তোফায়েল আহমেদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তোফায়েল আহমেদ
জন্ম ২২ ফেব্ৰুৱাৰী, ১৯১৯
লক্ষ্মীপুৰ জিলা বেংগল প্ৰভিন্স, বৃটিছ ভাৰত
মৃত্যু ২৮ মাৰ্চ, ২০০২ (৮৩ বছৰ)
ৰাষ্ট্ৰীয়তা বাংলাদেশী
শিক্ষানুষ্ঠান কলকাতা বিশ্ববিদ্যালয়
পেচা লেখক, গৱেষক,

তোফায়েল আহমেদ (জন্ম ২২ ফেব্ৰুৱাৰী ১৯১৯ - মৃত্যু ২৮ মাৰ্চ ২০০২) বাংলাদেশৰ এগৰাকী শিক্ষাবিদ, লোকসংস্কৃতি গৱেষক আৰু লোকশিল্প সংগ্ৰাহক আছিল। তেওঁ বাংলাদেশেৰ লুপ্তপ্ৰায় লোক-শিল্পৰ নমুনা সংগ্ৰহ আৰু সেইবোৰৰ ওপৰত কৰা গবেষণাৰ কাৰণেই সকলোতকৈ বেছি পৰিচিত।[1] লক্ষ্মীপুৰত জন্মগ্ৰহণ কৰা আহমেদে ১৯৪৪ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷[2] তেওঁ শিল্পাচাৰ্য জয়নুল লোক আৰু কাৰুশিল্প যাদুঘৰৰ পৰিকল্পনা প্ৰণয়ন কৰিছিল আৰু বাংলাদেশ জাতীয় কাৰুশিল্প পৰিষদ প্ৰতিষ্ঠাত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। লোকসংস্কৃতিত বিশেষ অৱদানৰ বাবে ২০০১ চনত বাংলা একাডেমীয়ে তেওঁক সম্মানসূচক ফেলোশ্বিপ প্ৰদান কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

তোফায়েল আহমেদ ইছলামিয়া কলেজত কৰা শিক্ষকতাৰে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰে। পিছত বৰিশালৰ চাখাৰ ফজলুল হক চৰকাৰী কলেজত কিছুকাল শিক্ষকতা কৰে। ১৯৪৬ চনৰ পৰা ১৯৬৬ চন পৰ্যন্ত চৰকাৰী চাদাত বিশ্ববিদ্যালয় কলেজত অধ্যাপনা কৰে। তেওঁ মুঠ ১৭ বছৰ কলেজখনৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল আৰু ১৯৮০ চনত অৱসৰ গ্ৰহণ কৰিছিল।[1]

তেওঁৰ সংগ্ৰহ-শালাৰ প্ৰশংসা কৰি চিত্ৰশিল্পী জয়নুল আবেদিনএ ইয়াক “মিনি মিউজিয়াম’’ নামকৰণ কৰিছিল। তোফায়েল আহমেদে ১৯৮৪ চনৰ পৰা ১৯৮৭ চনলৈ বাংলাদেশ হস্তশিল্প সমবায় ফেডাৰেচন লিমিটেডৰ উদ্যোগত “ফ’ক ক্ৰাফ্ট চাৰ্ভে এণ্ড ডিজাইন ডকুমেণ্টেচন’’ (লোকশিল্প জৰীপ আৰু নমুনা নথিৱদ্ধকৰণ) নামৰ এটি গৱেষণা প্ৰকল্পৰ যোগেৰে বাংলাদেশৰ ১৩৬ টি মহকুমা ভ্ৰমণ কৰিছিল আৰু সেই সকলো অঞ্চলৰ লোকশিল্প আৰু কাৰুশিল্পৰ নমুনা সংগ্ৰহ কৰিছিল। কাৰুকলা শিল্পীসকলৰ পৰা তেওঁ বিভিন্ন তথ্য সংগ্ৰহ কৰিছিল।[1]

