তুলিকা চেতিয়া য়েইন
এই প্ৰবন্ধৰ বিষয়বস্তুৱে সম্ভৱতঃ ৱিকিপিডিয়াৰ সাধাৰণ উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী মানি চলা নাই। অনুগ্ৰহ কৰি বিষয়টোৰ সম্পৰ্কে বিশ্বাসযোগ্য তথ্য-উৎস সন্নিবিষ্ট কৰি উল্লেখযোগ্যতা সাব্যস্ত কৰাত সহায় কৰক। উল্লেখযোগ্যতা সাব্যস্ত নহ'লে প্ৰবন্ধটো একত্ৰিত, পুনঃনিৰ্দেশ, বা বিলোপ কৰা হ'ব পাৰে। |
এই প্ৰবন্ধত উপযুক্ত তথ্যতকৈ বিষয়টোত বিজ্ঞাপন যেন লগা পাঠ্য থকা যেন হে দেখা গৈছে। অনুগ্ৰহ কৰি এনে অসমৰ্থিত ভাষ্য পৰিহাৰ কৰক। |
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
তুলিকা চেতিয়া য়েইন | |
---|---|
জন্ম | ১১/৩/১৯৭৪ অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
সহযোগী | ৰজনী য়েইন |
তুলিকা চেতিয়া য়েইন (ইংৰাজী: Tulika Chetia Yain ) হৈছে এগৰাকী অসমীয়া কবি। শদিয়াৰ পৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ বুকুৰে ফেৰীৰে যাত্ৰা কৰা তুলিকা চেতিয়া য়েইন অসমৰ একমাত্ৰ নাৰী।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]তেখেতে ১৯৭৪ চনত অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ মিমেত জন্ম গ্ৰহণ কৰিছিল।
শিক্ষা
[সম্পাদনা কৰক]শিক্ষাতত্ব বিভাগত স্নাতক, ১৯৯৪
সামাজিক জীৱন
[সম্পাদনা কৰক]অংশগ্ৰহণ কৰা অনুষ্ঠানসমূহ
[সম্পাদনা কৰক]- ২০১৩ চনত অৰুণাচল লিটাৰ্চোৰ ছ'চাইটিৰ দ্বাৰা অনুষ্ঠিত সাহিত্য অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ।
- ২০১৪ চনত সাহিত্য অকাডেমীৰ দ্বাৰা অনুষ্ঠিত দিল্লীত অনুষ্ঠিত অস্মিতা অনুষ্ঠানত অংশগ্ৰহণ।
- ২০১৫ চনত চণ্ডিগড়ত সাহিত্য অকাডেমীৰ দ্বাৰা অনুষ্ঠিত সৰ্বভাৰতীয় লেখক সন্মিলনত অংশগ্ৰহণ।
- ২০১৭ চনত দিল্লীত অনুষ্ঠিত উত্তৰ-পূব আৰু দক্ষিণ ভাৰতৰ সাহিত্য অকাডেমীৰ সাহিত্য সন্মিলনত অংশগ্ৰহণ।
- ২০১৭ চনত দিল্লীত অনুষ্ঠিত চাৰ্ক সম্মিলনত অংশগ্ৰহণ।
- ২০১৭ চনত থাইলেণ্ডত, থাইলেণ্ড আৰু ভাৰত চৰকাৰৰ দ্বাৰা অনুষ্ঠিত ভাৰত আৰু থাইলেণ্ড উৎসৱত বক্তা হিচাপে অংশগ্ৰহণ।
- ২০১৭ চনত সাহিত্য অকাডেমী আৰু কলিকতাৰ ৰেডিঅ' চেণ্টাৰ দ্বাৰা আয়োজিত অনুষ্ঠানত উত্তৰ-পূবৰ কবি হিচাপে অংশগ্ৰহণ।
- ২০১৮ চনত বাংগালুৰুত সাহিত্য অকাডেমীৰ দ্বাৰা অনুষ্ঠিত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম নাৰীলেখক
