ত্ৰিপুৰা বুৰঞ্জী (গ্ৰন্থ)
ত্ৰিপুৰা বুৰঞ্জী | |
---|---|
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | বুৰঞ্জী |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
ত্ৰিপুৰা বুৰঞ্জী (ইংৰাজী: Tripura Buranji) হৈছে সূৰ্য্যকুমাৰ ভূঞাই সম্পাদনা কৰা এখন বুৰঞ্জীমূলক গ্ৰন্থ৷ ১৯৩৮ চনত প্ৰকাশিত এই গ্ৰন্থখনৰ মূল লেখক হ’ল ৰত্নকন্দলী আৰু অজুৰ্ন দাস কটকী৷ সূৰ্যকুমাৰ ভূঞাই পাতনিত উল্লেখ কৰিছে যে গ্ৰন্থখনৰ সাঁচিপাতৰ পাণ্ডুলিপিটোৰ ফটোষ্টেট কপি এটা ব্ৰিটিছ মিউজিয়ামৰপৰা ১৯৩৬ চনত লাভ কৰিছিল। তেখেতে এই কপিটো লাভ কৰিছিল Dr. Lionel D.Barnett -ৰ পৰা৷ পৰৱৰ্তী সময়ত ১৯৩৮ চনত এই ত্ৰিপুৰা বুৰঞ্জীখন কিতাপ আকাৰে তেওঁ প্ৰকাশ কৰে৷ এই সাঁচিপতীয়া পাণ্ডুলিপিটো ব্ৰিটিছ মিউজিয়ামে সংগ্ৰহ কৰিছিল ১৮৪২ চনত৷ সাঁচিপাতৰ পাণ্ডুলিপিটোৰ নাম আছিল– ‘ত্ৰিপুৰা দেশৰ কথাৰ লিখা৷[টোকা 1] পাণ্ডুলিপিটোত সৰ্বমুঠ ১৪৬ খন সাঁচিপাত আছে৷ গ্ৰন্থখনৰ ১০৮ নম্বৰৰ ফলিখন সংগ্ৰহ কৰিবপৰা নগ’ল৷ অন্যহাতে সাঁচিপাতৰ মূল পাণ্ডুলিপিটো লিখা হৈছিল ১৭২৪ চনত (১৬৪৬ শক) ৷ [1] মহাৰাজ ৰুদ্ৰ সিংহই (১৬৯৬-১৭১৪) লীলা গগৈয়ে এই সন্দৰ্ভত লিখিছে– স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ দিনত অসমৰপৰা দুজন কটকী, ৰত্ন কন্দলী আৰু অজুৰ্ন দাস ত্ৰিপুৰালৈ গৈছিল আৰু ৰামেশ্বৰ ন্যায়¸-অলঙ্কাৰ ভট্টাচাৰ্য আৰু উদয়নাৰায়ণ বিশ্বাস নামেৰে দুজন ত্ৰিপুৰাৰ কটকীৰ যোগেদি স্থাপন হোৱা কূটনৈতিক সম্পৰ্কৰ উপৰি তেওঁবিলাকৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ বিৱৰণী আছে৷ তদুপৰি ৰত্ন কন্দলী আৰু অজুৰ্ন দাসে বিশ্বাসযোগ্য ব্যক্তিৰ মুখে শুনিও বহুতো কথা ইয়াত সন্নিৱিষ্ট কৰিছে৷[2]
বিৱৰণ
[সম্পাদনা কৰক]গ্ৰন্থখনত আহোম ৰজা ৰুদ্ৰ সিংহ আৰু ত্ৰিপুৰাৰ ৰজা মহামানিক্যৰ মাজত যোগাযোগ হোৱা এছোৱা সময় (১৭০৯-১৭১৫)ৰ বুৰঞ্জী লিপিবদ্ধ হৈ আছে৷ ত্ৰিপুৰাৰ কটকীদ্বয়ে ত্ৰিপুৰা দেশলৈ বাট-পথৰ বিৱৰণ, ত্ৰিপুৰা দেশৰ সমাজ-সংস্কৃতি-ৰাজনীতিৰ বিৱৰণ সম্বলিত বহুতো টোকা এই গ্ৰন্থত উল্লেখ কৰিছে৷ গ্ৰন্থখনৰ বিভিন্ন অধ্যায়ত, বিভিন্ন প্ৰসংগত ৰজা, মহাৰজাসকলে আদান-প্ৰদান কৰা চিঠি-পত্ৰসমূহৰ উদাহৰণ দিয়া হৈছে৷ চতুৰ্থ অধ্যায়টোত এখন চিঠিৰ গদ্যৰ উল্লেখ কৰা হৈছে– ‘স্বস্তি সকলগুনচয়-সমুদ্দে্যাতিত-কলেবৰ নানা দান-প্ৰমোদীকৃত-মাৰ্গাগণন-প্ৰতাপ-তপন-বিগলিত-ৰিপুনিকৰানুকাৰ-শ্ৰীযুত-সুৰতসিংহ বৰুৱা-বিমলশীলেষু৷ প্ৰেমসম্পাদকো লেখবৃত্তান্তএষঃ৷ শ্ৰীৰত্নকন্দলী, শ্ৰীঅজ্জুৰ্নদাস-প্ৰমুখ্যাৎ ত্বদীয়াং সৰ্ব্বান্বত্তিন্বিজ্ঞায় পৰমানন্দযুতোহং৷ অতএব ভবদধিপং সমীড়ে, পত্ৰী প্ৰহীয়তে সভ্যাবাপ্তাবপি দ্বৌ, কিন্বহুনা তদুক্তিবশতঃ সৰ্ব্বন্বিজ্ঞাতব্যমিতি৷ যুগৰামৰ্ত্তু-শীতাংশুগণিতে শক-বৎসৰে৷ পঞ্চম্যাং ধৱলে পক্ষে পত্ৰীচৈষা প্ৰহীয়তে৷৷ [3]
টোকা
[সম্পাদনা কৰক]- ↑ "Tripura Buranji popularly known as Tripura Desar Kathar Lekha, the name by which the original manuscript is known bears testimony about the history of the region of a crucial period. We are fortunate that there is a Tripura Buranji written by Ratna Kandali and Arjundas Kataki." (Sarkar 2016:5)