দীপ্তি ফুকন পাটগিৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিপ্তী ফুকন পাটগিৰি
জন্ম অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় অসমীয়া ভাষা, সাহিত্য

দিপ্তী ফুকন পাটগিৰি (ইংৰাজী: DIPTI PHUKAN PATGIRI) একাধাৰে এগৰাকী অসমীয়া ভাষাবিদ, সাহিত্যিক, অধ্যাপক, সম্পাদক। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

২৯ মাৰ্চ,১৯৫৬ চনত দিপ্তী ফুকন পাটগিৰিৰ জন্ম হয়। পিতৃৰ নাম বুদ্ধেশ্বৰ ফুকন আৰু মাতৃৰ নাম বাসন্তী ফুকন।

শিক্ষা[সম্পাদনা কৰক]

  • ১৯৭৬ চনত অসমীয়া বিভাগত প্ৰথম হৈ স্নাতক ডিগ্ৰী লাভ কৰে।
  • ১৯৭৮ চনত অসমীয়া বিভাগত প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
  • ১৯৯১ চনত পি.এইচ.ডি ডিগ্ৰী লাভ কৰে। বিষয় : An Analysis of the Assamese Verb System : A Historical Study.
  • ২০১২ চনত উৎকল ইউনিভাৰ্ছিটি, ভূৱনেশ্বৰৰ পৰা ডি.লিট ডিগ্ৰী লাভ কৰে। বিষয় : Assamese and Oriya Language : A Comparative Study.

চাকৰি জীৱন[সম্পাদনা কৰক]

  • ১৮-১২-৭৮ তাৰিখৰ পৰা ১৭-১২-৭৯ তাৰিখলৈকে ডি.কে.ডি কলেজ, দেৰগাঁও,(অসম)ত অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।
  • ১-১২-৮৩ তাৰিখৰ পৰা ৩১-০১-৮৪ তাৰিখলৈকে প্ৰাগজ্যোতিষ কলেজ, গুৱাহাটীত অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।
  • ১-০২-৮৪ তাৰিখৰ পৰা ০১-০৩-৮৪ তাৰিখলৈকে ডিফু চৰকাৰী কলেজত অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।
  • ২-০৩-৮৪ তাৰিখৰ পৰা ০৪-১২-৯১ তাৰিখলৈকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।
  • ১-১২-২০০০ তাৰিখৰ পৰা আজি পৰ্যন্ত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে শিক্ষাদান কৰি আছে।
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা শাখাৰ ডীন হিচাপে ০২-০১-২০১৪ তাৰিখৰ পৰা ০৮-০৫-২০১৫ তাৰিখলৈকে দায়িত্ব ভাৰ পালন কৰে।

সাহিত্যৰাজি[সম্পাদনা কৰক]

  • ভাষাতত্ত্ব,১৯৯১[1]
  • মধ্যযুগৰ অসমীয়া ভাষাৰ ব্যাকৰণ, ১৯৯৯
  • আধুনিক অসমীয়া ব্যাকৰণ,১৯৯৯
  • ফলি পুথি লওঁ আহা,২০০৭
  • আধুনিক অসমীয়া গদ্য,২০০৩
  • অসমীয়া বাঙলা আৰু উড়িয়া ভাষা: তুলনামুলক অধ্যয়ন,২০০৪
  • মনোমতী(পুনৰ কথন), ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত উপন্যাস মনোমতী,২০০৭
  • ভাষা-সাহিত্য জিজ্ঞাসা,২০০৯ [2]
  • some aspects on Language & Linguistics,2010
  • নিৰ্মল প্ৰভা বৰদলৈৰ শিশু সাহিত্য,২০১২
  • টিপকলিৰ সপোন (শিশু সাহিত্য),২০১৪
  • মায়া আইনা, বাঙালী ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা সাধু কিতাপ,২০১৪
  • হেমন্তৰ পাখি, বাঙালী ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা উপন্যাস,(মূল: সুচিত্ৰ ভট্টাচাৰ্য) ২০১৫
  • আইনু মাহীৰ চিঠি (শিশু সাহিত্য),২০১৭
  • ভাষা-সাহিত্যৰ চিন্তন,২০১৮

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • ভাষা তত্বৰ বিচিত্ৰ কথা,১৯৯৬
  • ভাষাজিজ্ঞাসা,২০০২
  • অন্বেষণ,২০০৪
  • অসম সাহিত্য সভা পত্ৰিকা,২০০৬
  • অসমীয়া ভাষাৰ উপভাষা,২০০৭
  • উপভাষা আৰু অসমৰ উপভাষা,২০১০
  • নামনি অসমৰ আঞ্চলিক অসমীয়া শব্দকোষ,২০১২
  • সাহিত্য সুষমা,২০১৩
  • ভাষা,ভাষাবিজ্ঞান আৰু উপভাষা,২০১৩
  • লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষা,২০১৪
  • আধুনিক ভাৰতীয় আৰ্য ভাষা,২০১৪[3]
  • ভাষা আৰু সাহিত্য : বিচাৰ আৰু বিশ্লেষণ,২০১৭
  • জনন বীক্ষণ,২০১৭
  • ভাষা সাহিত্য সংস্কৃতি শিতান,২০১৯
  • অসমীয়া ওমলা গীত,২০২০
  • অসমীয়া শিশু কবিতা,২০২১

অনুবাদ গ্ৰন্থ[সম্পাদনা কৰক]

  • নৱজাতক,২০০৭
  • মাহনদী জায়ে (লুইতৰ পৰা মহানদীলৈ) অসমীয়াৰ পৰা উড়িয়ালৈ অনুবাদ কৰা ৫৫টা অসমীয়া কবিতাৰ সংগ্ৰহ,২০০৮

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]