দময়ন্তী বেশ্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দময়ন্তী বেশ্ৰা

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পদ্মশ্ৰী বঁটা গ্ৰহণ কৰি থকা মুহূৰ্তত দময়ন্তী বেশ্ৰা
জন্ম ধীগিজ
১৮ ফেব্ৰুৱাৰী, ১৯৬২ (৬২ বছৰ)
ববেইজোডা, ময়ূৰভঞ্জ জিলা, ওড়িশা
শিক্ষা বিএ, এমএ, ওড়িয়া ভাষাৰ পিএইচডি
শিক্ষানুষ্ঠান ৰমা দেৱী মহিলা মহাবিদ্যালয়, ভুৱেনেশ্বৰ
উৎকল বিশ্ববিদ্যালয়
উত্তৰ ওড়িশা বিশ্ববিদ্যালয়
পেচা সাহিত্যিক, অধ্যাপক
জনা যায় চাঁওতালি ভাষাৰ কবি আৰু সাহিত্যিক
দাম্পত্যসঙ্গী গংগাধৰ হান্সদা (বি. ১৯৮৮)
পিতৃ-মাতৃ ৰাজমল মাঝি (পিতৃ)
পুঙি মাঝি (মাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি সাহিত্য অকাডেমি বঁটা, ২০০৯
পদ্মশ্ৰী, ২০২০


দময়ন্তী বেশ্ৰা (ইংৰাজী: Damayanti Beshra, ১৮ ফেব্ৰুৱাৰী ১৯৬২) এগৰাকী চাঁওতালি লেখিকা আৰু আদিবাসী গৱেষক। তেওঁ বিশেষকৈ চাঁওতালি ভাষাৰ সাহিত্যৰ বাবে তেওঁ পৰিচিত। ২০০৯ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[1] তেওঁ 'কৰম দাৰ' চাঁওতালি ভাষাৰ প্ৰথমখন মহিলাৰ আলোচনী প্ৰকাশ কৰিছিল। ১৯৯৪ চনত 'জিৱি ঝৰ্ণা' নামৰ কবিতা সংকলন ৰচনা আৰু প্ৰকাশ কৰা ভাষাৰ প্ৰথমগৰাকী চাঁওতালি মহিলা লেখিকা।[2] ২০২০ চনত ভাৰত চৰকাৰে চাঁওতালি সাহিত্যলৈ তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে তেওঁক দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[3]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৬২ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ ববেইজোডাত দময়ন্তীৰ জন্ম হৈছিল। এই গাঁওখন জিলা মুখ্য কাৰ্যালয় বৰিপদাৰ পৰা ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। তেওঁ ৰাজমল মাঝি আৰু পুংগী মাঝিৰ জ্যেষ্ঠ কন্যা। সেইসময়ত বিশেষকৈ গাঁৱে-ভূঞে শিক্ষাৰ অৱস্থা বৰ বেয়া আছিল। ববেইজোডাত কোনো স্কুল নাছিল। কিন্তু কিছুমান সদয় যুক্তিবাদী আৰু শিক্ষিত থলুৱা লোকে এটা সৰু চালিৰ তলত শিক্ষাদান কৰিছিল। দময়ন্তীযে তাত যোগ দিয়া দেখি পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী বুলি গম পাই তেওঁৰ খুড়াকে বৰ সুখী হৈছিল। খুড়াকে সেই সময়ত দেউলী নামৰ গাঁৱত বসতি স্থাপন কৰিছিল আৰু তেওঁৰ কোনো সন্তান নাছিল। সেয়ে দময়ন্তীক তেওঁ নিজৰ ঘৰলৈ নি চৰকাৰী স্কুলত ভৰ্তি কৰি দিলে।।[4]

শৈশৱত দময়ন্তীৰ ঘৰত মতা নাম ধীগিজ আছিল। চাওঁতালি পৰম্পৰা অনুসৰি এই নামটো তেওঁৰ আইতাকৰ নামেৰে ৰখা হৈছিল। খুড়াকৰ ঘৰত শিক্ষা লাভ কৰাৰ হেতুকে তেওঁৰ স্কুলীয়া নথিত মাক-দেউতাকৰ নামৰ সলনি খুড়া আৰু খুড়ীয়েকৰ নাম লিখা আছিল। তেওঁৰ খুড়া বুধন মাঝি আৰু খুড়ী মণি মাঝি। এই দুয়োজনে দময়ন্তীক উপযুক্ত স্কুলীয়া শিক্ষা প্ৰদানৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[4]

দেউলী স্কুলত দময়ন্তীয়ে তৃতীয় শ্ৰেণীলৈকে পঢ়িছিল। তাৰ পিছত তেওঁ গাঁৱৰ পৰা ২ কিলোমিটাৰ দূৰত্বত থকা চণ্ডিদা স্কুললৈ গুচি যায়। চণ্ডিদা স্কুলত তেওঁ চতুৰ্থ আৰু পঞ্চম মান সম্পূৰ্ণ কৰে। তাৰ পিছত তেওঁ ৰায়ৰংপুৰৰ টি এণ্ড আৰ ডব্লিউ গাৰ্লছ হাইস্কুলত ভৰ্তি হয়।[4]

