷ [11]

অৰণ্য সম্বন্ধে এনে বিস্তৃত জ্ঞান তুলসী গৌড়াই কিদৰে আহৰণ কৰিলে-সেইটো এটা কৌতূহলোদ্দীপক প্ৰশ্ন ৷ ইয়াৰ ব্যাখ্যা আগবঢ়োৱাটো তেখেতৰ পক্ষে সম্ভৱ নহ'ব বুলি জানিবলৈ দিয়ে৷ তেখেতৰ মতে, তেখেত বোধহয় অৰণ্যৰ ভাষা বুজি পোৱাকৈ সক্ষম[7] উল্লেখনীয় যে, তুলসী গৌড়াৰ 'হাল্লাকী ভোক্কালিগা' জনজাতিৰ এটা বৰ গভীৰ ঐতিহ্য আছে৷ তেওঁলোকে মাতৃত্ব আৰু প্ৰকৃতিৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখে আৰু ভূপৃষ্ঠৰ পৰিচৰ্যাকাৰীৰ দায়িত্ব পালন কৰে ৷ [7]

উত্তৰসুৰী[সম্পাদনা কৰক]

তুলসী গৌড়াই কৰ্ণাটকত নিজা উদ্যোগত এক লাখ বৃক্ষৰ পুলি ৰোপন কৰিছে ৷ [8] এই অৱদানসমূহে তেখেতৰ সমূদায়তো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ উত্তৰ কানাড়া জিলাৰ নাগৰাজা গৌড়াই হালাক্কী জনজাতিৰ হকে কাম কৰে ৷ তেখেতৰ মতে,তুলসী তেওঁলোকৰ বাবে গৌৰৱ৷[9]

য়েলাপ্পা ৰেড্ডী হৈছে এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া৷ তেখেতেও তুলসী গৌড়াৰ অতুলনীয় কৰ্মক প্ৰশংসা কৰি মন্তব্য কৰিছে যে-তুলসী গৌড়াই তিনিশতাধিক ঔষধী গছ চিনাক্ত কৰিছে আৰু ৰোপন কৰিছে যাৰ জৰিয়তে গাঁৱৰ ব্যাধিগ্ৰস্ত লোকৰ চিকিৎসা কৰাত সুবিধা হৈছে ৷ [9]

কৰ্ণাটক বন বিভাগৰ পৰা অৱসৰ লৈছে যদিও তুলসী গৌড়াই জীৱনৰ অৱশিষ্ট সময়খিনি গাঁৱৰ শিশু-কিশোৰক বনানিৰ গুৰুত্ব বুজাবলৈ ব্যৱহাৰ কৰিছে ৷ ইয়াৰ লগতে পুলি আহৰণ আৰু পৰিচৰ্যাকৰণো তেখেতে শিশুহঁতক শিকাইছে ৷ [7]

পৰিৱেশ-কৰ্মৰ লগতে তুলসী গৌড়াই নিজৰ গাঁৱত নাৰীৰ অধিকাৰ সম্বন্ধে মাত মাতি আহিছে৷ এগৰাকী হালাক্কি মহিলাক যেতিয়া বিবাদৰ পিছত বন্দুকৰে ভাবুকি দিয়া হৈছিল, তেতিয়া গৌড়াই তেওঁক সহায় কৰিবলৈ গৈ কৈছিল যে-"অপৰাধীক শাস্তি নিদিলে তীব্ৰ প্ৰতিবাদ কৰিম।"[7]

স্বীকৃতি[সম্পাদনা কৰক]

কৰ্ণাটক বন বিভাগত দীৰ্ঘকাল সেৱা আগবঢ়োৱা তুলসী গৌড়াই বৃক্ষপুলি বিকাশ আৰু সংৰক্ষণৰ বাবে অনেক বঁটা আৰু সন্মান লাভ কৰিছে ৷

