দবুৰ পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দবুৰ পূজাৰ দবুৰ শব্দটোৱে মিচিং সমাজত প্ৰচলিত পূজা বিশেষক বুজায়। দবুৰ শব্দটো কেনেকৈ উৎপত্তি হৈছে এই বিষয়ে বিতং আলোচনা হোৱা নাই। কোনো কোনো লোকৰ মতে মিচিং ভাষাত মানে খা আৰু বুৰ মানে উৰ্বৰ হোৱা অৰ্থাৎ পূজা-পাতলৰ যোগেদি পৃথিবীৰ উৰ্বৰা কৰা কাৰ্যক বুজায়।

দবুৰ পূজা  ভাগ[সম্পাদনা কৰক]

বহুতে ভাবে যে দবুৰ পূজা মাত্ৰ এবিধহে আছে আৰু তাক একে ধৰণে পালন কৰা হয়। প্ৰকৃততে সেই কথা শুদ্ধ নহয়। এই পূজাৰ কেইবাটাও ভাগ আছে। সেইকেইটা হ’ল- বৃৰতৗ-দবুৰ  , আবৃগ দবুৰ আৰু দ:লুং দবুৰ উল্লেখযোগ্য ।[1]

দবুৰ পূজাৰ  উৎযাপন শৈলী[সম্পাদনা কৰক]

বৃৰতৗ-দবুৰ  কেৱল ৰক্তপাত দোষৰ নিৰাময়ৰ বাবে অনুষ্ঠিত হয়।এই পূজা ব্যক্তিগত আৰু সামুহিকভাৱেও কৰিব পাৰি। আবৃগ দবুৰ বা মপুন দবুৰ ব্যক্তিগত ভাৱে অনুষ্ঠিত হয়-মহামাৰী আৰু খেতি পথাৰত পোক-পৰুৱা নিবাৰণৰ অৰ্থে।

সামূহিকভাৱে কৰা দ:লু-দবুৰ পূজাৰ নিৰ্দিষ্ট দিনত ৰাতিপুৱা গাঁৱৰ পুৰুষসকলে  চাং কোবাই আজৌং  বিচাৰি প্ৰতিটো পৰিয়ালৰ ওচৰলৈ যায়। প্ৰতিটো পৰিয়ালে পাৰ্যমানে আপং,কুকুৰা,কণী,চাউল,নিমখ,জলকীয়া আদি আজৌং হিচাপে দি আগন্তুক বছৰটোত তেওঁলোকৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ কৰে।এইদৰে সংগ্ৰহ কৰা আজৌং  বা সামগ্ৰী সমূহ গাঁৱৰ ওচৰতে থকা নদীৰ পাৰত চিকুণাই থোৱা এডোখৰ ঘূৰণীয়া ঠাইলৈ অনা হয়। ৰুকতক(Ruktok)নামৰ এবিধ ঢেঁকীয়া আৰু সুন্দৰকৈ ফলা বাঁহেৰে সাপে কণী ভক্ষণ কৰি কৰা ঘটনাৰ অনুকৰণত দুটা মূৰ্তি নিৰ্মাণ কৰা হয় আৰু উদিত সূৰ্যৰ ফালে মুখ কৰি সেই মূৰ্তিটো বেদীত স্হাপন কৰা হয়। এচাৰি এদালেৰে সৰ্প মূৰ্তি কেইটা স্পৰ্শ কৰি থকা অৱস্থাত গাহৰি আৰু কুকুৰা বলি দি এইদৰে প্ৰাৰ্থনা কৰা হয় – হে মাতৃ সূৰ্য, পিতৃ চন্দ্ৰ, হে ঈশ্বৰ,আমি  আগবঢ়োৱা দ্ৰব্যৰে সন্তুষ্ট হ’বা আৰু আমাক সুস্বাস্থ্য আৰু আনন্দ প্ৰদান কৰিবা।'[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ভৃগুমুনি . মিচিং সংস্কৃতিৰ আলেখ্য
  2. ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী. অসমীয়া সংস্কৃতিৰ কণিকা