ত্ৰিভুৱনদাস কিশিভাই পেটেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ত্ৰিভুৱনদাস কিশিভাই পেটেল
Tribhuvandas Kishibhai Patel
জন্ম ২২ অক্টোবৰ, ১৯০৩
আনন্দ, বোম্বাই প্ৰেছিদেন্সী, ব্ৰিটিছ ভাৰত, বৰ্তমানৰ আনন্দ(গুজৰাট), ভাৰত
মৃত্যু ০৩ জুন, ১৯৯৪ (৯০ বছৰ)
গুজৰাট, ভাৰত
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ (১৯৬৪)
ৰমন মেগছেছে বঁটা (১৯৬৩)


ত্ৰিভুৱনদাস কিশিভাই পেটেল (ইংৰাজী: Tribhuvandas Kishibhai Patel)(২২ অক্টোবৰ ১৯০৩ - ৩ জুন ১৯৯৪)) আছিল ভাৰতীয় স্বাধীনতা সংগ্ৰামী[1] আৰু এগৰাকী গান্ধীবাদী।[1] ৷ কাইৰা জিলা দুগ্ধ সমবায় উৎপাদক সংঘৰ প্ৰতিষ্ঠাপক হিচাপে ত্ৰিভুৱনদাস পেটেলক জনা যায়৷ পৰৱৰ্তী সময়ত তেখেতে ভাৰতৰ গুজৰাটৰ আনন্দ জিলাৰ আমূল দুগ্ধ সমবায় আন্দোলনৰ গুৰি ধৰিছিল৷ [2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯০৩ চনৰ ২২ অক্টোবৰত গুজৰাটৰ আনন্দত[1]কিশিভাই পেটেলৰ ঘৰত জন্মগ্ৰহণ কৰা ত্ৰিভুৱনদাস কিশিভাই পেটেল ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধী[1] আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ অনুগামী হৈ পৰে৷ বিশেষকৈ নাগৰিকৰ আইন-অমান্য আন্দোলনৰ সময়ত তেখেতে তিনিবাৰকৈ যথাক্ৰমে ১৯৩০, ১৯৩৫ আৰু ১৯৪২ চনত কাৰাৰুদ্ধ জীৱন কটায়৷ [3]

সমবায়ভিত্তিক আন্দোলন[সম্পাদনা কৰক]

ত্ৰিভুৱনদাস কিশিভাই পেটেল ভাৰতৰ সমবায় আন্দোলনৰ জনক হিচাপে পৰিচিত। [1]

১৯৪০ চনৰ শেষৰ ফালে তেখেতে চৰ্দাৰ বল্লভভাই পেটেলৰ নিৰ্দেশনাত খেড়া জিলাৰ কৃষকৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে,[1] আৰু ১৯৪৬ চনত[1] তেখেতৰ অধ্যক্ষতাত কায়ৰা জিলা সমবায় গাখীৰ উৎপাদক সংঘ গঠিত হয়৷ ১৯৫০ চনত তেখেতে ভাৰ্গিজ কুৰিয়েন নামৰ যুৱ পৰিচালকজনৰ সহায়ত সমবায়ৰ কাৰিকৰী আৰু বিপণন কৌশল প্ৰস্তুত কৰে৷ এই সমবায়েই পাছলৈ আমূল বুলি জনাজাত হৈছিল। ২০০৫ চনলৈকে ভাৰ্গিজ কুৰিয়েনে আমূলৰ মুখ্য প্ৰৱন্ধক হিচাপে কাম কৰি থাকে।[4] ত্ৰিভুৱনদাস পেটেলৰ নেতৃত্ব তথা নিৰ্দেশনা আৰু ভাৰ্গিছ কুৰিয়েনৰ যৌথ উদ্যোগত আনন্দৰ গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচন, ৰাষ্ট্ৰীয় দুগ্ধ বিকাশ পৰিষদ, ইনষ্টিটিউট অৱ ৰুৰেল মেনেজমেণ্ট, আনন্দকে ধৰি বহু সংগঠনৰ জন্ম হয়৷

