সমললৈ যাওক

দেবত্তমা সাহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


দেবত্তমা সাহা
জন্ম শিলচৰ, অসম
শিক্ষা ডনবস্কো হাইস্কুল, শিলচৰ
শিক্ষানুষ্ঠান এমিটি ইউনিভাৰ্চিটি, কলকাতা
পেচা
  • অভিনেত্ৰী
  • গায়িকা
সক্ৰিয় হৈ থকা সময় ২০১৬–বৰ্তমানলৈ

দেবত্তমা সাহা (ইংৰাজী: Debattama Saha) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা যিয়ে মূলতঃ হিন্দী আৰু বাংলা টেলিভিছনত কাম কৰে। চনী টিভিৰ ৰোমান্টিক কমেডী ধাৰাবাহিক ঈশাৰো ঈশাৰো ম্য‍ে আৰু ষ্টাৰ প্লাছৰ ৰোমান্টিক নাটক শৌৰ্য ঔৰ অনোখী কি কাহানীৰ মুখ্য চৰিত্ৰত কৰা অভিনয়ৰ বাবে‍ তেওঁ বেছিকৈ পৰিচিত।

শেহতীয়াকৈ তেওঁ শ্বাহজাদা ছবিত অভিনয় কৰি বলীউডৰ বোলছবিত আত্মপ্ৰকাশ কৰে৷

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

দেবত্তমা সাহাৰ জন্ম মূলতঃ অসমৰ শিলচৰৰ।[1][2] তেওঁৰ মতে পিতৃৰ আপত্তিৰ বাবে তেওঁক সৰুতে মাকে গোপনে গায়ন আৰু নৃত্যশিল্পৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল।[1] শিলচৰৰ ডন বস্কো হাইস্কুলৰ পৰা অধ্যয়ন সম্পূৰ্ণ কৰি কলকাতাৰ এমিটি ইউনিভাৰ্চিটিৰ পৰা ইংৰাজী বিষয়ত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

সাহাই ২০১৬ চনত কালাৰছ বাংলাৰ এ অমৰ গুৰুদক্ষিণাৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল৷ সুমন দে আৰু বিশ্বৰূপ বন্ধোপাধ্যায়ৰ বিপৰীতে শোই/উমা/নয়ন্তৰৰ চৰিত্ৰত অভিনয় কৰিছিল।[4] নৃত্যশিল্পী হিচাপেও প্ৰশিক্ষণ কামত লগাইছে৷[5]

২০১৯ চনত চনী টিভিৰ ৰোমান্টিক কমেডী ধাৰাবাহিক ঈশাৰো ঈশাৰো ম্য‍েত আত্মপ্ৰকাশ কৰি‍ ড° পৰিনীতি গাংগুলীৰ সমান্তৰাল মুখ্য চৰিত্ৰত মুদি নায়াৰ আৰু ছিমৰণ পৰেঞ্জাৰ বিপৰীতে অভিনয় কৰে৷[6] শ্ব’টোৰ প্ৰচাৰমূলক ভিডিঅৰ নৃত্যত নৃত্য পৰিৱে‍শন আৰু কৰিঅ’গ্ৰাফী কৰাত সহায় কৰিছিল।[5]

২০২০ চনৰ পৰা ২০২১ চনলৈ ষ্টাৰপ্লাছ টেলিভিছন ধাৰাবাহিক শৌৰ্য ঔৰ অনোখী কি কাহানীত কৰণবীৰ শৰ্মাৰ বিপৰীতে অনোখী ভল্লাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[1][7][8] ২০২১ চনত শৌৰ্য ঔৰ অনোখী কি কাহানীৰ অন্ত পৰাৰ পাছত জো তেৰা হােৱেগা ভিডিঅ’ গীতটোও গাইছিল আৰু তেওঁ ভিডিঅ’টো পৰিচালনা কৰা শৰ্মাৰ সৈতেও অভিনয় কৰিছিল। আখে‍ বন্ধ কৰ্ক‍ে আৰু মুবাৰক হো নামৰ মিউজিক ভিডিঅ’তো তেওঁক শৰ্মাৰ সৈতে দেখা গৈছিল।

২০২২ চনত আশিস ভৰদ্বাজৰ বিপৰীতে জী টিভি ধাৰাবাহিক মিঠাইত তেওঁক মিঠাই গোসাঁইৰ চৰিত্ৰত দেখা গৈছিল।[9][10]