তেওঁ ষষ্ঠ শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ ৰায়ৰংপুৰ কন্যাশ্ৰমত থাকিল। এই সময়ছোৱাতে তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰে। ১৯৭৭ চনত তেওঁ সেই হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰে।

তাৰপিছত তেওঁ ভুৱনেশ্বৰৰ ৰমাদেৱী মহিলা মহাবিদ্যালয়ত নামভৰ্তি কৰে। ইয়াৰ পৰা তেওঁ ১৯৭৯ চনত আই.এ. আৰু ১৯৮১ চনত ওড়িয়া ভাষাত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৩ চনত ভুৱনেশ্বৰৰ উৎকল বিশ্ববিদ্যালয়ৰ পৰা ভাষাবিজ্ঞানক বিশেষ বিষয় হিচাপে লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[4]

কৰ্মজীৱন[সম্পাদনা কৰক]

কলেজীয়া দিনত তেওঁ ওডিয়া আৰু চাওঁতালি দুয়োটা ভাষাতে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। ১৯৮৫ চনত সম্বলপুৰত কনিষ্ঠ নিয়োগ বিষয়া হিচাপে প্ৰথম চাকৰি পায়। এই চাকৰিৰ সময়ছোৱাত তেওঁ কৰ্মচাৰী নিৰ্বাচন আয়োগৰ যোগ্যতা অৰ্জন কৰিছিল আৰু কেৰাণী-তথা-টাইপিষ্ট হিচাপে যোগদান কৰিছিল। ভুৱনেশ্বৰৰ এ.জি.ত চাকৰি কৰি থাকোঁতে তেওঁ ওড়িশা লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু দ্বিতীয় চাকৰি এৰি তেওঁ ১৯৮৭ চনত ময়ূৰভঞ্জৰ বৰিপদাত অৱস্থিত মহাৰাজ পূৰ্ণ চন্দ্ৰ কলেজত প্ৰবক্তা হিচাপে যোগদান কৰে। ইয়াৰ লগতে তেওঁ এতিয়া ৰচনাও লিখিবলৈ আৰম্ভ কৰে। ১৯৮৮ চনত দময়ন্তী বেশ্ৰাৰ বিবাহ গংগাধৰ হান্সদাৰ সৈতে সম্পন্ন হয়। তেওঁ এগৰাকী বেংক বিষয়া আৰু লগতে এজন লেখক আৰু সাহিত্যপ্ৰেমী।[4]

বিবাহৰ পিছত ১৯৯০ চনত তেওঁৰ প্ৰথম কবিতা "অনোলিয়া" ফাগুন কয়েল আলোচনীত প্ৰকাশ পায়। ইয়াত তেওঁ পণ্ডিত ৰঘুনাথ মুৰ্মুৰ ওপৰত লিখা এখন ৰচনাও প্ৰকাশ পাইছিল। ১৯৯৩ চনত তেওঁ ওডিয়া ভাষাত এম ফিল ডিগ্ৰী লাভ কৰে।

দময়ন্তীৰ স্বামীও এজন সাহিত্যিক। তেওঁলোকৰ লেখক যুটিয়ে ভিগ ছাৰ নামৰ এখন নাটক ৰচনা কৰিছিল। ১৯৯৪ চনত দময়ন্তীৰ প্ৰথম সংকলন জিৱি ঝৰ্ণা প্ৰকাশ পায়। জীৱি ঝৰ্ণা হৈছে এগৰাকী মহিলা চাওঁতালি সাহিত্যিকৰ দ্বাৰা ৰচিত আৰু প্ৰকাশিত প্ৰথম সংকলন। এই সংকলনখনৰ বাবে তেওঁ অল ইণ্ডিয়া চাওঁতালি লেখক সন্থাৰ পৰা বৰ্ষশ্ৰেষ্ঠ কবি বঁটা লাভ কৰে।

জিৱি ঝৰ্ণাৰ পিছত তেওঁ ১৯৯৫ চনত 'ছগেন ছাওনহেদ' নামৰ গদ্য সংকলন আৰু 'অ অট অগ আৰ জুৰিজিটা' নামৰ আন এখন কবিতা সংকলন লিখিছিল। একে বছৰে তেওঁ বাৰিপদাৰ পৰা চৰকাৰী কলেজ ফুলবাণীলৈ বদলি হয়। ১৯৯৬ চনত তেওঁ ওডিয়া ভাষাত পণ্ডিত ৰঘুনাথ মুৰ্মু নামৰ এখন গ্ৰন্থ ৰচনা কৰে। ফুলবাণীত থাকোঁতে তেওঁ বহুতো নৈতিক ভাৱধাৰাৰ কবিতা আৰু ৰচনা লিখিছিল।