ত্ৰিভুৱনদাস পেটেলে ১৯৬৩ চনত 'সমুদায়ভিত্তিক নেতৃত্ব'ৰ বাবে ৰমন মেগছেচে বঁটা লাভ কৰে৷ আনহাতে ১৯৬৪ চনত ভাৰত চৰকাৰৰ পৰা পদ্মভূষণ লাভ কৰে৷ [5]

তেখেত প্ৰদেশ কংগ্ৰেছ কমিটি (পিচিচি), ভাৰতীয় জাতীয় কংগ্ৰেছ (কংগ্ৰেছ-আই)ৰ সম্পাদক/সভাপতি হৈ থাকে৷ ইয়াৰ লগতে দলৰ পৰা ১৯৬৭–১৯৬৮ আৰু ১৯৬৮ -১৯৭৪ চনত দুবাৰকৈ ৰাজ্যসভাৰ সদস্য হিচাপেও দায়িত্ব পালন কৰে৷ [6]

ত্ৰিভুৱনদাস পেটেলৰ নি:স্বাৰ্থ নেতৃত্বত ১৯৭৩ চনৰ আগষ্ট মাহত আমূলে মোৰাৰজী দেশাই, মণিবেন পেটেল আৰু ভাৰ্গেজ কুৰিয়েনৰ সৈতে ২৫ বছৰীয়া জয়ন্তী উদযাপন কৰে।[1] ১৯৭০ চনৰ আৰম্ভণিতে যেতিয়া তেখেতে স্বেচ্ছাই আমূলৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল, তেতিয়া তেখেতক ছয় লাখ টকাৰ ধনৰ মোনা উপহাৰ দিয়া হয়৷ গাঁও সমবায়ৰ কৃতজ্ঞ সদস্যসকলে এটকাকৈ বৰঙণি তুলি তেখেতক এই অমূল্য উপহাৰ প্ৰদান কৰে ।[1]তেখেতে এই পুঁজি ব্যৱহাৰ কৰি এটা দাতব্য ন্যাস আৰম্ভ কৰিছিল, যাৰ নাম আছিল ত্ৰিভুৱনদাস সংস্থা৷ এই সংস্থাটো খেড়া জিলাৰ মহিলা আৰু শিশুৰ স্বাস্থ্যৰ সন্দৰ্ভত কাম কৰা এটা বেচৰকাৰী সংস্থা।[1] তেখেত ত্ৰিভুৱনদাস সংস্থাৰ প্ৰথম অধ্যক্ষ আছিল।[1] তেখেতে বিদেশী অনুদানৰ পৰা ধন লাভ কৰাৰ পিছত সংস্থাটোৰ দ্ৰুতগতিত বিকাশ সাধন হয় আৰু পৰৱৰ্তী সময়ত ভাৰ্গিজ কুৰিয়েনক সংস্থাৰ অধ্যক্ষতা অৰ্পণ কৰে৷

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষা ড০ (শ্ৰীমতী)অমৃতা পেটেলে আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাত ত্ৰিভুৱনদাস সংস্থাৰ মূল্যায়ন কৰে। এছিয়াৰ সৰ্ববৃহৎ বেচৰকাৰী সংস্থা ত্ৰিভুৱনদাস সংস্থাই ৰাজ্যখনৰ ছশৰো অধিক গাঁৱত মাতৃ আৰু শিশুৰ যত্নৰ ক্ষেত্ৰত কাম কৰিছে। ফাউণ্ডেশ্যনৰ অনন্য কথাটো হ’ল ই সম্পূৰ্ণ দুগ্ধ-নিৰ্ভৰ। গাঁৱৰ দুগ্ধ সমবায়েই এজন গাঁৱৰ স্বাস্থ্যকৰ্মী নিযুক্তি দি গাঁৱৰ স্বাস্থ্যকৰ্মীক এটা সন্মানীয় ধন দি কামটো হাতত লয়। গতিকে ই স্বাস্থ্যৰ বাবে ধন দিয়া গাখীৰ। [7]

