দেৱনাগৰী ক
অৱয়ব
![](http://upload.wikimedia.org/wikipedia/commons/thumb/d/df/Devanagari_%E0%A4%95.svg/220px-Devanagari_%E0%A4%95.svg.png)
ক (क) (कवर्ण কৱৰ্ণ) দেৱনাগৰী ব্যঞ্জন বৰ্ণমালাৰ প্ৰথম আখৰ। ক আখৰৰ উৎস ব্ৰাহ্মি আখৰ 𑀓 , যি গুপ্ত লিপিৰ আখৰ হিচাপে অলপ সলনি হৈ দেৱনাগৰী কৰ ৰূপ ল'লে। ইয়াৰপৰা উদ্ভৱ হোৱা আখৰ গুজৰাটী আৰু মোদী ক।
ব্যৱহাৰ
[সম্পাদনা কৰক]দেৱনাগৰী কক [kə] আৰু কোনো কোনো ক্ষেত্ৰত [k] উচ্চাৰণ কৰা হয়। তলৰ উদাহৰণত कৰ অন্তৰ্নিহিত স্বৰধ্বনিও উচ্চাৰণ কৰা হয়।
তলৰ উদাহৰণত, कৰ অন্তৰ্নিহিত স্বৰধ্বনি উচ্চাৰণ কৰা নহয়।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/d/d3/Devanagari_matras.svg/750px-Devanagari_matras.svg.png)
পাৰ্চী আৰু আৰবী ভাষাৰ পৰা লোৱা কোনো কোনো শব্দত প্ৰকৃত উচ্চাৰণৰ অধিক কাষ চাপিবলৈ দেৱনাগৰী কৰ লগত নুক্তা প্ৰয়োগ কৰা হয়।
कৰ যুক্তাক্ষৰ
[সম্পাদনা কৰক]- क + त(t̪) এ অস্বাভাৱিক ৰূপৰ kt̪ প্ৰদান কৰে
- क + ष(ʂ) এ অস্বাভাৱিক ৰূপৰ kʂ প্ৰদান কৰে
- ङ(ŋ) + क এ ŋk দিয়ে য'ত ङ कৰ ওপৰত থাকে
- क + ख(kʰ) এ kkʰ দিয়ে য'ত দেৱনাগৰী ক দেৱনাগৰী খৰ ওপৰত থাকে
- क + ल(l̪) এ kl̪ দিয়ে য'ত क लৰ ওপৰত থাকে
- क + व(ʋ) এ kʋ দিয়ে য'ত क वৰ ওপৰত থাকে
- क + न(n̪) এ kn̪ দিয়ে য'ত न বিপৰীত দিশে কৰি कৰ হুকৰ তলত দিয়া হয়.
গণিতত
[সম্পাদনা কৰক]আৰ্যভট্টৰ ব্যৱহাৰ
[সম্পাদনা কৰক]ভাৰতীয় সংখ্যা প্ৰণালীৰ সৃষ্টিৰ পাছতো আৰ্যভট্টে দেৱনাগৰী আখৰসমূহক প্ৰায় গ্ৰীকসকলৰ দৰে সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰিছিল। कৰ ভিন্ন ৰূপৰ মূল্যসমূহ তলত দিয়া হ'ল--
- क [kə] = 1 (१)
- कि [ki] = 100 (१००)
- कु [ku] = 10,000 (१० ०००)
- कृ [kṛ] = 1,000,000 (१० ०० ०००)
- कॢ [kḷ] = 10×108 (१०८)
- के [keː] = 10×1010 (१०१०)
- कै [kəi] = 10×1012 (१०१२)
- को [koː] = 10×1014 (१०१४)
- कौ [kəu] = 10×1016 (१०१६)
তবলাত
[সম্পাদনা কৰক]क (ক), कि (কি), क (কে) তবলাৰ বাঁও হাতেৰে বজোৱা এটি বোল।
হিন্দু জ্যোতিষ শাস্ত্ৰত
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- Kurt Elfering: Die Mathematik des Aryabhata I. Text, Übersetzung aus dem Sanskrit und Kommentar. Wilhelm Fink Verlag, München, 1975, ISBN 3-7705-1326-6
- Georges Ifrah: The Universal History of Numbers. From Prehistory to the Invention of the Computer. John Wiley & Sons, New York, 2000, ISBN 0-471-39340-1.
- B. L. van der Waerden: Erwachende Wissenschaft. Ägyptische, babylonische und griechische Mathematik. Birkhäuser-Verlag, Basel Stuttgart, 1966, ISBN 3-7643-0399-9
- Fleet, J. F. (January 1911). "Aryabhata's System of Expressing Numbers". Journal of the Royal Asiatic Society of Great Britain and Ireland: 109–126. ISSN 0035-869X.
- Fleet, J. F. (1911). "Aryabhata's System of Expressing Numbers". The Journal of the Royal Asiatic Society of Great Britain and Ireland (Royal Asiatic Society of Great Britain and Ireland) খণ্ড 43: 109–126. doi:10.1017/S0035869X00040995.