সমললৈ যাওক

ত্ৰয়স্ত্ৰিংশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বুদ্ধ আৰু নন্দই ত্ৰয়স্ত্ৰিংশ স্বৰ্গ ভ্ৰমণ কৰাৰ দৃশ্য, গান্ধাৰ।
ত্ৰয়স্ত্ৰিংশ স্বৰ্গৰ পৰা বুদ্ধৰ শংকিচাত অৱতৰণ।[1]

ত্ৰয়স্ত্ৰিংশ বা ত্ৰয়স্ত্ৰিংশ স্বৰ্গ হৈছে বৌদ্ধ ব্ৰহ্মাণ্ডতত্ত্বৰ এক গুৰুত্বপূৰ্ণ দেৱনিবাস। ত্ৰয়স্ত্ৰিংশ শব্দটো ত্ৰয়স্ত্ৰিংশত, অৰ্থাৎ "৩৩" শব্দৰ পৰা গঠিত এটা আখ্যা আৰু ইয়াক অসমীয়ালৈ ভাঙনি কৰিলে হ'ব "৩৩ জন দেৱতাৰ ভাগৰ"। ই মূলতঃ বৌদ্ধ ব্ৰহ্মাণ্ডতত্ত্বৰ কামধাতু ক্ষেত্ৰৰ ছখন স্বৰ্গৰ দ্বিতীয়খনৰ নাম, আৰু দ্বিতীয়তে সেই ঠাইত বাস কৰা দেৱতাসকলৰ নাম। ত্ৰয়স্ত্ৰিংশৰ শাসনকৰ্তা চক্ৰ।

বিৱৰণ[সম্পাদনা কৰক]

ত্ৰয়স্ত্ৰিংশ স্বৰ্গ হ'ল কামধাতুৰ দ্বিতীয় স্বৰ্গ, চতুমহাৰাজিকা বা চাৰি স্বৰ্গীয় ৰজাৰ ৰাজ্যৰ ওপৰত, আৰু ই পৃথিৱীৰ বাকী অংশৰ সৈতে সংস্পৰ্শ ৰক্ষা কৰা সৰ্ব্বোচ্চ স্বৰ্গ। ত্ৰয়স্ত্ৰিংশ বিশ্বৰ কেন্দ্ৰীয় পৰ্বতমালা সুমেৰুৰ শিখৰত ৮০ যোজন উচ্চতাত অৱস্থিত আৰু ইয়াৰ মুঠ মাটিকালি ৮০ বৰ্গ যোজন। কিছু দিশত গ্ৰীক পৰ্বত অলিম্পাছৰ সৈতে ইয়াক তুলনা কৰিব পাৰি।

বসুবন্ধুৰ মতে ত্ৰয়স্ত্ৰিংশৰ বাসিন্দাসকলৰ দৈৰ্ঘ্য অৰ্ধ ক্ৰোশ (১৫০০ ফুট) আৰু তেওঁলোক ১০০০ বছৰ জীয়াই থাকে। তেওঁলোকৰ প্ৰত্যেক দিন আমাৰ জগতৰ ১০০ বছৰৰ সমতুল্য। অৰ্থাৎ, মানুহৰ হিচাপত তেওঁলোকৰ মুঠ আয়ুসকাল ৩৬ নিযুত বছৰ।

যিহেতু ত্ৰয়স্ত্ৰিংশ সুমেৰুৰ যোগেদি পৃথিৱীৰ ৰ্সৈতে কায়িকভাৱে সংযোজিত, তাৰ ওপৰত থকা স্বৰ্গৰ তুলনাত, ত্ৰয়স্ত্ৰিংশৰ দেৱতাসকলে পাৰ্থিৱ কাম-কাজত আৱদ্ধ হৈ থকাৰ পৰা বিৰত থাকিব নোৱাৰে। তেওঁলোকে প্ৰায়েই ত্ৰয়স্ত্ৰিংশৰ পৰা বহিষ্কাৰ কৰা আৰু বৰ্তমান সুমেৰুৰ পাদদেশত বাস কৰা এক পৃথক গোটৰ দৈৱিক জীৱৰ সৈতে বিবাদত লিপ্ত হয় যি নিজৰ হেৰাই যোৱা ৰাজ্যখন পুনৰুদ্ধাৰৰ উপায় বিচাৰি ষড়যন্ত্ৰ কৰে। অৱশ্যে, দেৱতা আৰু অসুৰসকলৰ মাজত বিবাহ প্ৰচলিত।

