সমললৈ যাওক

দীঘলীপুখুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(দীঘলী পুখুৰীৰ পৰা পুনঃনিৰ্দেশিত)
দীঘলীপুখুৰী

দীঘলীপুখুৰী অসমব্ৰহ্মপুত্ৰ নদীৰ পাৰত গুৱাহাটীত অৱস্থিত এটা আয়তাকাৰ (rectangular) কৃত্ৰিম পুখুৰী। এই পুখুৰীৰ প্ৰায় আধা মাইল দৈৰ্ঘ্যৰ বাবেই ইয়াৰ নাম দীঘলীপুখুৰী হয় বুলি জনা যায়।[উদ্ধৃতিৰ প্ৰয়োজন] গুৱাহাটীত অৱস্থিত ঐতিহাসিক পুখুৰীসমূহৰ ভিতৰত ই অন্যতম।[1]

লোকপ্ৰবাদ অনুসৰি, দীঘলীপুখুৰী প্ৰকৃততে প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তব্ৰহ্মপুত্ৰৰ পৰা এটা সুঁতি খান্দি সৃষ্টি কৰিছিল। প্ৰবাদ অনুসৰি ভগদত্তই জীয়ৰী দীঘলীৰ নামত খন্দাইছিল। পৰৱৰ্ত্তী কালত কামৰূপৰ আৰু কমতাৰ মহাৰজাসকলে যুদ্ধৰ বাবে ব্যৱহাৰ কৰিছিল। তথ্য অনুসৰি দীঘলীপুখুৰী ব্ৰহ্মপুত্ৰৰ মূল নদীৰ সৈতে এটা সুঁতিৰে সংযুক্ত হৈ আছিল। পৰৱৰ্তীকালত আহোম সকলে এই পুখুৰী নাৱৰ চলাচল আৰু নৌকা বন্দৰৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল বুলি জানিব পৰা যায়।[উদ্ধৃতিৰ প্ৰয়োজন]

সময়ৰ লগে লগে এই পুখুৰীৰ ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ বিছিন্ন হৈ পৰে। ব্ৰিটিছৰ শাসনকালত এই পুখুৰীৰ উত্তৰভাগৰ কিছু অংশ পুতি পেলোৱা হয়। বৰ্তমান এই অংশত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্মাণ কৰা হয়। এই পুখুৰীকে কেন্দ্ৰ কৰি পিছলৈ এখনি উদ্যান গঢ়ি তোলা হয়। বৰ্তমান ই এক পৰ্যটন কেন্দ্ৰ। ইয়াতে সময়ে সময়ে সাংস্কৃতিক অনুষ্ঠান তথা বিভিন্ন সামাজিক কাৰ্যসূচী লোৱা হয়।[1]

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

দীঘলীপুখুৰীৰ চাৰিওকাষে বিভিন্ন শিক্ষানুষ্ঠান যেনে কটন কলেজ, সন্দিকৈ বালিকা মহাবিদ্যালয় আদি অৱস্থিত। তদুপৰি ইয়াৰ চাৰিওকাষে থকা অন্যান্য কেইটামান উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে অসম ৰাজ্যিক সংগ্ৰহালয়, ৰবীন্দ্ৰ ভৱন, ৰাজ্যিক গ্ৰন্থাগাৰ, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ অধ্যয়ন কক্ষ (কাৰ্জন হল), গুৱাহাটী ৰাজ্যিক সংগ্ৰহালয়[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "আৰ্কাইভ কপি". Archived from the original on 2012-01-19. http://www.assamtribune.com/may3009/horizon.html। আহৰণ কৰা হৈছে: 2012-01-19. 
  2. Al-Ahmed, Saikh Md Sabah, "A Tale of Four Ponds", The Assam Tribune (Guwahati), archived from the original on 2013-10-04, https://web.archive.org/web/20131004220032/http://www.assamtribune.com/may3009/horizon.html, আহৰণ কৰা হৈছে: 2014-01-15 

স্থানাংক: 26°11′15″N 91°45′04″E / 26.18755°N 91.751083°E / 26.18755; 91.751083