২০২৩ চনত ৰোহিত ধাৱন পৰিচালিত চিনেমা শ্বাহজাদাত নিশা উপাধ্যায়ৰ চৰিত্ৰত তেওঁক দেখা গৈছিল।[11]

২০২৩ চনৰ ১২ মে’ত তেওঁ ভিডিঅ’ গীত ৰঞ্জনাত গাইছিল আৰু অভিনয় কৰিছিল। ২০২৪ চনৰ এপ্ৰিল মাহৰ পৰা কালাৰ্ছ টিভিৰ কৃষ্ণ মোহিনীত ফহমান খানৰ বিপৰীতে কৃষ্ণ যোশীৰ চৰিত্ৰত অভিনয় কৰিছিল।[12]

এক সাক্ষাৎকাৰত দেবত্তমাই নিজৰ মনৰ ভাব প্ৰকাশ কৰি এনেদৰে উল্লেখ কৰিছে,"মোৰ জন্মস্থান অসমলৈ গ’লে এতিয়া মোৰ নিজকে‍ চেলিব্ৰিটি যেন লাগে। তেওঁলোকে মোৰ বাবে অনুষ্ঠান আয়োজন কৰে আৰু কি কি যে নকৰে‍! মানুহে মোক ট্ৰেকটো কেনেকৈ আগবাঢ়িব আৰু মোৰ চৰিত্ৰটোৰ বিষয়ে সোধে‍ আৰু মই ইমানেই সুখী অনুভৱ কৰোঁ যে তেওঁলোকে নিয়মিতভাৱে মোৰ ধাৰাবাহিক চায়। আনকি কলকাতাতো মানুহে মোৰ সৈতে‍ চেলফি তুলিবলৈ‍ অনুৰোধ কৰে৷"[13]

ফিল্মগ্ৰাফী

[সম্পাদনা কৰক]

টেলিভিছন

[সম্পাদনা কৰক]
চন শীৰ্ষক ভূমিকা ভাষা প্ৰসঙ্গ
২০১৬–২০১৮ এ আমাৰ গুৰুদ‍ক্ষিণা সোই / নয়ন্তৰা / উমা বাংলা [3][4]
২০১৯–২০২০ ঈশাৰো ঈশাৰো ম্য‍ে ডাঃ পৰিনীতি "পৰি" গাংগুলী হিন্দী [5]
২০২০–২০২১ শৌৰ্য ঔৰ অনোখী কি কাহানী অনোখী ভল্লা [14]
২০২২ মিঠাই মিঠাই গোসাঁই [15]
২০২৪ কৃষ্ণা মোহিনী কৃষ্ণা যোশী [12]
চন শীৰ্ষক ভূমিকা প্ৰসঙ্গ
২০২৩ শ্বাহজাদা নিশা উপাধ্যায় [16]

মিউজিক ভিডিঅ'

