থাম্বেলিনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
"থাম্বেলিনা
(Thumbelina)"

Illustration by Vilhelm Pedersen,
Andersen's first illustrator
লিখক হান্স ক্ৰিষ্টিয়ান এণ্ডাৰছন
মূল শিৰোনাম "Tommelise"
অনুবাদক মেৰী হোৱিট
দেশ ডেনমাৰ্ক
ভাষা ডেনিছ
প্ৰকাৰ লিখিত সাধু কথা
প্ৰকাশন সময় Fairy Tales Told for Children. First Collection Second Booklet. 1835. (Eventyr, fortalte for Børn. Første Samling. Andet Hefte. 1835.)
প্ৰকাশৰ ধৰণ সাধু কথাৰ সংগ্ৰহ
প্ৰকাশক চি. এ. ৰেইটজেল
মিডিয়াৰ প্ৰকাৰ মুদ্ৰণ
প্ৰকাশৰ তাৰিখ ১৬ ডিচেম্বৰ, ১৮৩৫
ইংৰাজীত প্ৰকাশ ১৮৪৬
পূৰ্বৰ খণ্ড "Little Ida's Flowers"
পৰৱৰ্তী খণ্ড "The Naughty Boy"

থাম্বেলিনা (ডেনিছ: Tommelise, ইংৰাজী: Thumbelina) হৈছে হান্স ক্ৰিষ্টিয়ান এণ্ডাৰছন ৰচিত এটি সাধু কথা। ১৮৩৫ চনৰ ১৬ ডিচেম্বৰত কোপেনহেগেনৰ, ডেনমাৰ্কত "ফেইৰী টেলছ টোল্ড ফৰ চিলড্ৰেনছ" ত ইয়াৰ প্ৰথম প্ৰকাশ হয়। প্ৰকাশক আছিল চি .এ.ৰেইটজেল (C.A.Reitzel)। থাম্বেলিনা হ'ল এটি কণমানি ছোৱলীৰ সাধু য'ত তাই নিজৰ শাৰীৰিক অৱয়ব, বিয়া কৰাবলৈ বিয়াকুল ভেকুলী,এন্দুৰ,ফৰিং­ আদিৰ বিৰূদ্ধে অভিযান চলাই আৰু সৰ্বশেষত তাইৰ সমানেই সৰু এজন ফুলকোঁৱৰৰ প্ৰেমত পৰে। ১৮৪৬ চনতেই থাম্বেলিনা ইংৰাজীলৈ অনূদিত হয় আৰু চলচ্চিত্ৰ , সংগীত আদি বিভিন্ন মাধ্যমত ইয়াৰ অভিযোজন দেখা যায়।

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

১৮৪৭ চনৰ মেৰী হোৱিটৰ ইংৰাজী অনুবাদত এজনী ভিক্ষাৰিণীয়ে খাদ্যৰ বিনিময়ত এজনী খেতিয়কৰ গৃহিণীক এটা বাৰ্লিৰ গুটি দিয়ে। এই গুটিটোৰ পৰা হোৱা গছডালৰ ফুল এটিৰ পৰা বুঢ়া আঙুলিটোৰ মান ডাঙৰ ছোৱালী এজনী (থাম্বেলিনা, tommelise) ওলাই আহে। এদিন ৰাতি থাম্বেলিনা আখৰোটৰ খোলাত শুই থাঁকোতে এটা ভেকুলীয়ে তাইক লৈ যায় যিয়ে নিজৰ ল'ৰাটিৰ কাৰণে এজনী কণমানি কইনা বিচাৰি আছিল। এটা মাছ আৰু এজনী পখিলাৰ সহায়ত তাই ভেকুলীৰ কৱলৰ পৰা পলাই সাৰে আৰু লিলি ফুলৰ পাহিৰে নাঁও চলাই যাঁওতে এটা ফৰিঙৰ হাতত পৰে। পিছে ফৰিঙৰ লগৰবোৰে তাইক পচন্দ নকৰাত সি থাম্বেলিনাক এৰি দিয়ে। তাই এনেদৰে খুন্দা খুন্দলি খাই থাঁকোতে শীতকাল আহি পায়হি আৰু তাই কোনোমতে নিগনি এটাৰ ঘৰত আশ্ৰয় বিচাৰি লয়। নিগনিয়ে তাইক চুবুৰীয়া এন্দুৰ এটাৰ লগত বিয়া হবলৈ হেঁচা দিয়ে। পিছে তাই মৌপিয়া চৰাই এজনীৰ সহায়ত দূৰ দেশলৈ পলাই যায় যাক তাই শীতকালত শুশ্ৰূষা কৰি সূস্থ কৰি তুলিছিল। সূৰ্য্যৰশ্মিৰে সোণালীহৈ থকা পথাৰ এখনত তাই একে সমান কঁঠালগুটীয়া ফুল কোঁৱৰ এজনক লগ পায় আৰু দুয়ো বিবাহ পাশত আৱদ্ধ হয়। এটা ফুলৰ পৰা আন এটা ফুললৈ উৰি ফুৰিবলৈ থাম্বেলিনাই দুখন পাখিও লাভ কৰে আৰু নতুন নাম লয় মায়া[1]

