সমললৈ যাওক

দোৰোণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দোৰোণ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
বৰ্গ: Lamiales
পৰিয়াল: Lamiaceae
গণ: Leucas
প্ৰজাতি: L. aspera
বৈজ্ঞানিক নাম
Leucas aspera
Leucas aspera in Kerala

দোৰোণ এবিধ লেমিয়াছি (Lamiaceae ) গোত্ৰৰ 'লিউকাছ" (Leucas) জাতিৰ অন্তৰ্গত তৃণজাতীয় উদ্ভিদ। ইয়াক ঠাইবিশেষে বিভিন্ন নামেৰে জনা যায়, যদিও অসমত ই দোৰোণ শাক বা দ্ৰোণ শাক বুলিয়ে জনাজাত। ভাৰতবৰ্ষৰ সকলো অ‌ঞ্চলতে উপলব্ধ এইবিধ তৃণজাত উদ্ভিদৰ বিভিন্ন ধৰণৰ বনৌষধি গুণ আছে আৰু কৃষিকাৰ্য্যৰ সহায়ক হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়।[1]

ইয়াৰ দুটা প্ৰজাতি - Leucas aspera Linn. আৰু Leucas linifolia Linn. অসমত খাদ‍্য হিচাবে ব‍্যৱহাৰ হয়। এই উদ্ভিদৰ পাত সমূহ পৰিস্কাৰ কৰি ভাপত সিজাই বা কম মিঠাতেলত নহৰুৰ লগত ভাজি খোৱা হয়।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Archived 2018-06-02 at the Wayback Machine, Prajapati MS, Patel JB, Modi K, Shah MB.
  2. অসমৰ গছ-গছনি - শ্ৰী আনন্দ দত্ত।