[সম্পাদনা কৰক]
চন শীৰ্ষক গায়ক প্ৰসঙ্গ
২০২১ জো তেৰা হোগা নিজে‍
আ্খ বন্ধ কৰকে‍ অভি দত্ত একতা
২০২২ মোবাৰক হো সোহাম নাইক নাইনা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Trivedi, Tanvi (July 3, 2021). "Exclusive! Anokhi's life is the story of my real life, it will be very sad if our show Shaurya Aur Anokhi wraps up: Debattama Saha". Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/exclusive-anokhis-life-is-the-story-of-my-real-life-it-will-be-very-sad-if-our-show-shaurya-aur-anokhi-wraps-up-debattama-saha/articleshow/84087892.cms. 
  2. "Actress Debattama Saha turns fashion photographer for co-actor". Times of India. May 1, 2018. https://timesofindia.indiatimes.com/tv/news/bengali/actress-debattama-saha-turns-fashion-photographer-for-co-actor/articleshow/63983338.cms. 
  3. 3.0 3.1 Ganguly, Ruman (17 March 2018). "I never thought that I'll become an actress: Debattama Saha". The Times of India. https://m.timesofindia.com/tv/news/bengali/i-never-thought-that-ill-become-an-actress-debattama-saha/amp_articleshow/63341622.cms। আহৰণ কৰা হৈছে: 7 January 2021. 
  4. 4.0 4.1 "Actors of 'E Amar Gurudakshina' had gala time on the sets". The Times of India. 18 April 2018. https://timesofindia.indiatimes.com/tv/news/bengali/actors-of-e-amar-gurudakshina-had-gala-time-on-the-sets/articleshow/63814381.cms। আহৰণ কৰা হৈছে: 8 January 2021. 
  5. 5.0 5.1 5.2 Kumar, Aakash (2 July 2019). "Here's What 'Ishaaron Ishaaron Mein' Actors Mudit Nayar, Simran Pareenja & Debattama Saha Were Doing At 4:00am On Show's Sets!". ABP Live. https://news.abplive.com/entertainment/television/ishaaron-ishaaron-mein-what-mudit-nayar-simran-pareenja-and-debattama-saha-were-doing-at-400am-on-the-sets-of-sony-tv-show-1024291. 
  6. "Debattama Saha takes tips from medical students to play on-screen doctor". The Times of India. 29 July 2019. https://timesofindia.indiatimes.com/tv/news/debattama-saha-takes-tips-from-medical-students-to-play-on-screen-doctor/articleshow/70431627.cms। আহৰণ কৰা হৈছে: 7 January 2021. 
  7. "Debattama Saha thrilled to shoot for a wedding sequence in Shaurya Aur Anokhi Ki Kahani". The Tribune. https://www.tribuneindia.com/news/lifestyle/debattama-saha-thrilled-to-shoot-for-a-wedding-sequence-in-shaurya-aur-anokhi-ki-kahani-194949. 
  8. "Indian Daily Soaps are Obsessed with Love Triangles and Here's Proof". News18. April 6, 2021. https://www.news18.com/news/movies/indian-daily-soaps-are-obsessed-with-love-triangles-and-heres-proof-3608270.html. 
  9. "Debattama Saha learns Braj language for her role in 'Mithai'". Times of India. Indo-Asian News Service. 3 April 2022. https://timesofindia.indiatimes.com/tv/news/hindi/debattama-saha-learns-braj-language-for-her-role-in-mithai/articleshow/90623783.cms. 
  10. "Debattama Saha shoots at the famous Shrinathji temple for her show". The Tribune. 27 April 2022. https://www.tribuneindia.com/news/lifestyle/dream-come-true-389818. 
  11. "Shehzada debutant Debattama Saha calls director Rohit Dhawan "amazing human being"; says co-star Paresh Rawal is "the king of improvisations" - Bollywood Hungama" (en ভাষাত). Bollywood Hungama. 18 February 2023. https://www.bollywoodhungama.com/news/features/exclusive-shehzada-debutant-debattama-saha-calls-director-rohit-dhawan-amazing-human-says-co-star-paresh-rawal-king-improvisations/। আহৰণ কৰা হৈছে: 2023-04-14. 
  12. 12.0 12.1 "Debattama Saha On Bagging Krishna Mohini, Says, "This Time With A New Pen, Started Writing A New Chapter And Gave My Heart And Soul To It"". Times of India. 29 March 2024. https://timesofindia.indiatimes.com/tv/news/hindi/debattama-saha-on-bagging-krishna-mohini-says-this-time-with-a-new-pen-started-writing-a-new-chapter-and-gave-my-heart-and-soul-to-it/articleshow/108873933.cms. 
  13. "I never thought that I’ll become an actress: Debattama Saha Read more at: http://timesofindia.indiatimes.com/articleshow/63341622.cms?utm_source=contentofinterest&utm_medium=text&utm_campaign=cppst". https://timesofindia.indiatimes.com/tv/news/bengali/i-never-thought-that-ill-become-an-actress-debattama-saha/articleshow/63341622.cms। আহৰণ কৰা হৈছে: 26 May 2025. 
  14. "Debattama Saha, who is currently seen in the show Shaurya Aur Anokhi Ki Kahani, talks about her career". Tribune India. 30 January 2021. Archived from the original on 18 February 2023. https://web.archive.org/web/20230218202102/https://www.tribuneindia.com/news/lifestyle/debattama-saha-who-is-currently-seen-in-the-show-shaurya-aur-anokhi-ki-kahani-talks-about-her-career-205162. 
  15. "Mithai actress Debattama Saha says 'a girl should never give up on her dreams for marriage'" (en ভাষাত). India Today. 10 May 2022. https://www.indiatoday.in/television/celebrity/story/mithai-actress-debattama-saha-says-a-girl-should-never-give-up-on-her-dreams-for-marriage-1947592-2022-05-10। আহৰণ কৰা হৈছে: 2023-04-14. 
  16. "Exclusive - Debattama Saha on Shehzada: Kartik Aaryan is very professional and likes to have fun while working". The Times of India. 2023-03-20. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/hindi/exclusive-debattama-saha-on-shehzada-kartik-aaryan-is-very-professional-and-likes-to-have-fun-while-working/articleshow/98812879.cms?from=mdr.