পটভূমি[সম্পাদনা কৰক]

২ এপ্ৰিল , ১৮০৫ চনত ওডেন্স,ডেনমাৰ্কত এজন মুচীৰ ঘৰত হান্স ক্ৰিষ্টিয়ান এণ্ডাৰছনৰ জন্ম হয়। তেওঁৰ দেউতাক আছিল হান্স এণ্ডাৰছন আৰু মাক এন্ মেৰী এণ্ডাৰ্ছডেট্টাৰ[2]। দেউতাকৰ দৰে তেওঁৰো সাহিত্যত ৰাপ আছিল। দেউতাকে তেওঁক দ্য আৰবিয়ান নাইটছ , Jean de la Fontaine আদিৰ সাধুবোৰ পঢ়ি শুনাইছিল।

১৮৩৬ চনত এণ্ডাৰছন

১৮১৬ চনত তেওঁৰ দেউতাকৰ মৃত্যু হয়[3] আৰু পেট পুহিবৰ বাবে তেওঁ ঘৰে ঘৰে গৈ গান গোৱা আৰম্ভ কৰিলে। ১৮১৯ চনৰ ৪ ছেপ্তেম্বৰত চৈধ্য বছৰীয়া এণ্ডাৰছনে নিজৰ সাঁচতীয়া ধনখিনি লৈ অভিনেতা বা কবি হোৱাৰ সপোন বুকুত বান্ধি কোপেনহেগেনত উপস্থিত হ'ল[4]। তিনি বছৰীয়া ব্যৰ্থতাৰ অন্তত এণ্ডাৰছনে জ'নাছ কলিন নামৰ এজন পৃষ্ঠপোষক লাভ কৰে যিয়ে তেওঁক ৱেষ্ট জিলেণ্ডৰ স্লেগেলচ ৰ এখন গ্ৰামাৰ স্কুললৈ পঠিয়াই এই আশাত যে তেওঁ কোপেনহেগেন য়ুনিভাৰ্চিটিত শিক্ষাৰম্ভ কৰিব। তাত গৈ তেওঁ ভাৰ্জিলএনিদ মহাকাব্যৰ অনুবাদক ছাইমন মেইজলিঙৰ অভিভাৱকত্বত থাকিবলৈলয়। থাম্বেলিনাৰ শিক্ষিত এন্দুৰটো প্ৰকৃততে মেইজলিঙৰ চৰিত্ৰ বুলি বিশ্বাস কৰা হয়[5]

উৎস আৰু অনুপ্ৰেৰণা[সম্পাদনা কৰক]

থাম্বেলিনা নিশ্চিতভাৱে এণ্ডাৰছনৰ উদ্ভাৱন যদিও ইয়াত টম থাম্ব নামৰ সাধুটোৰ প্ৰভাৱ দেখা যায় কাৰণ দুয়োটা সাধুৰে আৰম্ভণিত সন্তানহীনা মাতৃয়ে ঐশ্বৰিক শক্তিৰ ওচৰত সন্তানৰ বাবে প্ৰাৰ্থনা জনায়। তদুপৰি জনাথন ছুইফ্টগালিভাৰ ট্ৰেভেল্ছৰ লিলিপুট সকল, ভল্টেয়াৰৰ গল্প Micromégas, ই.টি.এ. হফমেনৰ গল্প Meisteir Floh আদিত উল্লিখিত সৰুফুটীয়া বিভিন্ন চৰিত্ৰই এণ্ডাৰচনৰ কল্পনাত ঠাই পাইছিল। [5]

প্ৰকাশ আৰু সমালোচনা[সম্পাদনা কৰক]