ত্ৰিভুৱনদাস পেটেলে জীৱনৰ শেষ দিনটোলৈকে অক্লান্ত পৰিশ্ৰম কৰিছিল। তেখেতে তেলৰ দৰে কৃষি সামগ্ৰীৰ বাবে সমবায় সংগঠন স্থাপনৰ কাম কৰি আছিল। ১৯৯৪ চনৰ ৩ জুনত তেখেতৰ মৃত্যুৰ আগৰ দিনকেইটাত সমগ্ৰ কায়ৰাৰ পৰা হাজাৰ হাজাৰ কৃষকে তেখেতক সাক্ষাৎ কৰি ১৯৪৬ চনত আৰম্ভ হোৱা আন্দোলন চিৰদিন চলি থাকিব বুলি আশ্বাস দিছিল। শেষৰ দিনবোৰত তেখেতে সঘনাই কুৰিয়েনৰ বিষয়ে সুধিছিল যিয়ে তেওঁৰ জৰুৰীকালীন অৱস্থাৰ বতৰা পাইও তেখেতৰ মৃত্যুৰ আগমুহূৰ্তত কেতিয়াও তেখেতৰ ওচৰলৈ যোৱা নাছিল। কুৰিয়েনে তেখেতক সাক্ষাৎ নকৰাৰ বাবে একাংশই সেয়া চূড়ান্ত মাত্ৰাৰ প্ৰতাৰণা বুলি অনুভৱ কৰিছিল। ত্ৰিভুৱনদাসৰ বিষয়ে বহুতো শক্তিশালী গল্প এতিয়াও পোহৰলৈ অহা নাই৷ ইয়াৰ এটা কাৰণো থাকিব পাৰে (গল্পবোৰ গুজৰাটীত লিখা হৈছে)৷[1]

ত্ৰিভুৱনদাসৰ বিভিন্ন অৱদানৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ অৱদান ঘটিছিল যিটো ক্ষেত্ৰত তেওঁৰ সময় আৰু আগ্ৰহ কম আছিল। বলীউডে তেওঁৰ গুৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ওপৰত চৰ্দাৰ নামৰ এখন জীৱনীমূলক ছবি নিৰ্মাণ কৰি আছিল। ছবিখন প্ৰায় সম্পূৰ্ণ হৈছিল যদিও কিছু আৰ্থিক অসুবিধাৰ বাবে শ্বেলফত ৰখা হৈছিল। ছবিখন সম্পূৰ্ণ কৰি মুক্তি দিবলৈ প্ৰয়োজনীয় আৰ্থিক বৰঙণি আগবঢ়াইছিল ত্ৰিভুৱনদাসে। জীৱনৰ শেষ বছৰবোৰৰ ফালে যিদৰে ছবিখন মুক্তি পাইছিল সেইদৰে তেখেতে চাইছিল নে নাই সেয়া জানিব পৰা হোৱা নাই যদিও ছবিখনৰ মুক্তিৰ ফলত ভাৰতৰ স্বাধীনতাৰ সময়চোৱাত ঘটা বহু ঘটনা, সাধাৰণ জনতাৰ বাবে কেতিয়াও নজনা পৰিঘটনা আৰু তথ্যসমূহ পোহৰলৈ আহিল।

বঁটা আৰু স্বীকৃতি[সম্পাদনা কৰক]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

তেখেত শ্ৰীমতী মণি লক্ষ্মীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ দম্পতীটোৰ এগৰাকী কন্যা আৰু ছয়জন পুত্ৰ আছিল। তেওঁলোকৰ কেইবাজনো নাতি, প্ৰপৌত্ৰ আৰু প্ৰপুত্ৰী আছিল।

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]