সমললৈ যাওক

দূৰৱৰ্তী সংবেদন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা তোলা উত্তৰ আমেৰিকাৰ প্ৰতিচ্ছবি

দূৰৱৰ্তী সংবেদন বা দূৰ সংবেদন (remote sensing) হৈছে এক কলা আৰু বিজ্ঞান য'ত কোনো এক বস্তু বা অঞ্চলৰ তথ্য আহৰণ কৰা হয় সেই বস্তু বা অঞ্চলক শাৰীৰিকভাৱে স্পৰ্শ নকৰাকৈ। দূৰৱৰ্তী সংবেদন কৌশলসমূহ বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত ব্যবহাৰ কৰা হয়। ভূগোল, ভূ-বিজ্ঞান, যোগাযোগ, ভূমি সমীক্ষা, অৰ্থনীতি, যিকোনো পৰিকল্পনা, প্ৰতিৰক্ষা আদিত দূৰৱৰ্তী সংবেদন কৌশলসমূহ ব্যবহাৰ কৰা হয়। দূৰৱৰ্তী সংবেদন পদ্ধতিত সাধাৰণতে সংবেদক (sensor) ব্যৱহাৰ কৰা হয়। এই সংবেদকসমূহ এক নিৰ্দিষ্ট তৰংগ-দৈৰ্ঘ্য বিদ্যুত-চুম্বকীয় শক্তিৰ বাবে সক্ৰিয় হৈ পৰে আৰু সেই শক্তিৰ পৰিমাণ হিচাপ কৰে। সেই শক্তি সাধাৰণতে কোনো বস্তু বা অঞ্চলৰ দ্বাৰা প্ৰতিফলিত বা বিকিৰিত হয়। বিভিন্ন তৰংগ-দৈৰ্ঘ্যৰ শক্তিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰিয়েই বস্তু বা অঞ্চলৰ তথ্য আহৰণ কৰা হয়। এটা সংবেদকে আহৰণ কৰা শক্তিৰ পৰিমাণ বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যেনে বস্তুটোৰ জ্যামিতি, ৰাসায়নিক বৈশিষ্ট্য, গঠন, পৃষ্ঠৰ খহটাৰ পৰিমাণ ইত্যাদি[1]। দূৰৱৰ্তী সংবেদন হৈছে এটা বহু-বিভাগীয় বিজ্ঞান য'ত বহুকেইটা বিভাগ যেনে আলোকবিজ্ঞান, দূৰসংযোগ, আলোকচিত্ৰগ্ৰহণৰ কলা, কৃত্ৰিম উপগ্ৰহ প্ৰক্ষেপণ বিজ্ঞান আদিৰ সহায় লোৱা হয়। এই আটাইবোৰ প্ৰযুক্তি একেলগ কৰি এটা ব্যৱস্থাৰ গঠন কৰা হয় যাক কোৱা হয় দূৰৱৰ্তী সংবেদন ব্যৱস্থা[1]

স্তৰ সমূহ

[সম্পাদনা কৰক]

দূৰৱৰ্তী সংবেদনৰ কেইবাটাও স্তৰ বা পৰ্যায় আছে[1]। এই স্তৰসমূহ ক্ৰমত তলত উল্লেখ কৰা হ'ল।

  1. উৎসৰ (যেনে সূৰ্য্য) পৰা বিদ্যুত-চুম্বকীয় বিকিৰণ নিৰ্গমন।
  2. বিদ্যুত-চুম্বকীয় বিকিৰণ/ শক্তি উৎসৰ পৰা ভূ-পৃষ্ঠলৈ আগমন। কিছু শক্তি বায়ুমণ্ডলৰ দ্বাৰা শোষণ আৰু কিছু সিঁচৰণ।
  3. বিদ্যুত-চুম্বকীয় বিকিৰণ ভূ-পৃষ্ঠৰ সংস্পৰ্শলৈ আহি প্ৰতিফলিত নাইবা নিৰ্গমন হয়।
  4. প্ৰতিফলিত নাইবা নিৰ্গমন হোৱা শক্তি পুনৰ বায়ুমণ্ডলৰ মাজেৰে দূৰৱৰ্তী সংবেদন সংবেদকলৈ (কৃত্ৰিম উপগ্ৰহত থকা) যায়।
  5. সংবেদকে নিৰ্দিষ্ট তৰংগ-দৈৰ্ঘ্যৰ শক্তিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি তথ্য সংগ্ৰহ কৰে।
  6. এই তথ্য সৰবাহ কৰা হয় আৰু সংসাধন কৰি বিশ্লেষণ কৰা হয়।
296.997x296.997px

উৎসৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি দূৰৱৰ্তী সংবেদনক দুটা ভাগত ভাগ কৰিব পাৰি; সক্ৰিয় আৰু নিষ্ক্ৰিয় দূৰৱৰ্তী সংবেদন। যদি দূৰৱৰ্তী সংবেদন ব্যৱস্থাৰ প্লেটফৰ্মৰ নিজা শক্তিৰ উৎস থাকে তেতিয়া তাক সক্ৰিয় দূৰৱৰ্তী সংবেদন বোলে আৰু যদি নিজা শক্তিৰ উৎস নাথাকে (যেনে উৎস হিচাপে সূৰ্য্য) তাক নিষ্ক্ৰিয় দূৰৱৰ্তী সংবেদন বোলা হয়[1]। বেছিভাগ কামতে ব্যৱহৃত মাইক্ৰৱেভ বা সূক্ষ্ম তৰংগৰ দূৰৱৰ্তী সংবেদনসমূহ সাধাৰণতে সক্ৰিয় দূৰৱৰ্তী সংবেদন হয় আৰু কিছুমান নিষ্ক্ৰিয় দূৰৱৰ্তী সংবেদন থাকে। একেদৰে বেছিভাগ কৃত্ৰিম উপগ্ৰহৰ চিত্ৰকল্পবোৰ নিষ্ক্ৰিয় দূৰৱৰ্তী সংবেদন। ৰাডাৰ, লিডাৰ আদিত সক্ৰিয় দূৰৱৰ্তী সংবেদনৰ ব্যৱহাৰ কৰা হয়। নিষ্ক্ৰিয় দূৰৱৰ্তী সংবেদনৰ এক ভাল উদাহৰণ হ'ল ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'প(Event Horizon Telescope), যাৰ দ্বাৰা প্ৰথম বাৰৰ বাবে কৃষ্ণগহ্বৰৰ (Black hole) আলোক চিত্ৰ প্ৰস্তুত কৰা হৈছে[2]

বিদ্যুত-চুম্বকীয় বৰ্ণালী

[সম্পাদনা কৰক]
বিদ্যুত-চুম্বকীয় বৰ্ণালী
বিদ্যুত-চুম্বকীয় বৰ্ণালী, বিভিন্ন তৰংগ দৈৰ্ঘ্যৰ শক্তিৰ বৈশিষ্ট্য

বিদ্যুত-চুম্বকীয় বিকিৰণক কেইবাটাও শ্ৰেণীত ভাগ কৰিব পৰা যায়[3]

১। গামা বিকিৰণ

২। এক্সৰে বিকিৰণ

৩। অতি-বেঙুনীয়া বিকিৰণ

৪। দৃশ্যমান বিকিৰণ

৫। অৱলোহিত বিকিৰণ

৬। মাইক্ৰৱেভ বিকিৰণ

৭। ৰেডিঅ'বিকিৰণ

ইয়াৰে গামা বিকিৰণৰ তৰংগ দৈৰ্ঘ্য কম আৰু ৰেডিঅ'বিকিৰণৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি। এই বিকিৰণসমূহৰ নিজস্ব বৈশিষ্ট্য আছে আৰু এই বৈশিষ্ট্যসমূহৰ ভিত্তিতেই দূৰৱৰ্তী সংবেদনত বস্তু এটা চিনাক্ত কৰা হয় আৰু আন কিছুমান কামত দূৰৱৰ্তী সংবেদনক ব্যৱহাৰ কৰা হয়।