এণ্ডাৰছনে তেওঁৰ ফেইৰী টেলছ টোল্ড ফৰ চিলড্ৰেনছ পুথিখন দুটা খণ্ডত প্ৰকাশ কৰিছিল। এটা ১৮৩৫ চনৰ মে' মাহত আৰু আনটো ডিচেম্বৰ মাহত। থাম্বেলিনা সাধুটো দ্বিতীয় খণ্ডটোৰ অংশ হিছাপে কোপেনহেগেনত ১৬ ডিচেম্বৰত চি এ ৰেইটজেল দ্বাৰা প্ৰকাশিত হৈছিল। ইয়াত দ্য নটী বয় আৰু দ্য ট্ৰেভেলিং কম্পেনিয়ন বোলা আন দুটি সাধুও আছিল। ১৮৫০ আৰু ১৮৬২ ত এণ্ডাৰছনৰ সৃষ্টিকৰ্মৰ সংগৃহীত সংস্কৰণ হিচাপে ইয়াৰ পুনঃপ্ৰকাশ হৈছিল। প্ৰথমাৱস্থাত সাধুবোৰে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰা নাছিল। নীতিশিক্ষা নথকা এনে সাধুবোৰ শিশুৰ কাৰণে অনুপযুক্ত বুলি বিবেচিত হৈছিল। হ'লেও এজন সমালোচকে থাম্বেলিনাক “the most delightful fairy tale you could wish for.”বুলি প্ৰশংসা কৰিছিল[6]। ইয়াৰ বাহিৰে তেওঁ কোনো উদগণিমূলক সমালোচনা লাভ কৰা নাছিল। এখন সংবাদপত্ৰই আনকি তেওঁক তেনেকুৱা সাধু লিখি সময় নষ্ট নকৰিবলৈ কৈছিল। এণ্ডাৰছনেও সাত পাঁচ গুনি উপন্যাস লিখিবলৈ আৰম্ভ কৰিছিল[7]। আগৰবাৰ লাভ কৰা কটু সমালোচনাৰ ভয়তে তেওঁ দ্য লিটল মাৰমেইড আৰু দ্য এম্পেৰৰ্চ নিউ ক্ল'থছ নামৰ সাধু দুটাসন্নিবিষ্ট "ফেইৰী টেলছ টোল্ড ফৰ চিলড্ৰেনছ"ৰ তৃতীয় তথা অন্তিম খণ্ডটি প্ৰকাশ কৰোঁতে সম্পূৰ্ণ এবছৰ সময় লৈছিল।

ইংৰাজী অনুবাদ[সম্পাদনা কৰক]

মেৰী হোৱিট, ১৮৮৮

মেৰী হৱিটেই প্ৰথমবাৰৰ বাবে থাম্বেলিনা সাধুটো ইংৰাজীলৈ অনুবাদ কৰি ১৮৪৬ চনত tommelise নাম দি ৱাণ্ডাৰফুল ষ্টোৰিজ ফৰ চিলড্ৰেনত প্ৰকাশ কৰে। কিন্তু এণ্ডাৰছনৰ মূল সাধুৰ আৰম্ভণিতে থকা ডাইনীৰ চৰিত্ৰটি গুচাই তেওঁ এজনী ভিক্ষাৰিণীয়ে সন্তানৰ আশাত ৰৈ থকা মহিলাগৰাকীক বাৰ্লিৰ গুটি দিয়া বুলি লিখে[8]। এই সাধুটো চাৰ্লছ বোনাৰে ১৮৪৬ চনত "লিটল এলি" নামেৰে আৰু Madame de chatelain এ ১৮৫২ চনত "লিটল টটী" নামেৰ অনুবাদ কৰে। সম্ভৱতঃ এইচ ডব্লিউ ডালকেন নামৰ অনুবাদক জনেই থাম্বেলিনা নামটোৰ জনক আছিল। তেওঁৰ দ্বাৰা প্ৰকাশিত এণ্ডাৰছনৰ সাধুবোৰ ১৮৬৪ ৰ পৰা ১৮৬৬ লৈ বহুলভাৱে প্ৰচাৰিত হৈছিল[8]। ১৯ শতিকাৰ শেষৰ ফালে মিচেছ এইচ.বি. পাউলিয়ে ইয়াক "লিটল টাইনি" নামেৰে অনুবাদ কৰে[9]। ইয়াক ১৯৭৪ চনত এৰিক ক্ৰিষ্টিয়ান হগাৰ্ডে "ইঞ্চেলিনা"[10]আৰু ২০০৫ চনত জেফ্ৰী আৰু ডায়েন ক্ৰোন ফ্ৰেনে "থাম্বেলিচা" নামেৰে অনুবাদ কৰে[11]

অন্যান্য ভাষালৈ অনুবাদ[সম্পাদনা কৰক]

এনিমেচন[সম্পাদনা কৰক]

পোন প্ৰথমতে নিৰ্দেশক হাৰ্বাট এম. ডাউলীয়ে ১৯২৪ চনত এই সাধুটিৰ পৰা এখন ক'লা-বগা, নিৰ্বাক এনিমেটেড চলচ্চিত্ৰ নিৰ্মাণ কৰে[13]। ইয়াৰ উপৰিও থাম্বেলিনাৰ ওপৰত নিৰ্মিত আন আন চলচ্চিত্ৰ সমূহ হল H.C.Andersens eventyrlige verden:Tommelise (২০০৫)[14] ,ৱাৰ্ণাৰ ব্ৰাদাৰ্ছৰ থাম্বেলিনা (১৯৯৪)[15], গোল্ডেন ফিল্মছৰ থাম্বেলিনা ১৯৯২[16], দ্য এডভেনছাৰ অৱ টম থাম্ব এণ্ড থাম্বেলিনা , বাৰ্বি থাম্বেলিনা (২০০৯), Oyayubihime (জাপানীজ , ১৯৮৩)[17],Dyuymovochka (ৰাছিয়ান , ১৯৬৪)[18] আদি।

