দেৱব্ৰত দাস
| দেৱব্ৰত দাস | |
|---|---|
দেৱব্ৰত দাসৰ ফাইল ফটো | |
| জন্ম | ৩ জানুৱাৰী, ১৯৫੦ |
| পেচা | গল্পকাৰ, ঔপন্যাসিক, চাকৰিয়াল |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| উল্লেখযোগ্য বঁটা | ‘টেগৰ লিটাৰেচাৰ এৱাৰ্ড’, ‘সাহিত্যজ্যোতি বঁটা’, সাহিত্য অকাডেমি বঁটা |
| দাম্পত্যসংগী | নিজৰা দাস |
দেৱব্ৰত দাস (ইংৰাজী: Debabrata Das) ৰামধেনু যুগৰ পৰৱৰ্তী কালৰ এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু স্তম্ভলেখক।[1] সাদিন কাকতত ‘হিয়াৰ পখিলাবোৰ’ শীৰ্ষক স্তম্ভ লিখি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল।[2] ১৯৮১ চনত দাসৰ প্ৰথমখন গল্প-সংকলন ‘অৰ্পিতাৰ এৰাতি’ প্ৰকাশ পায়। শিক্ষাসূত্ৰে এগৰাকী অভিযন্তা দাস কৰ্মসূত্ৰে ভাৰতীয় ষ্টেট বেংকৰ এগৰাকী বিষয়া আছিল।[1]
‘কড়ি খেলাৰ সাধু’ উপন্যাসখনৰ বাবে দাসে অসমীয়া ভাষাত ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। [3][4]
১৯৫০ চনৰ ৩ জানুৱাৰী তাৰিখে গুৱাহাটীত দেৱব্ৰত দাসৰ জন্ম হৈছিল। [1] সৰুতে মাকক কিতাপ পঢ়ি থকা দেখি তেওঁৰ বাহিৰা কিতাপলৈ আগ্ৰহ জন্মে। পঞ্চম মান শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ পুথিভঁৰালৰ এখন কাৰ্ড বনাই আৰু প্ৰেমনাৰায়ণ দত্তৰ পাফু চিৰিজ আছিল তেওঁৰ প্ৰথম প্ৰেম। নৱম শ্ৰেণীত পঢ়ি থকাৰ পৰা তেওঁ লেখা-মেলা আৰম্ভ কৰিছিল।[3] ২০২৫ চনত দাসৰ নিৰ্বাচিত এটি গল্প সংকলন ওৱান ম’ৰ ষ্ট’ৰি এৱাউট ক্লাইম্বিং আ হিল (One More Story About Climbing A Hill) নাম দি ভাৰতীয় প্ৰকাশন গোষ্ঠী স্পিকিং টাইগাৰে (Speaking Tiger) প্ৰকাশ কৰিছে। [উদ্ধৃতিৰ প্ৰয়োজন]
দাসৰ ধূসৰতাৰ কাব্য উপন্যাসখনক সমালোচক সকলে অসমীয়া ভাষাৰ প্ৰথম উত্তৰ আধুনিক উপন্যাস আখ্যা দিছে। এই উপন্যাসখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে।[5]
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]গল্প-সংকলন
[সম্পাদনা কৰক]- অৰ্পিতাৰ এৰাতি (১৯৮১)
- হয়তোবা ভেশ্ছন আৰু অন্যান্য গল্প (১৯৮৭)
- অৰ্পিতাৰ অন্য এৰাতি (১৯৯২)
- বিষয় মূলত: প্ৰেম (১৯৯৫)
- নিৰ্মালীৰ প্ৰেম ( ২০০২)
- দেৱব্ৰত দাসৰ নিৰ্বাচিত গল্প (২০০৭)
- ৰাতিপুৱালৈ (২০১১)
- ৰাজহাঁহৰ গান (২০২২)
উপন্যাস
[সম্পাদনা কৰক]- গধূলিৰপৰা গধূলিলৈ (১৯৮৩)
- মধ্যান্তৰ (১৯৯৩)
- পুতলা নাচৰ সাধু (১৯৯৫)
- ধূসৰতাৰ কাব্য (২০০৫)
- কড়ি খেলাৰ সাধু (২০২২)
উপন্যাসিকা-সংকলন
[সম্পাদনা কৰক]- মৃগয়া, নিঠুৰ মৃগয়া (১৯৯৩)
- গান, গোলাপ আৰু কাঁইটৰ কথা (১৯৯৩)
- দূৰলৈ নেযাবা কাবেৰী (১৯৯৩)
- দুৱাৰদলিৰ সময় (১৯৯৩)
- সপোনৰ দৰে দিঠকৰ দৰে ( ১৯৯৫)
- বৰষাৰ প্ৰথম সুবাস (১৯৯৬)
- পূজাৰ অসুখ (২০০৯)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 শোণিত বিজয় দাস, মুনীন বায়ন (২০০৬). কথা বৰণ্য ১০০. প্ৰকাশক গুৱাহাটী: কথা. পৃষ্ঠা. ২৫২. ISBN 81-89148-14-1.
- ↑ "হিয়াৰ পখিলাবোৰৰ স্ৰষ্টা দেৱব্ৰত দাস বুধবৰীয়া গ্ৰন্থমেলাত". News18AssamNE. 5 April 2017. https://www.facebook.com/News18AssamNE/videos/%E0%A6%B9%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A6%96%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%AC%E0%A7%8B%E0%A7%B0%E0%A7%B0-%E0%A6%B8%E0%A7%8D%E0%A7%B0%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BE-%E0%A6%A6%E0%A7%87%E0%A7%B1%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%A4-%E0%A6%A6%E0%A6%BE%E0%A6%B8-%E0%A6%AC%E0%A7%81%E0%A6%A7%E0%A6%AC%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%A8%E0%A7%8D%E0%A6%A5%E0%A6%AE%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A6%A4-%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A7%88-%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87-%E0%A6%86%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AD-%E0%A6%95%E0%A7%B0/489127804811340/। আহৰণ কৰা হৈছে: 4 September 2022.
- ↑ 3.0 3.1 "দেৱব্ৰত দাস, সহাইসুলি ব্ৰক্ষলৈ সাহিত্য অকাডেমি বঁটা". https://dainikjanambhumi.com.+17 March 2026. https://dainikjanambhumi.com/news/the-awards-were-presented-to-the-winners-of-the-2013-sahitya-akademi-awards। আহৰণ কৰা হৈছে: 18 March 2026.
- ↑ "Sahitya Akademi 2025: দেৱব্ৰত দাসলৈ ‘কড়ি খেলাৰ সাধু’ শীৰ্ষক উপন্যাসৰ বাবে ২০২৫ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা, বড়ো ভাষাত ছাহাইচুলি ব্ৰহ্মলৈ সাহিত্য অকাদেমি". https://assam.news18.com.+16 March 2026. https://assam.news18.com/amp/photogallery/assam/sahitya-akademi-2025-award-to-devabrat-das-for-karhi-khelar-sadhu-for-assamese-subham-g-521381.html। আহৰণ কৰা হৈছে: 18 March 2026.
- ↑ দেৱব্ৰত দাস (২০২৪). কড়ি খেলাৰ সাধু. প্ৰকাশক গুৱাহাটী: প্ৰজ্ঞা মিডিয়া. পৃষ্ঠা. শেষ পৃষ্ঠা.