দেৱল দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দেৱল দেৱী (ইংৰাজী: Deval Devi) গুজৰাটৰ বাঘেলা সাম্ৰাজ্যৰ শেষ সাৰ্বভৌম শাসক কৰ্ণ দেৱ দ্বিতীয়ৰ জীয়ৰী আছিল। ১৩০৮ খ্ৰীষ্টাব্দত তেওঁৰ আলাউদ্দিন খিলজীৰ জ্যেষ্ঠ পুত্ৰ খিজিৰ খানৰ সৈতে বিবাহ হয়। আঠ বছৰ পিছত খিজিৰ খাঁক তেওঁৰ ভাতৃ মুবাৰক শ্বাহে (১৩১৬-২০) মৃত্যুদণ্ড দিয়ে আৰু দেৱল দেৱীক নিজৰ হাৰেমলৈ লৈ যায়। ১৩২০ চনত মুবাৰককো তেওঁৰ প্ৰিয় খুছৰো খানে মুণ্ডচ্ছেদ কৰি দেৱলক বিবাহ কৰায়। খুছৰো খাঁ আছিল খিলজী বংশৰ শেষ শাসক। অভিলাষী, ক্ষমতালোভী মুছলমান পুৰুষসকলৰ ইজনৰ পৰা সিজনলৈ হস্তান্তৰিত হোৱা দেৱল দেৱীৰ কাহিনীটোৱে হৈছে নন্দশংকৰ মেহতা ৰচিত গুজৰাটী ঐতিহাসিক উপন্যাস কৰণ ঘেলোৰ ভিত্তি।

জীৱনী[সম্পাদনা কৰক]

১২৯৮ খ্ৰীষ্টাব্দত তেতিয়াৰ দিল্লীৰ চুলতান আলাউদ্দিল খিলজীয়ে উলুঘ খান আৰু নছৰত খানক নেতৃত্ব ভাৰ দি গুজৰাট অভিযানলৈ পঠিয়ায়। গুজৰাটৰ প্ৰধান শাসক, বাঘেলা বংশৰ দ্বিতীয় কৰ্ণ দেৱ পৰাজিত হয়। তেওঁৰ ৰাণী কমলা দেৱীক আক্ৰমণকাৰীয়ে কৰায়ত্ব কৰি আলাউদ্দিল খিলজীৰ ওচৰলৈ লৈ আহে। কৰণ দেৱ দ্বিতীয়ই কম বয়সীয়া জীয়েক দেৱল দেৱী আৰু জীয়াই থকা তেওঁৰ অনুগামীসকলক লৈ দাক্ষিণাত্যলৈ পলাই যায় আৰু দেওগিৰিৰ (পিছলৈ দৌলতাবাদ) শাসক ৰামচন্দ্ৰ দেৱৰ দৰবাৰত আশ্ৰয় লয়।[1][2]