১৮৫৯ চনত গেছপাৰ্দ ত'ৰনাক'নে পেৰিছৰ ওচৰৰ এখন গাঁৱৰ আলোকচিত্ৰ বেলুনৰ পৰা হেলনীয়াকৈ তোলে[1]। এই আলোকচিত্ৰখনৰ পৰাই ভূ-নিৰীক্ষণ আৰু দূৰৱৰ্তী সংবেদনৰ যুগৰ আৰম্ভ হয়। আমেৰিকাৰ গৃহ-যুদ্ধৰ সময়চোৱাত বেলুনৰ পৰা তোলা আলোকচিত্ৰসমূহে শত্ৰুৰ গতিবিধি জনাত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল[4]। এই সময়ছোৱাতেই চিত্ৰগ্ৰহণ, ফলক বা লেন্স আৰু বেলুনৰ প্ৰযুক্তিয়ে এক নতুন গতি লাভ কৰিলে।

দূৰৱৰ্তী সংবেদনৰ প্ৰযুক্তিৰ দ্বিতীয় পৰ্যায়ৰ ক্ষিপ্ৰ বিকাশ ঘটে ইউৰূপত, প্ৰথম বিশ্বযুদ্ধৰ সময়ত। এই সময়ছোৱাত উৰাজাহাজৰ ব্যৱহাৰ আৰম্ভ হয়। কেমেৰাৰ প্লেটফৰ্ম হিচাপে উৰাজাহাজ বেলুনতকৈ বেছি সুস্থিৰ হয়। প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ সময়ছোৱা অসামৰিক কামত আকাশৰ পৰা তোলা আলোকচিত্ৰৰ ব্যৱহাৰ আৰম্ভ হয়[1]। এইসময়ছোৱাতে আলোকচিত্ৰৰ ব্যৱহাৰ কৃষি-কৰ্মত, বনাঞ্চল নিৰীক্ষণ, ভূ-বিজ্ঞান আদি অসামৰিক কামত কৰা আৰম্ভ হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ বিকাশ ঘটে দ্বিতীয় বিশ্বযুদ্ধ]]ৰ সময়ছোৱাত। এইসময়ছোৱাতে নিকট-অৱলোহিত চিত্ৰগ্ৰহণ,তাপীয়-অৱলোহিত চিত্ৰগ্ৰহণ আৰম্ভ হয়। এইসময়ছোৱাতে প্ৰতিচ্ছবি তোলা ৰাডাৰৰ ব্যৱহাৰ নিশা বোমা ক্ষেপনৰ কামত ব্যৱহাৰ কৰা হয়[1]

দূৰৱৰ্তী সংবেদনৰ প্ৰযুক্তিৰ কেইটামান উল্লেখযোগ্য বিকাশ[1]

