সমললৈ যাওক

দোহাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দোহাৰ

কালিকাপ্ৰসাদ ভট্টাচাৰ্য, দোহাৰৰ প্ৰতিষ্ঠাতা তেওঁলোকৰ এক লোকসঙ্গীতৰ কনচাৰ্টত
প্ৰাথমিক তথ্য
মূল কোলকাতা, পশ্চিমবংগ, ভাৰত
সংগীতৰ প্ৰকাৰ বাংলা লোক-সংগীত
কাৰ্যকাল ৭ আগষ্ট ১৯৯৯ - বৰ্তমান
ৰেকৰ্ড লেবেল কনকৰ্ড মিউজিক, চনি মিউজিক, সাৰে‍গামা এইচএমভি, অৰি‍য়ন এণ্টাৰটেইনমেণ্ট, পিকাছো এণ্টাৰটেইনমেণ্ট
ৱেবছাইট http://www.doharfolk.com/
সদস্য
ৰাজীৱ দাস (দলনেতা), ঋত্বিক গুছাইত, মৃগনাভি চট্টোপাধ্যায়, সত্যজিৎ সৰকাৰ, নিৰঞ্জন হালদাৰ, অমিত শূৰ, সুদীপ্ত চক্ৰৱৰ্তী
পূৰ্বৰ সদস্য
কালিকাপ্ৰসাদ ভট্টাচাৰ্য


দোহাৰ ভাৰতৰ এটি লোকসঙ্গীতৰ দল; যাৰ মূলকেন্দ্ৰ কলকাতাত। কেৱল ভাৰতৰ পশ্চিমবঙ্গতে‍ নহয়, বাংলাদেশতো এই দলটি অতি জনপ্ৰিয়। [1]

এই গানৰ দলটোৰ নামকৰণ কৰে‍ দলটোৰ সদস্যসকলৰ বিশ্ববিদ্যালয়ৰ শিক্ষক অভিক মজুমদাৰে। যিহেতু দলৰ সদস্যসকলৰ সকলোৱে একেলগে গীত পৰ‍িৱেশন কৰে‍, আৰু তেওঁলোকৰ কোনোৱেই পৰম্পৰাগত লোকসঙ্গীতৰ শিল্পী নহয়, সেয়েহে তেওঁ দোহাৰ নামটোৱেই উপযুক্ত বুলি অনুভৱ কৰিছিল।

যাত্ৰাপথ

[সম্পাদনা কৰক]

১৯৯৯ চনত এক সংগীতৰ অনুষ্ঠান আয়োজনৰ যোগেদি দোহাৰৰ যাত্ৰা আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত সুপ্ৰভাত নামৰ এটি‍ গীতৰ অনুষ্ঠানৰ পৰা তেওঁলোকলৈ আমন্ত্ৰণ আহে‍। তাত গীত পৰিৱে‍শন কৰাৰ পিছতেই কেছেট কোম্পানীৰ পৰা আমন্ত্ৰণ আহে‍। হাছান ৰাজা, শ্বাহ আব্দুল কৰিম, শীতলাং শ্বাহকে ধৰি বিভিন্ন বাউলৰ মুঠ ৯টা গীতেৰে‍ ২০০১ চনত দোহাৰৰ প্ৰথম এলবাম "বন্ধুৰ দেশে" মুক্তি লাভ। [1]

Team DOHAR - a group of folk musicians
দল দোহাৰ - লোকসঙ্গীত শিল্পীৰ এটা দল

দলৰ সদস্যসকল

[সম্পাদনা কৰক]

মুক্তিপ্ৰাপ্ত এলবাম

[সম্পাদনা কৰক]
  • বন্ধুৰ দেশে (মুক্তি - ২০০১)
  • বাংলাৰ গান শিকড়েৰ টান (মুক্তি - ২০০২)
  • ৰূপসাগৰে‍ (মুক্তি - ২০০৪)
  • বাংলা (মুক্তি - ২০০৬)
  • লোকগান ২০০৭
  • মাটিশ্বৰ (মুক্তি - ২০০৯)
  • মাটিৰ কেল্লা - ভিডিঅ' এলবাম (মুক্তি - ২০১১)
  • সহস্ৰ দোতাৰা (মুক্তি - ২০১২) [বাংলাদেশৰ পৰা মুক্তি লাভ]।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "দোহাৰ সম্পৰ্কে". Archived from the original on ১৮ জানুয়াৰি ২০১৪. https://web.archive.org/web/20140118080215/http://doharfolk.com/aboutus.html। আহৰণ কৰা হৈছে: ২৯ অক্টোবৰ ২০১৩. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]