কৰণ দেৱ দ্বিতীয়ৰ পত্নী কমলা দেৱীক খিলজীয়ে তৃতীয় পত্নীৰ ৰূপত বিয়া কৰায়।[3][4] সোনকালেই তেওঁ খিলজীৰ প্ৰিয়পাত্ৰ হৈ পৰিল আৰু প্ৰায়ে তেওঁ চুলতানক ক’বলৈ লয় যে সৰু জীয়েকজনীলৈ তেওঁৰ কিমান মনত পৰে। সেয়েহে ১৩০৮ চনত মাক-জীয়েকৰ বিচ্ছেদৰ দহ বছৰ পাছত খিলজীয়ে দাক্ষিণাত্যলৈ এটা সৈন্য প্ৰেৰণ কৰে আৰু সেনাধিপতি মালিক কফুৰক যেনেকৈয়ে হওক দেৱল দেৱীক লৈ আনিবলৈ নিৰ্দেশ দিয়ে। ইতিমধ্যে দেৱল দেৱীও যথেষ্ট ডাঙৰ হৈছে। ইতিহাসবিদ ফিৰিষ্টাৰ মতে, কৰ্ণ দেৱ দ্বিতীয়ক তেওঁৰ আশ্ৰয়প্ৰদানকাৰী ৰামচন্দ্ৰ দেৱে তেওঁৰ পুত্ৰ আৰু উত্তৰাধিকাৰ শশাংক দেৱৰ সৈতে বিয়া পাতি দিবলৈ পৰামৰ্শ দিয়ে। কিন্তু জাতিগত কাৰণত কৰণ দেৱ দ্বিতীয়ই এই প্ৰস্তাৱ মানি ল’বলৈ টান পাইছিল।[5] কিন্তু ইতিমধ্যে দিল্লীৰ আক্ৰমণকাৰীসকল আহি দেওগিৰি পোৱাত আৰু আক্ৰমণকাৰীৰ লক্ষ্য দেৱল দেৱী বুলি জানি কৰ্ণ দেৱ দেৱল দেৱীক ৰাজকুমাৰ শশাংকলৈ বিয়া দিবলৈ সন্মত হ’ল। দেৱল দেৱীক সাজসজ্জা কৰাই, পালকি বহুৱাই সশস্ত্ৰ বাহিনীৰ পহৰাৰ মাজেৰে দেওগিৰি দুৰ্গলৈ পঠিয়াই দিয়া হ’ল। কিন্তু দুৰ্গ পোৱাৰ পূৰ্বেই চুলতানৰ সৈন্যই দেৱল দেৱীক কৰায়ত্ব কৰে। নিজামউদ্দিন আৰু আব্দুল কাদিৰ বদাউনিৰ মতে সৈন্য দলটোৰ নেতৃত্বত উলুঘ খান নিজে আছিল।[2] দেৱলক দিল্লীলৈ পঠিয়াই দিয়া হ’ল, য’ত তেওঁ শৈশৱতে বিচ্ছিন্ন হোৱা মাকক লগ পায়। তাৰ কিছুদিন পিছতে মাকৰ ইচ্ছা অনুসৰি আলাউদ্দিনৰ বৰপুত্ৰ, কমলা দেৱীৰ সতীয়া পুত্ৰ খিজিৰ খানৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়।[6]

১৩১৬ চনত আলাউদ্দিনৰ মৃত্যুৰ পিছত তেওঁৰ তৃতীয় পুত্ৰই কুতুবুদ্দিন মুবাৰক শ্বাহ সিংহাসনত আৰোহণ কৰে।[7] মুবাৰক শ্বাহৰ ৰাজত্বকালত তেওঁক হত্যা কৰি খিজিৰ খানৰ এজন পুত্ৰক সিংহাসনত বহুৱাবলৈ ষড়যন্ত্ৰ কৰা হয়। যেতিয়া মুবাৰক শ্বাহে এই পৰিকল্পনাৰ বিষয়ে গম পালে, তেতিয়া তেওঁৰ ভাতৃ খিজিৰ খানকে ধৰি এই ষড়যন্ত্ৰৰ লগত জড়িত সকলোকে হত্যা কৰে। ইতিহাসবিদ হাজী-উদ-দাবিৰে লিখিছে যে তাৰ পিছত মুবাৰক শ্বাহে দেৱল দেৱীক বলপূৰ্বকভাৱে বিয়া কৰায়।[8][9]

মুবাৰক শ্বাহ উভকামী আছিল আৰু ১৩২০ চনৰ ১৪ এপ্ৰিলৰ নিশা তেওঁৰ প্ৰিয় যৌনসংগী (catamite) খুছৰো খানে তেওঁক হত্যা কৰে।[5] সমসাময়িক ইতিহাসবিদ জিয়াউদ্দিন বাৰাণীয়ে লিখিছে যে তাৰ পিছত খুছৰো খানে দেৱল দেৱীক বিয়া কৰায় আৰু এইদৰে তেওঁৰ তৃতীয় স্বামী হয়।[10][6]