সন্মিলনত নেতৃত্ব গ্ৰহণ কৰি অংশগ্ৰহণ
[সম্পাদনা কৰক]- ২০১৮ চনত আন্দামান নিকোবৰত সাহিত্য অকাডেমীৰ দ্বাৰা অনুষ্ঠিত সৰ্বভাৰতীয় কবি সন্মিলনত অংশগ্ৰহণ।
- ২০১৯ চনত ভূপালত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু সাহিত্য অকাডেমী দিল্লীৰ দ্বাৰা অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলনত অংশগ্ৰহণ।
- ২০১৯ চনত কলিকতাৰ শান্তিনিকেতনত হিন্দী সাহিত্য সভাৰ দ্বাৰা অনুষ্ঠিত কবি সন্মিলনত অসমৰ হৈ প্ৰতিনিধিত্ব কৰে।
- ২০১১ আৰু ২০১২ চনত নেচনেল বুক ট্ৰাষ্টৰ কৰি সন্মিলনত অংশগ্ৰহণ।
- ২০১৮ আৰু ২০১৯ চনত ৰাজস্থানৰ জয়পুৰ প্ৰগ্ৰেচিভ লিটাৰ্চোৰ ফেষ্টিভেলত উত্তৰ-পূবৰ হৈ অংশগ্ৰহণ।
- ২০১৯ চনত অৰুণাচল লিটাৰেচাৰ ফেষ্টিভেলত কবি হিচাপে অংশগ্ৰহণ।
- ২০২০ চনত ঘানা ইউনিভাৰচিটিৰ বিজনেচ এণ্ড ইকনমিক্চ নামৰ ৰিচাৰ্চ ছ'চাইটিত চাৰিখন গবেষণা পত্ৰ প্ৰকাশ।
সাহিত্যৰাজি
[সম্পাদনা কৰক]প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]- মৌনতাৰ আত্মপাঠ (কবিতা)
- হাঁহিৰ আকাশ প্ৰেমৰ আকাশ (গদ্য)
- আকাশ নথকা ৰাতি (কবিতা)
- স্বপ্ন প্ৰেমৰ প্ৰাৰ্থনা (কবিতা)
- Royal Architechture of Ahom (Bilangual )
- দিখৌ আৰু দিচাংঃ দুখন নদীৰ গাথা (নদী বিষয়ক গ্ৰন্থ)
অসমীয়া প্ৰতিদিনৰ সম্ভাৰত পাঠকৰ হৃদয় আলোকিত কৰা প্ৰতি দেওবাৰে প্ৰকাশ পোৱা ‘স্বপ্নৰ স্বদেশ মোৰ অৰুণাচল' এখন আত্মজীৱনীমূলক উপন্যাস। নিয়মীয়া বাৰ্তাত প্ৰকাশিত, ‘মই তোমাৰ উশাহৰ গান-যাযাবৰী দিনলিপি' সকলোতকৈ বহুল প্ৰচলিত ধাৰাবাহিক ভ্ৰমণ গাথা আছিল। অসমীয়া প্ৰতিদিন, দৈনিক অসম, নিয়মীয়া বাৰ্তা, খবৰ, আমাৰ অসম, দৈনিক জনসাধাৰণ, দৈনিক জনমভূমি, দৈনিক বাতৰি আদি বাতৰি কাকতৰ লগতে সাতসৰী, গৰীয়সী, প্ৰান্তিক প্ৰকাশ, বাৰ্তাপখিলী আলোচনীত প্ৰকাশিত উত্তৰ-পূব ভাৰতৰ বিভিন্ন লোকসংস্কৃতি বিষয়ক আৰু বুৰঞ্জী বিষয়ক তত্ত্বগধূৰ প্ৰায় ১০০০ প্ৰবন্ধ লিখিছে।
সম্পাদিত গ্ৰন্থ
[সম্পাদনা কৰক]- হেম বুঢ়াগোহাঞি ৰচনাৱলী দুটা বৃহৎ খণ্ড
- ছে-ৰায়-ডয়
- ছেং-মুং
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- আন্তঃৰাষ্ট্ৰীয় তথাগত সৃজন সম্মান’ ২০১৮,
- বিহাৰ হিন্দী সাহিত্য সভাৰ দ্বাৰা 'শতাব্দী বঁটা, ২০১৯
- অসম চৰকাৰৰৰ 'লেখক সম্বৰ্ধনা বঁটা', ২০২০
- All India Radio ডিব্ৰুগড়ৰ অসম সাহিত্য কানন অনুষ্ঠানৰ নিয়মীয়া পাঠক।