১৮০০ছাৰ ডব্লিউ হাৰছেলৰ দ্বাৰা অৱলোহিত বিকিৰণৰ আৱিষ্কাৰ
১৮৩৯আলোক চিত্ৰগ্ৰহণ চৰ্চাৰ আৰম্ভণি
১৮৪৭জে বি এল ফ'উকাল্টৰ দ্বাৰা অৱলোহিত বৰ্ণালীৰ প্ৰদৰ্শনী
১৮৫৯বেলুনৰ পৰা আলোকচিত্ৰ গ্ৰহণ
১৮৭৩জে চি মেক্সৱেলৰ বিদ্যুত-চুম্বকীয় বৰ্ণালীৰ মতবাদ
১৯০৯উৰাজাহাজৰ পৰা আলোকচিত্ৰ গ্ৰহণ
১৯১৬১ম বিশ্বযুদ্ধত আকাশী নিৰীক্ষণ
১৯৩৫ৰাডাৰৰ বিকাশ
১৯৪০২য় বিশ্বযুদ্ধত বিদ্যুত-চুম্বকীয় বৰ্ণালীৰ অদৃশ্যমান অংশৰ প্ৰয়োগ
১৯৪৬মহাকাশৰ পৰা প্ৰথম পৃথিৱীৰ আলোকচিত্ৰ তোলা হয়[5]
১৯৭২লেণ্ডছেট-১ৰ উৎক্ষেপণ
১৯৭২ডিজিটেল প্ৰতিচ্ছবি সংসাধনৰ ক্ষিপ্ৰ বিকাশ
১৯৮২লেণ্ডছেট-৪ৰ উৎক্ষেপণ, তাপীয় মেপিংৰ সুবিধা
১৯৮৬হাইপাৰ স্পেকট্ৰেল সংবেদকৰ বিকাশ
১৯৮৮আই আৰ এছ -ওৱান এ, ভাৰতীয় দূৰৱৰ্তী সংবেদন উপগ্ৰহৰ উৎক্ষেপণ[6]
১৯৯০উচ্চ ৰিজলোচনৰ মহাকাশীয় আলোকচিত্ৰ গ্ৰহণৰ ব্যৱস্থা, বাণিজ্যিক বিকাশৰ আৰম্ভণি
১৯৯৯নাছাৰ পৃথিৱী পৰ্য্যবেক্ষণৰ অভিযানৰ উৎক্ষেপণ
১৯৯৯ইক'ন'ছৰ উৎক্ষেপণ
২০১৮হাইছিছৰ উৎক্ষেপণ, ভাৰতীয় হাইপাৰ স্পেকট্ৰেল ইমেজিং উপগ্ৰহ[7]

বিদ্যুত-চুম্বকীয় তৰংগ আৰু ভূ-পৃষ্ঠৰ পৰস্পৰ ক্ৰিয়া

[সম্পাদনা কৰক]

যেতিয়া সূৰ্য্যৰ পৰা অহা বিকিৰণ ভূ-পৃষ্ঠত আপতিত হয় তেতিয়া সেই বিকিৰণ প্ৰতিফলিত হ'ব পাৰে, পৃষ্ঠৰ মাজেৰে সৰবৰাহ হ'ব পাৰে নাইবা শোষিত হ'ব পাৰে আৰু পিছত পৃষ্ঠই নিৰ্গত কৰি দিয়ে। এই ক্ৰিয়াত বিদ্যুত-চুম্বকীয় তৰংগৰ বহুত পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তনসমূহ সংবেদকে ধৰা পেলাই আৰু পৃষ্ঠৰ গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰে[1]

বিদ্যুত-চুম্বকীয় তৰংগ আৰু ভূ-পৃষ্ঠৰ পৰস্পৰ ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি বিদ্যুত-চুম্বকীয় তৰংগক তিনিটা তৰংগ-দৈৰ্ঘ্যৰ অংশত ভাগ কৰিব পাৰি। ০.৩ মাইক্ৰণৰ পৰা ৩ মাইক্ৰণ তৰংগ-দৈৰ্ঘ্যৰ অংশটো প্ৰতিফলিত অংশ। এই বিদ্যুত-চুম্বকীয় তৰংগ বেণ্ডত যিখিনি বিকিৰণ সংবেদকে ধৰা পেলাই সেইয়া ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত হোৱা সূৰ্য্যৰ বিকিৰণ। ৮ মাইক্ৰণৰ পৰা ১৪মাইক্ৰণ তৰংগ-দৈৰ্ঘ্যৰ অংশটো হ'ল তাপীয় অৱলোহিত বেণ্ড। সংবেদকত ধৰা দিয়া তাপীয় অৱলোহিত বেণ্ড অংশটো সাধাৰণতে ভূ-পৃষ্ঠৰ পৰা হোৱা তাপীয় নিৰ্গমন। ৩মাইক্ৰণ আৰু ৫.৫ মাইক্ৰণৰ মাজত বেণ্ডটোত প্ৰতিফলিত আৰু নিৰ্গমন দুয়োটাই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে[1]

