তুলিকা শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জন্ম অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় উপন্যাস
উল্লেখনীয় কৰ্মৰাজি ‘চাৰিশাল গোসাঁনীৰ তেজ’

তুলিকা শইকীয়া (ইংৰাজী: Tulika Saikia) হৈছে এগৰাকী অসমীয়া সাহিত্যিক। ২০০৮ বৰ্ষত ‘চাৰিশাল গোসাঁনীৰ তেজ’ শীৰ্ষক গ্ৰন্থৰ বাবে তেখেতে ‘মুনীন বৰকটকী’ বঁটা লাভ কৰে। [1]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

তেখেতৰ জন্ম গোলাঘাট জিলাৰ দেৰগাঁৱত ১৯৭৭ চনত। তেখেতৰ মৃত্যু হয় ২০১৯ চনৰ, ২৯ এপ্ৰিল তাৰিখে। তেখেতৰ পিতৃৰ নাম অতুল শইকীয়া আৰু মাতৃৰ নাম মাখনী শইকীয়া।

শিক্ষা[সম্পাদনা কৰক]

  • ১৯৯৩ চনত মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হৈছিল।
  • দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়।
  • দেৰগাঁৱৰ ডি কে ডি কলেজৰ পৰা পৰীসংখ্যা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে পৰিসংখ্যা বিষয়ত।

কৰ্মজীৱন[সম্পাদনা কৰক]

কাকডোঙা তিনিআলি হাইস্কুলত শিক্ষকতা কৰিছিল।

সাহিত্যৰাজি[সম্পাদনা কৰক]

উপন্যাস[সম্পাদনা কৰক]

  • চাৰিশাল গোসাঁনীৰ তেজ
  • পৰজা অ' জৰৌৰৌআ

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ২০০৮ বৰ্ষত ‘চাৰিশাল গোসাঁনীৰ তেজ’ শীৰ্ষক গ্ৰন্থৰ বাবে ‘মুনীন বৰকটকী’ বঁটা।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]