দেৱব্ৰত দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেৱব্ৰত দাস
পেচা গল্পকাৰ, চাকৰিয়াল
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখযোগ্য বঁটা ‘টেগৰ লিটাৰেচাৰ এৱাৰ্ড’, ‘সাহিত্যজ্যোতি বঁটা’

দেৱব্ৰত দাস (ইংৰাজী: Debabrata Das) ৰামধেনু যুগৰ পৰৱৰ্তী কালৰ এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু স্তম্ভলেখক।[1] সাদিন কাকতত ‘হিয়াৰ পখিলাবোৰ’ শীৰ্ষক স্তম্ভ লিখি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল।[2] ১৯৮১ চনত দাসৰ প্ৰথমখন গল্প-সংকলন ‘অৰ্পিতাৰ এৰাতি’ প্ৰকাশ পায়। শিক্ষাসূত্ৰে এগৰাকী অভিযন্তা দাস কৰ্মসূত্ৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এগৰাকী বিষয়া আছিল।[1]

১৯৫০ চনৰ ৩ জানুৱাৰী তাৰিখে গুৱাহাটীত দেৱব্ৰত দাসৰ জন্ম হৈছিল। [1]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

গল্প-সংকলন[সম্পাদনা কৰক]

  • অৰ্পিতাৰ এৰাতি (১৯৮১)
  • হয়তোবা ভেশ্ছন আৰু অন্যান্য গল্প (১৯৮৭)
  • অৰ্পিতাৰ অন্য এৰাতি (১৯৯২)
  • বিষয় মূলত: প্ৰেম (১৯৯৫)
  • নিৰ্মালীৰ প্ৰেম ( ২০০২)
  • দেৱব্ৰত দাসৰ নিৰ্বাচিত গল্প (২০০৭)
  • ৰাতিপুৱালৈ (২০১১)
  • ৰাজহাঁহৰ গান (২০২২)

উপন্যাস[সম্পাদনা কৰক]

  • গধূলিৰপৰা গধূলিলৈ (১৯৮৩)
  • মধ্যান্তৰ (১৯৯৩)
  • পুতলা নাচৰ সাধু (১৯৯৫)
  • ধূসৰতাৰ কাব্য (২০০৫)
  • কড়ি খেলাৰ সাধু (২০২২)

উপন্যাসিকা-সংকলন[সম্পাদনা কৰক]

  • মৃগয়া, নিঠুৰ মৃগয়া (১৯৯৩)
  • গান, গোলাপ আৰু কাঁইটৰ কথা (১৯৯৩)
  • দূৰলৈ নেযাবা কাবেৰী (১৯৯৩)
  • দুৱাৰদলিৰ সময় (১৯৯৩)
  • সপোনৰ দৰে দিঠকৰ দৰে ( ১৯৯৫)
  • বৰষাৰ প্ৰথম সুবাস (১৯৯৬)
  • পূজাৰ অসুখ (২০০৯)

তথ্যসূত্ৰ[সম্পাদনা কৰক]