কৰণ ঘেলো গ্ৰন্থখনৰ মতে দেৱলৰ তৃতীয় বিবাহ তেওঁৰ বাবে গ্ৰহণযোগ্য আছিল। কাৰণ খুছৰো খানেও ৰাজপুত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু সৰু অৱস্থাতে তেওঁক ‘নায়েব-ই-খাচ-ই-হাজিব’ মালিক শাদীয়ে বন্দী কৰি দিল্লীলৈ আহিছিল। মালিক শাদীয়ে তেওঁ মুছলমান হিচাপে ডাঙৰ-দীঘল কৰিছিল। পিছলৈ সুন্দৰ চেহেৰাৰ বাবে তেওঁ মুবাৰক শ্বাহৰ অনুগ্ৰহ লাভ কৰিছিল। ঐতিহাসিক বাৰাণীয়ে এই কথা সমৰ্থন কৰিছে। কিন্তু মাত্ৰ পাঁচ মাহৰ ৰাজত্বৰ অন্তত গিয়াছ আল-দিন তোঘলকে খুছৰো খানক পৰাস্ত কৰি মৃত্যুদণ্ড দিয়ে। ১৩২০ চনৰ ছেপ্টেম্বৰ মাহত এই ঘটনা ঘটিছিল। তাৰ পিছত দেৱল দেৱীৰ ভাগ্যৰ বিষয়ে ঐতিহাসিক উৎসসমূহে নিমাত হৈ আছে। অৱশ্যে কৰণ ঘেলোত লিখা হৈছে যে খুছৰো খানৰ মৃত্যুৰ পিছত দেৱল দেৱীয়েও বিষ পান কৰি আত্মহত্যা কৰে। অৱশ্যে মন কৰিবলগীয়া কথা যে কৰণ ঘেলো কোনো ঐতিহাসিক গ্ৰন্থ নহয়।

তথ্য উৎস[সম্পাদনা কৰক]

  1. Jayapalan, N. (2001). History of India. Atlantic Publishers & Distri. পৃষ্ঠা. 24. ISBN 978-81-7156-928-1. https://books.google.com/books?id=6L6avTlqJNYC&pg=PA24. 
  2. 2.0 2.1 Niazi, Ghulam Sarwar Khan (1992). The Life and Works of Sultan Alauddin Khalji. Atlantic Publishers & Dist. পৃষ্ঠা. 169. ISBN 978-81-7156-362-3. https://books.google.com/books?id=nbZgnqfXjnQC&pg=PA169. 
  3. Chandra, Satish (2004). Medieval India: From Sultanat to the Mughals-Delhi Sultanat (1206–1526) – Part One. Har-Anand Publications. পৃষ্ঠা. 92. ISBN 978-81-241-1064-5. https://books.google.com/books?id=L5eFzeyjBTQC&pg=PA92. 
  4. Mahajan, Vidya Dhar (1965). Muslim Rule in India. Sultan Chand. https://books.google.com/books?id=sLo9AAAAMAAJ. 
  5. 5.0 5.1 Houtsma, M. Th. (1993). E. J. Brill's First Encyclopaedia of Islam, 1913–1936. BRILL. পৃষ্ঠা. 1168. ISBN 90-04-09790-2. https://books.google.com/books?id=7CP7fYghBFQC&pg=PA1168. 
  6. 6.0 6.1 Chaurasia, Radhey Shyam (2002). History of Medieval India: From 1000 A.D. to 1707 A.D.. Atlantic Publishers & Dist. পৃষ্ঠা. 46. ISBN 978-81-269-0123-4. https://books.google.com/books?id=8XnaL7zPXPUC&pg=PA46. 
  7. Mukherji, Aban; Vatsal, Tulsi (25 October 2015). "'Karan Ghelo': Translating a Gujarati classic of love and passion, revenge and remorse". Scroll.in. http://scroll.in/article/764549/karan-ghelo-translating-a-gujarati-classic-of-love-and-passion-revenge-and-remorse। আহৰণ কৰা হৈছে: 14 April 2017. 
  8. "The Padmavat affair". The Hindu. 12 February 2017. http://www.thehindu.com/society/history-and-culture/The-%E2%80%98Padmavat-affair%E2%80%99/article17289175.ece. 
  9. Buy Deval Devi : eak etihasik Upnyas Book Online. ASIN 8190786644. 
  10. Mahajan 2015, পৃষ্ঠা. 154.

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]