  • ১৯৮৬ চনত তুলসীয়ে ইন্দিৰা প্ৰিয়দৰ্শিনী বৃক্ষমিত্ৰ বঁটা লাভ কৰে ৷ এই বঁটাক 'IPVM' বঁটা বুলিও কোৱা হয় ৷ বনানীকৰণ আৰু পতিতভূমি বিকাশৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ব্যক্তিবিশেষ আৰু প্ৰতিষ্ঠানলৈ এই বঁটা আগবঢ়োৱা হয় ৷ [9] পৰিৱেশ আৰু বন মন্ত্ৰণালয়ৰদ্বাৰা উক্ত বঁটা ১৯৮৬ চনত প্ৰৱৰ্তন কৰা হৈছিল আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে ৭টা ভিন্ন শিতানত এই বঁটা প্ৰদান কৰা হয় ৷
  • ১৯৯৯ চনত তুলসী গৌড়াক কৰ্ণাটক ৰাজ্যোৎসৱা বঁটা প্ৰদান কৰা হয় ৷ এয়া হৈছে কৰ্ণাটক ৰাজ্য চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান৷ [9] [5] এই বঁটাত এটি সোণৰ পদক আৰু দহলাখ ধনৰাশি আগবঢ়োৱা হয় ৷
  • ২০২০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে তুলসী গৌড়ালৈ সন্মানীয় পদ্মশ্ৰী বঁটা ঘোষণা কৰে৷ বঁটা গ্ৰহণ কৰি তুলসী গৌড়াই নিজৰ উদ্দেশ্য পুনৰ প্ৰতিষ্ঠিত কৰি কয় যে-বঁটা গ্ৰহণ কৰি মই আহ্লাদিত, কিন্তু বনানি আৰু বৃক্ষৰ মূল্যক মই অগ্ৰাধিকাৰ দিওঁ৷"[9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. https://www.newindianexpress.com/good-news/2021/nov/09/30000-trees-and-counting-encyclopedia-of-forest-tulasi-gowda-elated-at-receiving-padma-shri-2381475.html
  2. "Tulsi Gowda to be felicitated". Samachar. Archived from the original on 2013-11-09. https://web.archive.org/web/20131109083606/http://www.samachar.com/Snake-Marshal-and-Tulsi-Gowda-to-be-felicitated-lgccLQdadbi.html। আহৰণ কৰা হৈছে: 2021-11-09. 
  3. "‘Plant two saplings a year'". The Hindu. 6 June 2011. http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/plant-two-saplings-a-year/article2080738.ece. 
  4. "‘Snake' Marshal and Tulsi Gowdato be felicitated". The Hindu. 2 June 2011. http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/article2070134.ece?css=print. 
  5. 5.0 5.1 "Karnataka Government". www.karnataka.gov.in. https://www.karnataka.gov.in/page/Awards/State+Awards/Rajyotsava+Awards/en। আহৰণ কৰা হৈছে: 2021-10-19. 
  6. M. A., English Literature. "What You Should Know About Tulsi or the Holy Basil" (en ভাষাত). Learn Religions. https://www.learnreligions.com/tulsi-the-holy-basil-1770040। আহৰণ কৰা হৈছে: 2021-10-19. 
  7. 7.0 7.1 7.2 7.3 7.4 "Tree goddess Tulasi Gowda, the barefoot Indian activist protecting the forest" (en-US ভাষাত). LifeGate. 2020-09-01. https://www.lifegate.com/tulasi-gowda-forests-india। আহৰণ কৰা হৈছে: 2021-10-19. 
  8. 8.0 8.1 Thacker, Hency (2020-02-26). "Tulasi Gowda - One Woman can change the world" (en-GB ভাষাত). The CSR Journal. https://thecsrjournal.in/tulasi-gowda-one-woman-can-change-the-world/। আহৰণ কৰা হৈছে: 2021-10-19. 
  9. 9.0 9.1 9.2 9.3 9.4 9.5 Menon, Arathi; Chinnappa, Abhishek N. (2021-06-10). "Tulsi Gowda: Barefoot Ecologist Brings Forests to Life" (en-US ভাষাত). The Beacon Webzine. https://www.thebeacon.in/2021/06/10/tulsi-gowda-barefoot-ecologist-brings-forests-to-life/। আহৰণ কৰা হৈছে: 2021-10-19. 
  10. "About Mother Trees in the Forest" (en-US ভাষাত). The Mother Tree Project. https://mothertreeproject.org/about-mother-trees-in-the-forest/। আহৰণ কৰা হৈছে: 2021-10-19. 
  11. "Karnataka Forest Department - Home page". aranya.gov.in. https://aranya.gov.in/aranyacms/(S(u5shf1ytgsyqjwahlapbuoz1))/English/Home.aspx। আহৰণ কৰা হৈছে: 2021-10-19.