২০০১ চনত তেওঁৰ পুনৰ বাৰিপদালৈ বদলি হয়। তাৰপিছত তেওঁ উত্তৰ ওড়িশা বিশ্ববিদ্যালয়ত পি এইচ ডিৰ বাবে পঞ্জীয়ন কৰে। তেওঁৰ পি এইচ ডিৰ গৱেষণাৰ বিষয় আছিল "ময়ূৰভঞ্জৰ চাওঁতাল সকলৰ সমাজিক সংস্কৃতিৰ অধ্যয়ন"। ২০০৫ চনত তেওঁ পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে।

দময়ন্তীক বিভিন্ন শিক্ষানুষ্ঠান আৰু সাহিত্য সংগঠনে তেওঁক সন্মানীয় অতিথি, মুখ্য অতিথি আৰু মুখ্য বক্তা হিচাপে আমন্ত্ৰণ জনাইছে। প্ৰবক্তা হিচাপে তেওঁ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু ইউজিচিৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত আলোচনা চক্ৰত বহুতো গৱেষণা পত্ৰ উপস্থাপন কৰিছে। এই অসাধাৰণ গুণৰ বাবেই সাহিত্য অকাডেমীয়ে স্বীকৃতি লাভ কৰাৰ সময়ত চাওঁতালি ভাষাৰ প্ৰথম আহ্বায়ক হোৱাৰ সৌভাগ্য লাভ কৰিছিল। ২০০৯ চনত তেওঁৰ সংকলন 'ছে চেহেদ'ৰ বাবে সাহিত্য অকাডেমীৰ বঁটাৰে সন্মানিত হৈছিল। ২০১১ চনৰ পৰা তেওঁ 'কৰম দাৰ' নামৰ প্ৰথমখন চাওঁতালি মহিলা আলোচনী প্ৰকাশ কৰি আহিছে।[4]

সাহিত্য কীৰ্তি[সম্পাদনা কৰক]

গৱেষণা[সম্পাদনা কৰক]

  • ময়ূৰভঞ্জৰ চাওঁতাল জনজাতি সম্পৰ্কে গৱেষণা
  • বৰ্তমানলৈকে চাৰিজন গৱেষকক চাওঁতাল জনজাতি, মুণ্ডা জনজাতি আৰু কুদুত্ত্ৰী সম্প্ৰদায়ৰ ওপৰত ডক্টৰেট ডিগ্ৰীৰ বাবে পথ প্ৰদৰ্শন
  • ওডিয়া আৰু চাওঁতালি জাৰ্নেল আৰু স্মৃতিগ্ৰন্থত ৩৫ খনতকৈও অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে।[4]

গ্ৰন্থ (ওডিয়া ভাষাত)[সম্পাদনা কৰক]

  • ৰঘুনাথ মুৰ্মু, জীৱনী, ১৯৯৬
  • চাল চম্পৰু ভাঞ্জ দিছোম, চান্তলা জনজাতিৰো সংস্কমটিকো প’ৰ’ম্পৰা, ২০০৬
  • দামোদৰা ধৰে ধৰে চান্তলো সংস্ক্ৰুতিৰো সুচিপাত্ৰ, ২০০৯
  • সমাজ ও সংস্কৃত প্ৰুস্তোপতৰে ময়ূৰভঞ্জৰা চান্তলা, ২০১০
  • ঝুমোৰোৰো কিচি গুমামৰো ও অন্যা প্ৰবন্ধ, ২০১২[4]

গ্ৰন্থ (চাওঁতালি ভাষাত)[সম্পাদনা কৰক]

  • জিৱি ঝৰ্ণা, কবিতা, ১৯৯৪
  • চেগেন ছাওনহেড, ৰচনা, ১৯৯৫
  • অট ওগ অল আৰ জুৰি জিতা, কবিতা, ১৯৯৫
  • কুইণ্ডি মিম, ছিছু কবিতা, ২০০৪
  • গুৰু গোমকেয়াগ ঞ্জেনেল আৰ ঞ্জনালাগ, সমালোচনা, ২০০৬
  • ছেই চেহেদ, কবিতা, ২০০৬
  • চান্তলী চাওনহেদ ৰেয়াগ নাগাম, (চাওঁতালি সাহিত্যৰ চমু ইতিহাস), ২০০৭
  • ৰনৰ টুপ্লাগ (৩টা পাঠ্যক্ৰমৰ বাবে চাওঁতালি ব্যাকৰণ), ২০০৮
  • পাৰ্চী সন্ত চাওনহেদ (ৰচনা), ২০০৯
  • গিদ্ৰভুল কাহনি (গল্প), ২০১০
  • ৰ’ৰ ছানেছ (ভাষিকতা), ২০১২[4]

অনুবাদ[সম্পাদনা কৰক]

  • ওমৰখায়ামগ ৰুবায়াত, (ওমৰ খায়ামৰ ৰুবায়াতৰ পৰা), ২০০৬
  • এ.ৰা. ৰেয়াগ চেৰমা (বঁটা বিজয়ী ওড়িয়া কবিতা পুথি শব্দৰা আকাশ) সাহিত্য অকাডেমী, নতুন দিল্লী, ২০১২[4]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]