ত্ৰয়স্ত্ৰিংশৰ দেৱতাসকলৰ মূৰব্বী হ'ল চক্ৰ। তেওঁক ইন্দ্ৰ বুলিও জনা যায়। প্ৰায়ে উল্লেখ থকা অন্যান্য ত্ৰয়স্ত্ৰিংশিয় দেৱতাসকল হৈছে দেৱশিল্পী বিশ্বকৰ্মন (ভিছকম্মা); চক্ৰৰ ৰথৰ সাৰথি মাটালী; আৰু চক্ৰৰ পত্নী আৰু অসুৰৰাজ ভেমাচিট্ৰিনৰ কন্যা চুজা।

বৌদ্ধ ধৰ্মৰ কাহিনীসমূহত ত্ৰয়স্ত্ৰিংশ স্বৰ্গৰ কেইবাবাৰো উল্লেখ পোৱা যায়। এই কাহিনীসমূহত বুদ্ধই ত্ৰয়স্ত্ৰিংশলৈ উঠি যায়, নতুবা (প্ৰায়ে) ত্ৰয়স্ত্ৰিংশৰ দেৱতাসকলে বুদ্ধক সাক্ষাৎ কৰিবলৈ নামি আহে। বুদ্ধৰ মাতৃ মায়াই, তুছিটা স্বৰ্গত পুনৰ জন্মগ্ৰহণ কৰে, আৰু ত্ৰয়স্ত্ৰিংশ স্বৰ্গ ভ্ৰমণ কৰিবলৈ নামি আহে য'ত তেওঁৰ পুত্ৰই তেওঁক অভিধৰ্ম শিকায়।[2]

স্বৰ্গখনৰ নামৰ ব্যুৎপত্তিগত অৰ্থ "তেত্ৰিশসংখ্যক" শব্দই সেই ঠাইত বাস কৰা দেৱতাবোৰৰ তালিকা বুজোৱা নাই। ই বৈদিক আখ্যানৰ পৰা উদ্ভুত এক শব্দ, যাৰ অৰ্থ হ'ল "সকলোবোৰ দেৱতা"। থেৰাবাদী বৌদ্ধ ধৰ্মত, শাক্কৰ (চক্ৰ) মূল গোটত ৩৩ জন মানুহ আছিল (তেওঁলোকে সুমেৰু পৰ্বতৰ দেৱতা হ'বলৈ যোগ্যতা অৰ্জন কৰিছিল) ।[3]

বৌদ্ধ ধৰ্মত, ত্ৰয়স্ত্ৰিংশৰ ওপৰত তিনিখন আৰু তলত এখন স্বৰ্গ আছে। এইসমূহক একেলগে ছয় স্বৰ্গ বোলা হয়।

স্তৰসমূহ[সম্পাদনা কৰক]

থাইলেণ্ডৰ দেৱাল চিত্ৰ

মহাযান সাহিত্যত ত্ৰয়স্ত্ৰিংশ তেত্ৰিশটা স্তৰৰ দ্বাৰা গঠিত। এইসমূহ সদধৰ্মস্মৃতুপস্থান সূত্ৰত তালিকাভুক্ত কৰা হৈছে। মূল সংস্কৃত নামবোৰ কোনো কোনো সময়ত সংস্কৃত পুথি আৰু চীনা পুথিৰ মাজত ভিন্ন হয়।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Marshall p.56
  2. "Māyā". www.palikanon.com. http://www.palikanon.com/english/pali_names/maha/mahamaayaa.htm। আহৰণ কৰা হৈছে: 2018-04-07. 
  3. "Buddhist Legends, II. 7. How Magha Became Sakka". www.ancient-buddhist-texts.net. https://www.ancient-buddhist-texts.net/English-Texts/Buddhist-Legends/02-07.htm। আহৰণ কৰা হৈছে: 2021-01-30. 
  4. Stuart, Daniel Malinowski (2012). A Less Traveled Path: Meditation and Textual Practice in the Saddharmasmrtyupasthana(sutra). University of California, Berkeley.