লাইভ একচন[সম্পাদনা কৰক]

১৯৮৫ চনৰ ১১ জুনত anthology series Faerie Tale Theatre ৰ দ্বাদশ খণ্ড হিচাপে সাধুটোৰ এক নাট্যৰূপ দূৰদ্ৰ্শন যোগে সম্প্ৰচাৰ কৰা হয় যত কেৰী ফিছাৰে অভিনয় কৰিছিল[19]। ১৯৭১ চনত বেৰী মেহনে ইয়াৰ এক psychedelic চলচ্চিত্ৰ নিৰ্মাণ কৰে য’ত শ্বে গাৰ্ণাৰে অভিনয় কৰিছিল[20]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Opie 1992, পৃষ্ঠা 221–9
  2. Wullschlager 2002, পৃষ্ঠা 9
  3. Wullschlager 2002, পৃষ্ঠা 25–26
  4. Wullschlager 2002, পৃষ্ঠা 32–33
  5. 5.0 5.1 Frank 2005, পৃষ্ঠা 76
  6. Wullschlager 2002, পৃষ্ঠা 165
  7. Andersen 2000, পৃষ্ঠা 335
  8. 8.0 8.1 Opie 1974, পৃষ্ঠা 219
  9. Eastman, পৃষ্ঠা 258
  10. Haugaard 1983, পৃষ্ঠা 29
  11. Frank 2005, পৃষ্ঠা 64
  12. পৃষ্ঠা ৭১, এণ্ডাৰছনৰ সাধু - অতুলচন্দ্ৰ হাজৰিকা, ডিচেম্বৰ ২০০৩ চতুৰ্থ সংস্কৰণ, অসম প্ৰকাশন পৰিষদ
  13. “Thumbelina (1924)” at IMDb
  14. “Tommelise (2005)” at IMDb
  15. “Thumbelina (1994)” at IMDb
  16. “Thumbelina (1993)” at IMDb
  17. “Oyayubihime (1983)” at IMDb
  18. “Dyuymovochka (1964)” at IMDb
  19. Kulik 2008
  20. “Thumbelina (1970)” at IMDb

গ্ৰন্থ সংযোগ[সম্পাদনা কৰক]

  • Andersen, Hans Christian; Erik Christian Haugaard (transl.) (1983) [1974]. The Complete Fairy Tales and Stories. প্ৰকাশক New York, NY: Anchor Books. ISBN 0-385-18951-6. 
  • Andersen, Hans Christian (2000) [1871]. The Fairy Tale of My Life. প্ৰকাশক New York, NY: Cooper Square Press. ISBN 0-8154-1105-7. 
  • Classe, O. (ed.) (2000). Encyclopedia of Literary Translation into English; v.2. প্ৰকাশক Chicago, IL: Fitzroy Dearborn Publishers. ISBN 1-884964-36-2. 
  • Eastman, Mary Huse (ed.). Index to Fairy Tales, Myths and Legends. BiblioLife, LLC. 
  • Frank, Diane Crone; Jeffrey Frank (2005). The Stories of Hans Christian Andersen. প্ৰকাশক Durham, NC and London, UK: Duke University Press. ISBN 0-8223-3693-6. 
  • Loesser, Susan (2000) [1993]. A Most Remarkable Fella: Frank Loesser and the Guys and Dolls in his Life: A Portrait by his Daughter. প্ৰকাশক New York, NY: Hal Leonard Corporation. ISBN 0-634-00927-3. 
  • Opie, Iona; Peter Opie (1974). The Classic Fairy Tales. প্ৰকাশক Oxford, UK: Oxford University Press. ISBN 0-19-211559-6. 
  • Sale, Roger (1978). Fairy Tales and After: From Snow White to E.B. White. Harvard University Press. ISBN 0-674-29157-3. 
  • Siegel, Elaine V. (ed.) (1992). Psychoanalytic Perspectives on Women. প্ৰকাশক New York, NY: Brunner/Mazel, Inc.. ISBN 0-87630-655-5. 
  • Wullschlager, Jackie (2002). Hans Christian Andersen: The Life of a Storyteller. প্ৰকাশক Chicago, IL: The University of Chicago Press. ISBN 0-226-91747-9. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]