বিদ্যুত-চুম্বকীয় তৰংগৰ মাইক্ৰৱেভ অংশটোৰ সংবেদক হ'ল ৰাডাৰ। ৰাডাৰ হ'ল সক্ৰিয় দূৰৱৰ্তী সংবেদক আৰু ই নিজাকৈ বিদ্যুত-চুম্বকীয় তৰংগ সৃষ্টি কৰে। এই বিদ্যুত-চুম্বকীয় তৰংগ ভূ-পৃষ্ঠত প্ৰতিফলিত হৈ পুনৰ সংবেদকলৈ ঘূৰি যায়। প্ৰতিফলিত তৰংগৰ বিশ্লেষণ কৰি তথ্য সংগ্ৰহ কৰা হয়॥ মাইক্ৰৱেভ অংশটো নিষ্ক্ৰিয় দূৰৱৰ্তী সংবেদকৰ (মাইক্ৰৱেভ ৰেডিঅ'মিটাৰ) দ্বাৰাও নিৰীক্ষণ কৰিব পাৰি[1]

বৰ্ণালীৰ স্বাক্ষৰ

[সম্পাদনা কৰক]
302.986x302.986px

প্ৰতিফলিত শক্তিক আপতিত শক্তিয়ে বিভাজন কৰিলে যি মান পোৱা যায় তাক স্পেক্‌ট্ৰেল ৰিফ্লেকটেনছ বোলা হয়। ই প্ৰতিফলিত শক্তি আৰু আপতিত শক্তিৰ মাজৰ এক অনুপাত আৰু ই তৰংগ-দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰশীল। বিভিন্ন বস্তুৰ বাবে বিভিন্ন তৰংগ-দৈৰ্ঘ্যত স্পেক্‌ট্ৰেল ৰিফ্লেকটেনছৰ মান বেলেগ বেলেগ হয়। যেনে সেউজীয়া উদ্ভিদৰ ক্ষেত্ৰত সেউজীয়া তৰংগ-দৈৰ্ঘ্যৰ শক্তিৰ প্ৰতিফলন বেছি হয় আৰু স্পেক্‌ট্ৰেল ৰিফ্লেকটেনছৰ মানো যদিহে ৰঙা তৰংগ-দৈৰ্ঘ্যৰ শক্তিৰ লগত তুলনা কৰা হয়। এনেদৰে বিভিন্ন বস্তুৰ বেলেগ বেলেগ বৰ্ণালী স্বাক্ষৰ থাকে আৰু তাৰ দ্বাৰাই বস্তু এটা চিহ্নিত কৰিব পৰা যায়[1]

বিভিন্ন বস্তুৰ বৰ্ণালীৰ স্বাক্ষৰ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 8 9 10 11 12 Shefali Aggarwa, PRINCIPLES OF REMOTE SENSING
  2. https://eventhorizontelescope.org/
  3. Mehta, Akul. "Introduction to the Electromagnetic Spectrum and Spectroscopy". Pharmaxchange.info. http://pharmaxchange.info/press/2011/08/introduction-to-the-electromagnetic-spectrum-and-spectroscopy/ আহৰণ কৰা হৈছে: 2011-11-08.[সংযোগবিহীন উৎস]
  4. Colwell, R.N. (Ed.) 1983. Manual of Remote Sensing. Second Edition. Vol I: Theory, Instruments and Techniques. American Society of Photogrammetry and Remote Sensing ASPRS, Falls Church
  5. https://cosmosmagazine.com/space/the-first-photograph-of-earth-taken-from-space
  6. "আৰ্কাইভ কপি". Archived from the original on 2019-06-27. https://web.archive.org/web/20190627192046/https://www.isro.gov.in/saga-of-indian-remote-sensing-satellite-system আহৰণ কৰা হৈছে: 2019-06-27.
  7. "আৰ্কাইভ কপি". Archived from the original on 2019-03-23. https://web.archive.org/web/20190323162816/https://www.isro.gov.in/Spacecraft/hysis আহৰণ কৰা হৈছে: 2019-06-27.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]