এই প্ৰকল্পৰ যোগেৰে পোৱা তেওঁৰ উল্লেখ্যযোগ্য আবিষ্কাৰবোৰৰ মাজত আছে, বাংলাদেশৰ গ্ৰাম্য লোকচিত্ৰকলা গাজীৰ পটৰ সংগ্ৰহ, যি তেওঁ মুন্সীগঞ্জৰ পৰা উদ্ধাৰ কৰিছিল। ইয়াৰ উপৰি, তেওঁ আন কিছুমান দুৰ্লভ লোকশিল্পৰ নিদৰ্শন উদ্ধাৰ কৰিছিল। বাংলাদেশৰ বিভিন্ন অঞ্চল আৰু বিশ্বৰ অন্য কিছুমান দেশৰ এক হাজাৰতকৈ বেছি লুপ্তপ্ৰায় লোক-শিল্পৰ নমুনা সংগ্ৰহ কৰি তেওঁ এটি ব্যক্তিগত সংগ্ৰহশালা গঢ়ি তুলিছিল।[1] ১৯৯৯ চনত তেওঁ প্ৰযত্ন পৰিষদ নামে এটি পৃথক কমিটি গঠন কৰি ‘বাংলা ঘৰ লোক ও কাৰুশিল্প সংগ্ৰহ’ নামেৰে তেওঁৰ সংগ্ৰশালাক প্ৰতিষ্ঠানিক ৰূপ প্ৰদান কৰে। বৰ্তমানে ইয়াক বাংলাদেশ এশিয়াটিক সোসাইটিয়ে পৰিচালনা কৰিছে।

তেওঁ তৎকালীন বাংলাদেশ পৰিষদ নামৰ সংগঠনৰ প্ৰধান আৰু দুটা কাৰ্যকালৰ বাবে বাংলাদেশ জাতীয় কাৰুশিল্প পৰিষদৰ সভাপতি হিচাপে দায়িত্ব পালন কৰে। ২০০২ চনৰ ২৮ মাৰ্চত (১৪ চ’ত, ১৪০৮) ৮৩ বছৰ বয়সত ঢাকাত তেওঁ মৃত্যুবৰণ কৰে।[1]

গ্ৰন্থ[সম্পাদনা কৰক]

তোফায়েল আহমেদে কাৰুশিল্পেৰ ওপৰত কেইবাখনো গ্ৰন্থ আৰু গৱেষণা পত্ৰ প্ৰকাশ কৰে। তেওঁৰ মৃত্যুৰ পিছত ২০০৪ চনত বাংলা একাডেমিয়ে লোকশিল্প অ্যালবাম: তোফায়েল আহমদেৰ বাংলা ঘৰ থেকে নিৰ্বাচিত সংগ্ৰহ নামৰ ১২৮টি নমুনাৰে এখন গ্ৰন্থ প্ৰকাশ কৰে। তেওঁৰ ৰচিত গ্ৰন্থৰ ভিতৰত উল্লেখযোগ্য হল:[1]

  • আমাদেৰ প্ৰাচীন শিল্প গবেষণাকৰ্ম (১৯৬৪)
  • লোকশিল্প (১৯৮৫)
  • যুগে যুগে বাংলাদেশ (১৯৯২)
  • লোকশিল্পেৰ ভুবনে (১৯৯৩)
  • ঢাকাৰ বাণিজ্যিক কাৰুকলা (১৯৯৩)
  • আটিয়াৰ চাঁদ, লোকঐতিহ্যেৰ দশ দিগন্ত (১৯৯৯)

তোফায়েল আহমেদে লোকশিল্পৰ ওপৰত লিখা গৱেষণাভিত্তিক এখন গ্ৰন্থ “লোকশিল্পেৰ ভুবনে’’ ত লোক শিল্পৰ বিভিন্ন দিশৰ লগতে পাল্কিৰ কাৰুকাৰ্য সম্পৰ্কেও গুৰুত্বপূৰ্ণ তথ্য সন্নিৱিষ্ট কৰিছে৷[3]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 শাহীদা আখতাৰ. আহমদ, তোফায়েল. 
  2. "তোফায়েল আহমেদ". Archived from the original on 10 January 2024. https://web.archive.org/web/20240110140934/https://academic-accelerator.com/encyclopedia/tofail-ahmed। আহৰণ কৰা হৈছে: 10 January 2024. 
  3. চৌধুৰী, ড° মোমেন (১৯৯৯). লোকশিল্প প্ৰবন্ধ. বাংলাদেশ লোক ও কাৰুশিল্প ফাউণ্ডেশন. পৃষ্ঠা. ২১.